ETV Bharat / sports

পেৰিছ পেৰালিম্পিকত পদক বিজয়ীক কিহৰ বাবে দিয়া হৈছে ৰঙা টুপী - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 11:26 AM IST

Paris Paralympics red cap: পেৰিছ পেৰালিম্পিক 2024 ত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈসকলক পদকৰ সৈতে দিয়া হৈছে এক বিশেষ ধৰণৰ ৰঙা টুপী ৷ ইয়াৰ কাৰণ জানেনে ? যদিহে আপুনি এই বিষয়ে অজ্ঞাত, তেন্তে জানিবলৈ চাওক এই প্ৰতিবেদন ৷

PARIS PARALYMPICS 2024
পেৰিছ পেৰালিম্পিক 2024 (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: পেৰিছ পেৰালিম্পিকত যিসকল খেলুৱৈয়ে পদক অৰ্জন কৰিছে, প্ৰতিগৰাকীকে প্ৰদান কৰা হৈছে একোটা ৰঙা ৰঙৰ বিশেষ টুপী ৷ পদকৰ লগতে আগবঢ়োৱা এই টুপীবিধক নামাংকিত কৰা হৈছে ফ্ৰিজ নামেৰে ৷ ঐতিহাসিক গুৰুত্বৰে সমৃদ্ধ এই পৰম্পৰাই অনুষ্ঠানবোৰক প্ৰদান কৰে এক অৰ্থ ৷ ৰঙা টুপী আৰু ইয়াৰ গুৰুত্বৰ আঁৰত আছে অন্য এক কাহিনী ৷

স্বাধীনতাৰ প্ৰতীক

ফ্ৰিজিয়ান টুপী নামেৰে জনাজাত ৰঙা টুপীটোৰ ফ্ৰান্সৰ সৈতে আছে বিশেষ সম্পৰ্ক ৷ ফৰাচী বিপ্লৱৰ সময়ত ৰঙা ৰঙৰ এই ফ্ৰিজিয়ান টুপীটো হৈ পৰিছিল স্বাধীনতাৰ প্ৰতীক । স্বাধীনতা আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ চিহ্ন হিচাপে ফৰাচী বিপ্লৱীসকলে ইয়াক পৰিধান কৰিছিল ৷

ফ্ৰিজিয়া: দ্য পেৰালিম্পিক মাস্কট

এই ঐতিহাসিক প্ৰতীকটোক সন্মান জনোৱাৰ অৰ্থে পেৰালিম্পিক খেলুৱৈসকলক পদকৰ সৈতে প্ৰদান কৰা হৈছে ফ্ৰিজ নামৰ এটা শুভংকৰ ৷ ফ্ৰান্সৰ লা গুয়েৰ্চে-ডি-ব্ৰেটাগ্নেৰ ডুডৌ এণ্ড কোম্পানীৰ দ্বাৰা ডিজাইন কৰা হৈছে এই ফ্ৰিজিয়ান টুপীৰ । প্ৰতিটো শুভংকৰৰ কেন্দ্ৰত পদকৰ চিহ্ন আৰু খেলুৱৈজনৰ কৃতিত্বৰ সৈতে সম্পৰ্কিত ৰঙেৰে সজ্জিত কৰা হৈছে । ফ্ৰিজৰ পিছফালে ব্ৰেইলত উল্লেখিত "ব্ৰাভো" ই প্ৰদৰ্শন কৰে অন্তৰ্ভুক্তি আৰু স্বীকৃতিৰ উদযাপন ৷

আধুনিকতাৰ সৈতে পৰম্পৰাৰ সংযোজন

যদিও ফ্ৰিজৰ ডিজাইন সামঞ্জস্যপূৰ্ণ, তথাপিও এই ঐতিহাসিক শ্ৰদ্ধাঞ্জলিত আধুনিকীকৰণ সংযোগ কৰি প্ৰদান কৰা সোণ, ৰূপ বা ব্ৰঞ্জৰ পদকৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি সামান্য তাৰতম্য ঘটোৱা হৈছে । ফ্ৰিজিয়ান টুপীৰ পৰম্পৰাই খেলুৱৈসকলৰ সফলতা আৰু ফ্ৰান্সৰ সমৃদ্ধ, সাংস্কৃতিক, ঐতিহ্যক সন্মান জনোৱাত সহায় কৰে ৷

ভাৰতীয় খেলুৱৈসকলৰ সফলতাক উদযাপন

28 আগষ্টৰ পৰা আৰম্ভ হোৱা আৰু 8 ছেপ্টেম্বৰত সমাপ্তি ঘটিবলগীয়া পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে । দেশখনে বৰ্তমানলৈকে 25 টা পদক লাভ কৰিছে, য’ত আছে 5 টা সোণ, 9 টা ৰূপ আৰু 11 টা ব্ৰঞ্জৰ পদক ৷

লগতে পঢ়ক: পেৰালিম্পিকৰ সামৰণি অনুষ্ঠান: প্ৰীতি পাল আৰু হৰবিন্দৰ সিঙক ধ্বজাবাহকৰ দায়িত্ব - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.