ETV Bharat / sports

কিহৰ বাবে হঠাতে মাংস এৰাৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে ? - VIRAT KOHLI

Virat Kohli fitness diet: আপুনি মাংস খাই কিমান ভালপায় ? কেতিয়াবা খাদ্য তালিকাৰ পৰা মাংস বাদ দিয়াৰ কথা কল্পনা কৰি পাইছেনে ?

VIRAT KOHLI
বিৰাট কোহলী (virat instagram)
author img

By ETV Bharat Sports Team

Published : Oct 25, 2024, 6:55 PM IST

স্প’ৰ্টছ ডেস্ক: সকলো লোকৰ অতিকৈ প্ৰিয় এবিধ খাদ্য হৈছে মাংস ৷ সৰুৰ পৰা ডাঙৰলৈকে মাংস বেয়া পোৱা লোক হয়তো খুব কমেই ওলাব অথবা নোলাবই ৷ পিছে কেতিয়াবা খাদ্য় তালিকাৰ পৰা মাংস বাদ দিয়াৰ কথা ভাবি চাইছেনে ? হয়তো এয়া আপোনাৰ পক্ষে সম্ভৱ নহ’ব ৷

টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা সোঁহতীয়া তাৰকা বেটছমেন বিৰাট কোহলী ডাঙৰ-দীঘল হৈছিল দিল্লীৰ এটা পাঞ্জাৱী পৰিয়ালত ৷ যি পৰিয়ালত দিনে-নিশাই চলিছিল ৰাজ পৰিয়ালৰ দৰে আতিথ্য ৷ বিশেষকৈ আমিষ ভোজনে অধিক স্থান লাভ কৰিছিল পৰিয়ালটোৰ খাদ্য তালিকাত ৷

VIRAT KOHLI
বিৰাট কোহলী (IANS Photo)

আনকি 2013 চনত ফিটনেছৰ ওপৰত অধিক গুৰুত্ব দিয়া বিৰাট কোহলীয়ে গ্ৰিল কৰা মাছৰ দৰে আমিষ খাদ্য গ্ৰহণ কৰিছিল । কিন্তু 2018 ত সংঘটিত এটি ঘটনাই কোহলীৰ খাদ্যাভ্যাস সদায়ৰ বাবে সলনি কৰিবলৈ বাধ্য কৰিছিল ।

বিৰাট কোহলীয়ে কিহৰ বাবে মাংস খাবলৈ এৰি দিছিল ?

2018 চনত দক্ষিণ আফ্ৰিকাত এখন টেষ্ট মেচৰ সময়ত বিৰাট কোহলীয়ে সাংঘাতিক পিঠিৰ বিষত ভুগিছিল । ক্ৰিকেটাৰগৰাকীৰ ৰাজহাঁড়ৰ গ্ৰীৱাৰ ডিস্কটো সামান্য লৰচৰ হৈছিল, যাৰ ফলত স্নায়ুৰ ওপৰত চাপ অনুভৱ হৈছিল ৷

VIRAT KOHLI
বিৰাট কোহলী (IANS Photo)

ইয়াৰ ফলত খেলুৱৈগৰাকীৰ সোঁহাতৰ কেঞা আঙুলিত যথেষ্ট বিষ আৰু জিনজিননিৰ সমস্যাই দেখা দিছিল ৷ হাতত হোৱা বিষৰ বাবে কোহলীয়ে ভালদৰে শুব পৰা নাছিল আৰু চিকিৎসকৰ কাষ চাপিবলৈ বাধ্য় হৈছিল ৷

চিকিৎসকে কোহলীৰ শৰীৰত অত্যাধিক ইউৰিক এচিডৰ উপস্থিতি ধৰা পেলায় ৷ যাৰ বাবে ক্ৰিকেটাৰগৰাকীৰ শৰীৰত অভাৱ ঘটিছিল কেলছিয়ামৰ । কেলছিয়ামৰ অভাৱে ক্ৰিকেটাৰগৰাকীৰ হাড়বোৰ দুৰ্বল কৰি পেলাইছিল ।

VIRAT KOHLI
খেলপথাৰত বিৰাট কোহলী (Getty Images)

এই ঘটনাৰ পিছতে বিৰাট কোহলীয়ে নিজৰ খাদ্যাভ্যাস সলনি কৰিছিল ৷ তেতিয়াৰে পৰা তেওঁ সম্পূৰ্ণৰূপে আমিষ আহাৰ বাদ দি নিৰামিষ আহাৰক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি লয় ৷

6 বছৰ পূৰ্বে হৈ পৰিছিল নিৰামিষ ভোজনকাৰী

কেভিন পিটাৰছনৰ সৈতে এক ইনষ্টাগ্ৰাম লাইভৰ সাক্ষাৎকাৰত কোহলীয়ে কৈছিল যে, তেওঁ 2018 চনত ইংলেণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে নিৰামিষ ভোজনকাৰীলৈ ৰূপান্তৰিত হৈছিল ।

VIRAT KOHLI
বিৰাটৰ ফিটনেছ (virat instagram)

ক্ৰিকেটাৰগৰাকীয়ে মাংস খোৱা বন্ধ কৰিছিল, কিয়নো ইয়াৰ দ্বাৰা তেওঁ শাৰিৰীক সমস্যাসমূহ নাইকীয়া কৰি শাৰিৰীক অৱস্থা উন্নত কৰিব বিচাৰিছিল । কোহলীয়ে এই সিদ্ধান্তক জীৱনৰ সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপেও বৰ্ণনা কৰিছে ।

নিৰামিষ ভোজন গ্ৰহণ কৰাৰ পিছত বিৰাটে কেনেকৈ বজাই ৰাখিছিল ফিটনেছ ?

নিৰামিষ আহাৰ গ্ৰহণৰ সিদ্ধান্তৰ পিছত কোহলীৰ ফিটনেছৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল । বিপৰীতে ক্ৰিকেটাৰগৰাকী খাদ্যগ্ৰহণ সম্পৰ্কত অধিক সচেতন হৈ পৰিছিল ৷ কোহলীৰ খাদ্য তালিকাত যাতে পুষ্টি সমৃদ্ধ থাকে, সেই বিষয়ত তেওঁ অধিক গুৰুত্ব প্ৰদান কৰিছিল ।

VIRAT KOHLI
পত্নীৰ সৈতে শেহতীয়া কৰৱাচৌথৰ ব্ৰতৰ সময়ত বিৰাট (IANS Photo)

ভিটামিন আৰু শস্য আধাৰিত প্ৰ'টিনৰ উৎস ব্যৱহাৰ কৰি কোহলীয়ে খেলপথাৰত তেওঁৰ শক্তি আৰু ফিটনেছ বজাই ৰাখিবলৈ অতি কঠোৰভাৱে খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰে ।

নিৰামিষ আহাৰে বিৰাটৰ খেলত প্ৰভাৱ পেলাইছে নেকি ?

বিৰাটৰ সমগ্ৰ ক্ৰিকেট কেৰিয়াৰত যিমান সম্ভৱ ফিট হৈ থকাৰ সংকল্প তেওঁৰ নিৰামিষ খাদ্যাভ্যাস গ্ৰহণ কৰাৰ পছন্দৰ দ্বাৰাও প্ৰদৰ্শিত হয় । এক সন্তুলিত সুষম আহাৰে উচ্চস্তৰৰ এথলেটিক প্ৰদৰ্শনত সহায় কৰে ৷ বিৰাট কোহলীয়ে সমগ্ৰ বিশ্বৰ খেলুৱৈ আৰু ফিটনেছ উৎসাহীসকলক অনুপ্ৰাণিত কৰি আহিছে ।

VIRAT KOHLI
বিৰাট কোহলী (IANS Photo)

আজি কোহলী বিশ্বৰ আটাইতকৈ উপযুক্ত খেলুৱৈসকলৰ মাজৰ এজন ৷ তেওঁৰ নিৰামিষ আহাৰ গ্ৰহণে এই সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শেহতীয়া বছৰবোৰত এক কঠিন সময় পাৰ কৰি অহা খেলুৱৈগৰাকীৰ বাবে 2024 চনটো ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বৰ বিশেষ সফল হোৱা পৰিলক্ষিত নহ’ল ৷

লগতে পঢ়ক: 1 ৰাণত 8 টাকৈ উইকেট; ক্ৰিকেট ইতিহাসত পূৰ্বে নোহোৱা-নোপোজা ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.