ETV Bharat / sports

এছ জিৰ পৰা কুকাবুৰালৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কিহৰ বাবে ব্যৱহাৰ কৰে ভিন্ন প্ৰকাৰৰ বল - INTERNATIONAL CRICKET BALLS

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Test cricket balls: সাধাৰণতে স্পিনাৰৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা পিটচৰ বাবেই ঘৰুৱা ক্ৰিকেটত দেখা যায় ভাৰতীয় ক্ৰিকেট দলৰ আধিপত্য ৷ বিপৰীতে অষ্ট্ৰেলিয়াই বাউন্সী পিটচ আৰু ইংলেণ্ডে ঘৰুৱা ক্ৰিকেটত সেউজীয়া পিটচ ব্যৱহাৰত অধিক গুৰুত্ব দিয়ে ৷ পিটচৰ নিচিনাকৈ এখন ক্ৰিকেট মেচত বলেও গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ বিভিন্ন দেশে ক্ৰিকেট মেচৰ সময়ত ব্যৱহাৰ কৰে ভিন ভিন বল ৷ সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

INTERNATIONAL CRICKET BALLS
যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামী (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: ঘৰুৱা খেলপথাৰত ষ্পষ্টকৈ পৰিলক্ষিত হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ আধিপত্য ৷ 2012 চনৰ পিছত ঘৰুৱা ক্ৰিকেটত কোনো টেষ্ট শৃংখলাত পৰাজিত হোৱা নাই টীম ইণ্ডিয়া ।

ক্ৰিকেট পণ্ডিত আৰু বিশেষজ্ঞসকলে দলটোৰ সফলতাক স্পিন-ফ্ৰেণ্ডলী ট্ৰেকৰ সৈতে সংযোজিক কৰে যদিও এইক্ষেত্ৰত আছে এছ জি টেষ্ট বলৰ গুৰুত্বপূৰ্ণ ভূমিকা ৷ টীম ইণ্ডিয়াৰ সৈতে টেষ্টত মুখামুখি হোৱা ভ্ৰমণকাৰী দেশসমূহে এই বলৰ সৈতে কিহৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়, সেই কথা প্ৰায়ে আওকাণ কৰা যায় ।

ক্ৰিকেটৰ কোনো এখন মেচত খেলপথাৰৰ প্ৰকৃতি, পিটচ আৰু বতৰে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায় । একেদৰে ক্ৰিকেট মেচত বিশেষকৈ টেষ্টত ব্যৱহৃত চামৰাৰ বলটোৱেও দলৰ জয়-পৰাজয়ত বৃহৎ ভূমিকা পালন কৰে । সেয়েহে আয়োজক দেশসমূহে ঘৰুৱা পৰিস্থিতিত নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰে এই বিশেষ বল ।

বিভিন্ন দেশত বিশেষকৈ ঐতিহাসিক কাৰণ, নিৰ্মাতা, ঘৰুৱা পিটচ আৰু খেলাৰ শৈলীৰ সৈতে খাপ খোৱাকৈ ব্যৱহাৰ কৰা হয় বিভিন্ন কোম্পানীৰ বল । সমগ্ৰ বিশ্বৰ মেচৰ বাবে কোনো বিশেষ কোম্পানীৰ বল ব্যৱহাৰ কৰাটো বাধ্যতামূলক নহয়, তেনেক্ষেত্ৰত নাই কোনো কঠোৰ নিয়ম ৷

কিন্তু বছৰ বছৰ ধৰি কিছুমান নিয়ম প্ৰৱৰ্তন আৰু পৰিৱৰ্তন কৰা হৈছে ৷ বিশেষকৈ টেষ্ট ক্ৰিকেটত এই পৰিৱৰ্তন হোৱা দেখা যায়, য’ত আয়োজক দেশৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰকাৰৰ বল খেলত ব্যৱহাৰ কৰা হয় ।

ক্ৰিকেট বল প্ৰস্তুতৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি-নিৰ্দেশনা ?

ক্ৰিকেট আইনৰ নীতি 4.1 অনুসৰি এটা নতুন বলৰ ওজন 155.9 গ্ৰামৰ পৰা 163 গ্ৰামৰ ভিতৰত হ'ব লাগিব ৷ সমান্তৰালকৈ ইয়াৰ পৰিধি থাকিব লাগিব 22.4 চেণ্টিমিটাৰৰ পৰা 22.9 চেণ্টিমিটাৰৰ ভিতৰত ৷ এনে কিছু কঠোৰ নিয়মাৱলীৰ মাজেৰেই প্ৰস্তুত কৰা হয় ক্ৰিকেট বল ৷ যি সদায়ে ক্ৰিকেট মেচৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে ৷

ক্ৰিকেটত ব্যৱহৃত তিনি প্ৰকাৰৰ বল মূলতঃ তিনিটা ক্ৰিকেট বল কোম্পানীয়ে প্ৰস্তুত কৰে ৷ সেয়া হৈছে বৃটেইনত ডিউকচ, ভাৰতত এছ জি আৰু অষ্ট্ৰেলিয়াত কুকাবুৰা ।

ক্ৰিকেটত ব্যৱহৃত মুখ্য ক্ৰিকেট বলৰ ইতিহাস আৰু বিভিন্ন দেশত সেইবোৰৰ ব্যৱহাৰৰ কাৰণ:

  • এছ জি বল: এছ জি বলৰ চিম সাধাৰণতে বহল, যাৰ বাবে কমেও 40-50 অভাৰলৈ সুকলমে এই বলৰ সৈতে মেচ খেলিব পৰা যায় ৷ ভাৰতৰ খৰাং পৰিস্থিতিৰ বাবে বলৰ উজ্জ্বলতা নিচেই কম সময়তে হ্ৰাস পায় যদিও 40 অভাৰৰ খেলৰ পিছত বলাৰসকলে ৰিভাৰ্ছ ছুইঙত সহায় লাভ কৰে ৷ সেয়েহে চিমবোৰ ওপৰলৈ তুলিব লাগে । এই বলৰ সৈতে ডিউকচ আৰু কুকাবুৰাৰ দৰে আন বলৰ মিল নাথাকে । বিশেষকৈ এছ জি 1931 চনত শিয়ালকোটত ভাতৃদ্বয় কেদাৰনাথ আৰু দ্বাৰকানাথে প্ৰস্তুত কৰা গ্ৰীণলেণ্ড বলক জনপ্ৰিয়ভাৱে জনা যায় ছান্সপ্ৰিলছ হিচাপে । স্বাধীনতাৰ পিছত এই বল নিৰ্মাণৰ ঘাটি মিৰাটলৈ স্থানান্তৰিত হয় । 1991 চনত বি চি চি আইয়ে এছ জি বল টেষ্ট মেচত ব্যৱহাৰৰ বাবে অনুমোদন জনায় ।
  • ডিউকচ বল: ডিউকচ বল আন্তৰ্জাতিক ক্ৰিকেটত ব্যৱহৃত সকলো বলৰ ভিতৰত আটাইতকৈ পুৰণি আৰু আনবোৰতকৈ গাঢ় ৰঙৰ । এই বলটো সম্পূৰ্ণৰূপে হাতেৰে তৈয়াৰ কৰা হয় আৰু ইয়াক দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰিব পৰা যায় । ইংলেণ্ডৰ পৰিস্থিতিত ডিউকচ বল আটাইতকৈ বেছি প্ৰচলিত, য’ত গ্ৰীষ্মকালতো তাপমাত্ৰা প্ৰায় 20-25 ডিগ্ৰী চেলচিয়াছলৈ নামে ৷ যুক্তিসংগতভাৱে এই বলৰ পৰা সৰ্বাধিক সহায় লাভ কৰা শ্ৰেষ্ঠ ইংলিছ পেচাৰ দুগৰাকী হৈছে ক্ৰমে জেমছ এণ্ডাৰছন আৰু ষ্টুৱাৰ্ট ব্ৰড, যিয়ে ক্ৰিকেটৰ দীৰ্ঘতম ফৰ্মেটত 1300 তকৈও অধিক উইকেট দখল কৰিছে ৷ সকলো ধৰণৰ মেচত মাত্ৰ দুখন দেশেহে এই বলটো ব্যৱহাৰ কৰে অৰ্থাৎ ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ । এই বলটো পোনপ্ৰথমবাৰৰ বাবে বৃটেইনৰ টনব্ৰিজত 1760 চনত প্ৰস্তুত কৰা হৈছিল ৷
  • কুকাবুৰা বল: অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডে 1946/47 চনৰ এছেছ ছিৰিজৰ সময়ত বিশ্ব ক্ৰিকেটত কুকাবুৰা বলৰ প্ৰৱৰ্তন কৰে । কুকাবুৰা সম্পূৰ্ণৰূপে যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা হয় আৰু আনৰ তুলনাত ইয়াৰ চিমবোৰ কম উখহি উঠা ৷ সেয়েহে ই ডিউকচৰ ক্ৰিকেট বলৰ দৰে দোল খাব নোৱাৰে । এই বলটোৱে ফাষ্ট বলাৰসকলক 30 অভাৰলৈ বলিং কৰাত সহায় কৰে আৰু দীৰ্ঘসময় ধৰি কঠিন হৈ থাকে । আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, পাকিস্তান, শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকা হৈছে কুকাবুৰা বলৰ প্ৰধান ব্যৱহাৰকাৰী । 1890 চনত প্ৰস্তুত কৰা কুকাবুৰা বল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নম্বৰ বল নিৰ্মাতা হিচাপে পৰিচিত । বিগত 128 বছৰ ধৰি ক্ৰিকেটৰ আনুষংগিক সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে কোম্পানীটোৱে কাম কৰি আহিছে । ইয়াৰ কাৰখানাটো মেলব’ৰ্ণত অৱস্থিত ৷ য’ত অত্যাধুনিক সা-সুবিধা ব্যৱহাৰ কৰাৰ লগতে কিছুমান উন্নতমানৰ কেঁচামাল ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক: খেলৰ মাজত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰসকল: কোনে হেৰুৱালে প্ৰাণ, কোনে জনালে ক্ৰিকেটক চিৰবিদায় - CRITICAL INJURIES IN FIELD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.