ETV Bharat / sports

ভাৰতীয় ড্ৰেছিং ৰূমত পুনৰ বঁটা প্ৰদানৰ ৰীতি : আয়াৰলেণ্ডৰ বিৰুদ্ধে শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান মহম্মদ চিৰাজলৈ - T20 world cup 204 - T20 WORLD CUP 204

Best Fielder Medal to Md Siraj : ভাৰতীয় ড্ৰেছিং ৰূমলৈ ফিল্ডিং পদক প্ৰদানৰ ৰীতি পুনৰ ঘূৰি আহিছে । চলিত টি-২০ বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচৰ পিচত পেচাৰ মহম্মদ চিৰাজে প্ৰথম শ্ৰেষ্ঠ ফিল্ডাৰৰ পদক অৰ্জন কৰে । তেওঁৰ এক সঠিক থ্ৰ'ৰে বেটাৰ গেৰেথ ডেলানিক আউট কৰোৱাৰ বাবে এই পদক প্ৰদান কৰা হয় ।

Best Fielder Medal to Md Siraj
মহম্মদ চিৰাজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 7:11 PM IST

স্পৰ্টছ ডেস্ক, ৬ জুন : ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় ড্ৰেছিং ৰূমত প্ৰৱৰ্তন কৰা বিখ্যাত শ্ৰেষ্ঠ ফিল্ডাৰ বঁটা এইবাৰ পুনৰ ঘূৰি আহিছে টি-২০ বিশ্বকাপত । পেচাৰ মহম্মদ চিৰাজে শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা লাভ কৰে । বৃহস্পতিবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰথমখন মেচত জয়লাভৰ পিচত ভাৰতীয় দল ব্যৱস্থাপনাই চিৰাজক এই বঁটা প্ৰদান কৰে । উদীয়মান পেচাৰজনক তেওঁৰ উচ্চ পৰ্যায়ৰ ফিল্ডিং প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰা হয় আৰু বিশেষ অতিথিৰ দ্বাৰা তেওঁক পদক প্ৰদান কৰা হয় ।

চিৰাজে খেলপথাৰত উল্লেখযোগ্য প্ৰদৰ্শন দাঙি ধৰে । আনহাতে, ভাৰতীয় ফিল্ডিং প্ৰশিক্ষক টি দিলীপে ড্ৰেছিং ৰুমত আয়োজিত এক অনুষ্ঠানত তেওঁক শ্ৰেষ্ঠ ফিল্ডাৰৰ মেডেল প্ৰদান কৰে ।

সোঁহতীয়া নিৰ্ভৰযোগ্য পেচাৰগৰাকীয়ে আয়াৰলেণ্ডৰ ইনিংছৰ ১৬ নম্বৰ অভাৰত ষ্টাম্পত সঠিক থ্ৰ'ৰে গেৰেথ ডেলানিক আউট কৰায় । আনহাতে, অৰ্শদীপ সিং আৰু বিৰাট কোহলীক লগ কৰিব বিচৰা এটি শিশুকো ভাৰতীয় দল ব্যৱস্থাপকে ড্ৰেছিং ৰূমলৈ মাতি আনে । তেওঁকো খেলপথাৰত উজ্জীৱিত প্ৰদৰ্শনৰ বাবে চিৰাজক সন্মানিত কৰাৰ বিশেষ মুহূৰ্তৰ সাক্ষী কৰে ।

উল্লেখ্য, ভাৰতে ৯ জুলাইত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব । এই মেচখনৰ বাবে বিশ্ব ক্ৰিকেট অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । আনহাতে, টীম ইণ্ডিয়াই চিৰপ্ৰতিদ্বন্দ্বী দলটোক পৰাস্ত কৰি তেওঁলোকৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।

উল্লেখ্য, নিউয়ৰ্কৰ নাছাউ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত চলিত টি-২০ বিশ্বকাপৰ অষ্টমখন মেচত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে ৷ যশপ্ৰীত বুমৰাহ প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

97 ৰাণৰ সহজ লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে নিজৰ ইনিংছ আৰম্ভ কৰি 12.2 অভাৰত 2টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে ৷ অধিনায়ক ৰোহিত শৰ্মাই 37 টা বলত 52 ৰাণ সংগ্ৰহ কৰে ৷ দীৰ্ঘদিনৰ বিৰতিৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটোৱা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে 26 টা বলত 36 ৰাণত অপৰাজিত হৈ থাকে ৷ অৱশ্যে ৰাণ সংগ্ৰহত ব্যৰ্থ হয় বিৰাট কোহলী (1) আৰু বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱ (2) ৷ আয়াৰলেণ্ডৰ হৈ মাৰ্ক এডায়াৰ আৰু বেঞ্জামিন হোৱাইটে এটাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক :হাৰ্দিকৰ ধুমুহা, আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় ভাৰতৰ - T20 World Cup 2024

লগতে পঢ়ক :ৰাহুল দ্ৰাবিড়ক প্ৰশিক্ষক হৈ থাকিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছিলো : ৰোহিত শৰ্মা - T20 World Cup 2024

লগতে পঢ়ক :জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ অষ্ট্ৰেলিয়াৰ; ওমানৰ বিৰুদ্ধে মাৰ্কছ ষ্টইনিছৰ সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.