ETV Bharat / sports

আৰিয়ানৰ পৰা আনায়ালৈ... প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ ভিডিঅ’ই লগাইছে তোলপাৰ - SANJAY BANGAR SON

Hormone replacement surgery: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষকৰ পুত্ৰৰ লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত ৷ গ্ৰহণ কৰিছে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী ৷ নতুন নাম আনায়া ৷

Sanjay Bangar son
আনায়া বাংগাৰলৈ পৰৱৰ্তিত আৰিয়ান বাংগাৰ (anaya bangar instagram)
author img

By ETV Bharat Sports Team

Published : Nov 11, 2024, 12:40 PM IST

স্প’ৰ্টছ ডেস্ক: আজৱ দুনীয়া, আজৱ খবৰ ৷ অৱশ্যে এই ঘটনা সমগ্ৰ বিশ্বত পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হোৱা নাই ৷ ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা বহুবাৰ সংঘটিত হোৱা দেখা গৈছে ৷

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰই লিংগ সলনি কৰি যুৱতীলৈ ৰূপান্তৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পিতৃৰ সমান্তৰালকৈ পুত্ৰয়ো দীৰ্ঘদিনৰে পৰা ক্ৰিকেট খেলি আহিছে ৷ পিছে ক্ৰিকেটাৰগৰাকীৰ পুত্ৰৰ কাণ্ডই সমগ্ৰ ইণ্টাৰনেটতে সৃষ্টি কৰিছে ধুমুহা ৷

ক’ব বিচাৰিছো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ পুত্ৰ আৰিয়ানৰ কথা ৷ বাংগাৰৰ পুত্ৰই শেহতীয়াকৈ হৰম’ন সলনি কৰিবলৈ সম্পন্ন কৰিছে অস্ত্ৰোপচাৰ ৷ এই অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ 10 মাহ পিছত তেওঁ নাম সলনি কৰি আনায়ালৈ ৰূপান্তৰিত হৈছে ৷ তদুপৰি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ৰীলছ ৷

সঞ্জয় বাংগাৰৰ পুত্ৰ যুৱতীলৈ ৰূপান্তৰ

ইনষ্টাগ্ৰাম পোষ্টটোৰ কেপচনত লিখা হৈছে এনেদৰে, "পেছাদাৰীভাৱে ক্ৰিকেট খেলাৰ মোৰ সপোন পূৰণ কৰাটো ত্যাগ, অধ্যৱসায় আৰু অটল নিষ্ঠাৰে ভৰা এক যাত্ৰা । পুৱা খেলপথাৰলৈ ওলাই যোৱাৰ পৰা আনৰ সন্দেহ আৰু সিদ্ধান্তৰ সন্মুখীন হোৱালৈকে, প্ৰতিটো পদক্ষেপতে শক্তিৰ প্ৰয়োজন আছিল" ৷

"কিন্তু খেলৰ বাহিৰেও, মোৰ আন এক যাত্ৰা আছিল । নিজক বিচৰাৰ এক পথ আৰু বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা । মোৰ প্ৰকৃত আত্মাক আঁকোৱালি লোৱাৰ অৰ্থ হৈছে কঠিন সংগ্ৰামক বাছনি কৰা, ফিট হোৱাৰ আৰাম এৰি দিয়া আৰু মই কোন সেইটো পক্ষত থিয় দিয়া, আনকি ই সহজ নহ'লেও" ৷

লিংগ সলনিৰে আৰিয়ান হ’ল আনায়া

"আজি মই মোৰ প্ৰিয় খেলৰ অংশ হ'বলৈ পাই গৌৰৱান্বিত, ই যি স্তৰ বা শ্ৰেণীৰ নহওঁক, কেৱল এজন খেলুৱৈ হিচাপে নহয়, মোৰ প্ৰকৃত আত্মা হিচাপে । এইটো এটা সহজ পথ নহয়, কিন্তু আপোনাৰ প্ৰকৃত আত্মা বিচাৰি উলিওৱাটো হৈছে সৰ্ববৃহৎ বিজয়" ৷

ইংলেণ্ডত খেলে ক্লাব ক্ৰিকেট

বৰ্তমান আনায়া মানচেষ্টাৰত বাস কৰে আৰু তাত এটা কাউণ্টি ক্লাবৰ হৈ ক্ৰিকেট খেলি আছে । অৱশ্যে তেওঁ কোনটো ক্লাবৰ হৈ খেলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ তেওঁৰ ইনষ্টাগ্ৰাম ৰিলছৰ এটা ক্লিপে দেখুৱাইছে যে, তেওঁ এখন মেচত সংগ্ৰহ কৰিছিল 145 ৰাণ ।

সঞ্জয় বাংগাৰ কোন ?

সঞ্জয় বাংগাৰ 2014 চনৰ পৰা 2018 বৰ্ষলৈ টীম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল ৷ প্ৰথমে এই দায়িত্বত আছিল অনিল কুম্বলে আৰু তাৰপিছত ৰবি শাস্ত্ৰী ৷ তেওঁ টীম ইণ্ডিয়াৰ হৈ 12 খন টেষ্ট আৰু 15 খন এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল ৷

বাংগাৰে আই পি এল 2022 ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰ চি বি) মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তাৰপিছত আই পি এল 2023 ছিজনত পঞ্জাৱ কিংছৰ ক্ৰিকেট ডেভেলেপমেণ্টৰ মুৰব্বী হিচাপে দায়িত্বত ন্যস্ত আছিল ।

লগতে পঢ়ক: 3 উইকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত ভাৰত, ভংগ ধাৰাবাহিক জয়ৰ ধাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.