ETV Bharat / sports

"বিৰাট কোহলীয়ে হেৰুৱাইছে নিজৰ ছন্দ, তেওঁ তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিব নোৱাৰে" কিংবদন্তীৰ মন্তব্যত ক্ৰিকেট জগতত আলোড়ন - NEW DEBATE ON VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Virat Kohli lost his Momemtum: অষ্ট্ৰেলিয়াৰ এগৰাকী কিংবদন্তি ক্ৰিকেটাৰে বিৰাট কোহলী সন্দৰ্ভত প্ৰকাশ কৰিছে বৃহৎ মন্তব্য ৷ যাৰ বাবে আৰম্ভ হৈছে এক নতুন বিতৰ্ক, যিয়ে বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিছে । কিংবদন্তীগৰাকীয়ে দাবী কৰা অনুসৰি, বিৰাট কোহলীয়ে হেৰুৱাইছে পূৰ্বৰ ছন্দ ৷

NEW DEBATE ON VIRAT KOHLI
বিৰাট কোহলী (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ: অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ ব্ৰেড হগৰ এক মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছে ক্ৰিকেট জগতত ৷ কিয়নো হগে বিৰাট কোহলী সন্দৰ্ভত প্ৰকাশ কৰিছে এক বিস্ফোৰক মন্তব্য ৷ কিংবদন্তীগৰাকীয়ে দাবী কৰা অনুসৰি, পূৰ্বৰ ছন্দ হেৰুৱাইছে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৷

তেওঁ বিশ্বাস কৰে যে, এসময়ত শচীন তেণ্ডুলকাৰৰ একক তথা অনন্য টেষ্ট ৰাণ সংগ্ৰহৰ অভিলেখ ভংগ কৰাৰ ক্ষেত্ৰত মুখ্য প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত বিৰাট কোহলী বৰ্তমান সেই দৌৰৰ পৰা বাহিৰ হৈছে ৷

বিৰাট কোহলী সন্দৰ্ভত ব্ৰেড হগৰ বিস্ফোৰক মন্তব্য

বৰ্তমান সময়ত বিৰাট কোহলীয়ে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটত হেৰুৱাইছে ছন্দ । 2020 চনৰ পৰা টেষ্ট ক্ৰিকেটত খেলুৱৈগৰাকীৰ গড় 50 ৰ তললৈ হ্ৰাস হোৱাৰ পিছত হগে কৰা মন্তব্যই চৰ্চা লাভ কৰিছে ক্ৰিকেট জগতখনত ৷ সোঁহতীয়া তাৰকা ভাৰতীয় বেটছমেনজনে তেণ্ডুলকাৰৰ সৰ্বাধিক টেষ্ট ৰাণৰ অভিলেখ ভংগ কৰাৰ সুযোগ হেৰুৱাইছে নেকি, তাক লৈও সৃষ্টি হৈছে এক নতুন বিতৰ্ক ৷

ভংগ কৰিব নোৱাৰিব শচীনৰ অভিলেখ

এটা ইউ টিউব ভিডিঅ’ত হগে তেণ্ডুলকাৰৰ টেষ্ট ৰাণক কোহলী আৰু ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটৰ সৈতে তুলনা কৰে ৷ তেওঁ কয় যে, "তেণ্ডুলকাৰে তেওঁৰ 200 টেষ্ট কেৰিয়াৰত সংগ্ৰহ কৰা 15,921 ৰাণৰ বিশ্ব অভিলেখ ভংগ কৰাৰ বাবে কেৱল ৰুটহে সঠিক দাবীদাৰ । কিয়নো কোহলীয়ে হেৰুৱাইছে পূৰ্বৰ ছন্দ" ৷

হগে কয় যে, "মই নাভাবো যে বিৰাটে সেই সীমা অতিক্ৰম কৰিব পাৰিব ৷ মই ভাবো তেওঁ ছন্দ হেৰুৱাইছে ৷ তেওঁ যি ছন্দ হেৰুৱাইছে, সেয়া আজিৰ নহয়, বৰং কেইবছৰমান পূৰ্বৰ ৷ পৰৱৰ্তী 10 খন টেষ্ট মেচত বিৰাটে পুনৰ হেৰুওৱা ছন্দ ঘূৰাই পাব লাগিব, নহ’লে খেলুৱৈ হিচাপে পিছপৰি থাকিব" ৷

2020 ৰ পিছত ছন্দ হেৰুৱাইছে বিৰাটে

সুদীৰ্ঘ সময়ৰ বিৰতিৰ মূৰত টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা বিৰাট কোহলীয়ে চেন্নাই টেষ্টত সন্তোষজনক প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম নহ’ল ৷ কোহলীয়ে চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছতে বিফল হৈছিল । 2020 চনৰ পৰাই কোহলীয়ে টেষ্ট ক্ৰিকেটত বিশেষ আধিপত্য বিস্তাৰত ব্যৰ্থ হোৱা দেখা গৈছে ৷ 2020-2024 চনৰ ভিতৰত প্ৰায় 30 খন টেষ্টৰ 52 টা টেষ্ট ইনিংছত কোহলীয়ে 32.72 গড়ে সংগ্ৰহ কৰিছে মাত্ৰ 1,669 ৰাণ ৷ য’ত আছে মাত্ৰ দুটা শতক আৰু 8 টা অৰ্ধ-শতক ।

জ’ ৰুটে ভংগ কৰিব পাৰে তেণ্ডুলকাৰৰ অভিলেখ

33 বছৰীয়া ৰুটে এতিয়ালৈকে 146 খন টেষ্টত সংগ্ৰহ কৰিছে 12,402 ৰাণ ৷ তেণ্ডুলকাৰৰ তুলনাত ইংলেণ্ডৰ ক্ৰিকেটাৰগৰাকী বৰ্তমান সময়ত পিছপৰি আছে 3,519 ৰাণত ৷ নৱেম্বৰ মাহত 36 বছৰত ভৰি দিবলগীয়া কোহলীয়ে 114 খন টেষ্টত সংগ্ৰহ কৰিছে 8,871 ৰাণ ।

"জ’ ৰুটে 146 খন টেষ্ট মেচ খেলি সংগ্ৰহ কৰিছে 12,402 ৰাণ ৷ শচীন তেণ্ডুলকাৰে 200 খন টেষ্ট মেচত প্ৰায় 16,000(15,921) ৰাণ সংগ্ৰহ কৰিছে । যাৰ ভিতৰত 66 খন টেষ্টত 4000 ৰাণ সংগ্ৰহ কৰিছে মাষ্টাৰ-ব্লাষ্টাৰগৰাকীয়ে । মই ভাবো জ’ ৰুটে ইয়াক অতিক্ৰম কৰিবলৈ নাইবা ইয়াৰ কাষ চাপিবলৈ সক্ষম হ’ব পাৰে" বুলি হগে সদৰী কৰে ৷

লগতে পঢ়ক: কিহৰ বাবে এনে আচৰণ ! হোটেল কৰ্তৃপক্ষৰে হাত মিলাবলৈ অস্বীকাৰ কোহলীৰ - VIRAT KOHLI HAND SHAKE VIRAL VIDEO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.