স্প’ৰ্টছ ডেস্ক: অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠন হৈছে মৰাণ জাতীয় মহিলা পৰিষদ । মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত মহিলাসকলক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত 16 নৱেম্বৰৰ পৰা অসমৰ এটা স্থানত আৰু অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ উচ্চতৰ মাধ্যমিক হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক বীৰাংগনা ৰাধা-ৰুকুণী আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ফুটবল প্ৰতিযোগিতা ।
এই ফুটবল প্ৰতিযোগিতাখনত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ 8 টাকৈ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল আৰু ফাইনেল মেচখন দিবা-নৈশ ফৰ্মেটত অনুষ্ঠিত হয় । আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে নিশা সফলভাৱে অনুষ্ঠিত হৈ যায় ।
ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে মুকলি কৰা ফাইনেল মেচখন অনুষ্ঠিত হয় কল্যাণ এফ চি শিলচৰ বনাম কাছাৰ এফ চি ফুটবল দল দুটাৰ মাজত ৷ শতাধিক দৰ্শকৰে ষ্টেডিয়াম পৰিপূৰ্ণ হৈ পৰা ফাইনেল মেচখনত কল্যাণ এফ চি শিলচৰ দলে কাছাৰ এফ চি ফুটবল দলক 2-0 গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী ঘোষিত হয় ৷
খেলখনৰ সন্দৰ্ভত পৰিষদৰ সম্পাদিকা ৰুণজুন মৰাণে কয় যে, "16 নৱেম্বৰৰ পৰা অসমৰ এটা স্থান আৰু অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ উচ্চতৰ মাধ্যমিক হাইস্কুল খেলপথাৰত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক বীৰাংগনা ৰাধা ৰুকুণী আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ফুটবল প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে আৰু আজি এই চূড়ান্ত খেলখনিত কল্যাণ এফ চি শিলচৰ বনাম কাছাৰ এফ চি মহিলা ফুটবল দলে প্ৰতিদ্বন্দ্বিতা কৰে । এই মহিলা ফুটবল প্ৰতিযোগিতাখনিত সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিক মৰাণ জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই ফুটবল খেলখনিৰ জৰিয়তে আগন্তুক দিনসমূহত গ্ৰামাঞ্চলসমূহত যিসমূহ ছোৱালী আছে, সেইসকলে নিশ্চয় উপকৃত হ’ব বুলি আমি আশাবাদী" ।
"এই খেলখনি অনুষ্ঠিত কৰিবলৈ যাওঁতে আমি যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগা হৈছিল । মহিলা সংগঠন যেতিয়া মহিলাৰ সবলীকৰণৰ বাবে অসম আৰু অৰুণাচলৰ দুটাকৈ স্থানত আমি খেলখনি অনুষ্ঠিত কৰিছিলো আৰু নিশ্চয়কৈ ছোৱালীসকল ইয়াত উপকৃত হ’ব । আমি আঠোটাকৈ মহিলা ফুটবল দলক নিমন্ত্ৰণ জনাইছিলো আৰু ইতিমধ্যে দুটাকৈ দলে চূড়ান্ত খেলত অৱতীৰ্ণ হ’ল । আশা কৰিছো আমি অনাগত দিনসমূহত ইয়াতকৈ ভালকৈ খেলখন অনুষ্ঠিত কৰিবলৈ সক্ষম হ’ম" বুলি সম্পাদিকাগৰাকীয়ে লগতে কয় ৷
লগতে পঢ়ক: যশস্বী জয়ছোৱালৰ ঐতিহাসিক শতক; অষ্ট্ৰেলিয়াত 47 বছৰীয়া অপেক্ষাৰ অন্ত