ETV Bharat / sports

চেম্পিয়নছ ৰিটাৰ্ণ: ঐতিহাসিক জয়ৰ অন্তত নতুন দিল্লীত উপস্থিত ভাৰতীয় টি-২০ দল - Indian Team Reached Delhi

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 7:05 AM IST

Updated : Jul 4, 2024, 7:15 AM IST

Indian Team Reached Delhi: টি-২০ বিশ্বকাপ জয়ৰ পাচত ভাৰতীয় ক্ৰিকেট দলটোৱে বিশেষ চাৰ্টাৰ্ড বিমানেৰে নতুন দিল্লীত উপস্থিত । ভাৰতীয় দলটোৱে আজি মুম্বাইত এনচিপিএৰ পৰা ৱানখেড়ে ষ্টেডিয়ামলৈ বিজয়যাত্ৰাত অংশ লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব ।

Indian Team Reached Delhi
ঐতিহাসিক জয়ৰ অন্তত নতুন দিল্লীত উপস্থিত ভাৰতীয় টি-২০ দল (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৪ জুলাই: টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৱে বুধবাৰে পুৱা ৬ বজাত বাৰ্বাডোছৰ পৰা দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰে ৷ বেচৰকাৰীভাৱে চেম্পিয়নছ ফ্লাইট বুলি কোৱা এয়াৰ ইণ্ডিয়াৰ বিশেষ চাৰ্টাৰ AIC24WC বিমানখনক সাগৰীয়া ধুমুহাত আঘাতপ্ৰাপ্ত দ্বীপটোৰ পৰা ভাৰতীয় দলটোক দিল্লীলৈ আনিবলৈ ১৬.৫ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল ৷ যাৰবাবে এখন ৰাষ্ট্ৰই ১৭ বছৰৰ পাছত নিজৰ দলৰ ডাঙৰ টি-২০ জয় উদযাপন কৰিবলৈ পাঁচ দিন অপেক্ষা কৰিছিল ।

কেৰিবিয়ানৰ পৰা ভাৰতলৈ চলাচল কৰা এইখনেই আছিল প্ৰথমখন পোনপটীয়া বিমান। কেৰিবিয়ান খণ্ডত উৰণ নকৰা এয়াৰ ইণ্ডিয়াৰ বাবেও আছিল ই প্ৰথম অভিজ্ঞতা । দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতেই বিমানবন্দৰৰ ইমিগ্ৰেচন এলেকাত কেক কাটি ভাৰতীয় দলটোৰ দেশত বিজয় উদযাপনৰ আৰম্ভণি কৰে । ইয়াৰ পিচত দলটোক পোনে পোনে আইটিচি মৌৰ্য হোটেললৈ লৈ যোৱা হয় ৷

লগতে পঢ়ক: ১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

মৌৰ্য হোটেলৰ পৰা ভাৰতীয় দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ ৰাওনা হ’ব আৰু তাৰ পাচত দলটো আজিয়েই মুম্বাইলৈ উৰা মাৰিব ।

টিম ইণ্ডিয়া ৪ জুলাইৰ সম্ভাৱ্য সময়সূচী

  • ০৬:০০ বজাত: দিল্লী বিমানবন্দৰত উপস্থিত
  • ০৬:৪৫ বজাত: দিল্লীৰ আই টি চি মৌৰ্যত উপস্থিত
  • ০৯:০০ বজাত: আই টি চি মৌৰ্যৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ যাত্ৰা
  • ১০:০০ - ১২:০০ বজাত: প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠান
  • ১২:০০ বজাতঃ আই টি চি মৌৰ্যলৈ যাত্ৰা
  • ১২:৩০ বজাত: আই টি চি মৌৰ্যৰ পৰা বিমানবন্দৰলৈ যাত্ৰা
  • ১৪:০০ বজাত: মুম্বাইলৈ যাত্ৰা
  • ১৬:০০ বজাত: মুম্বাই বিমানবন্দৰত উপস্থিত
  • ১৭:০০ বজাত: ৱানখেড়ে ষ্টেডিয়ামত উপস্থিত
  • ১৭:০০ - ১৯:০০ বজালৈ: মুকলি বাছ পেৰেড
  • ১৯:০০ - ১৯:৩০ বজাত: ৱানখেড়ে ষ্টেডিয়ামত চমু অনুষ্ঠান
  • ১৯:৩০ বজাত: হোটেল তাজ, এপ’ল’ বন্দৰলৈ যাত্ৰা

লগতে পঢ়ক: T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ মেন ইন ব্লুৰ শিৰত; ক্ৰিকেটাৰসকলক অভিনন্দন ৰাজনৈতিক নেতাৰ - T20 World Cup 2024

Last Updated : Jul 4, 2024, 7:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.