ETV Bharat / sports

বিনেশ ফ’গাটৰ আবেদনক লৈ সিদ্ধান্ত হ'ব ১১ আগষ্টত - PARIS OLYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 10:57 PM IST

Paris Olympics 2024 : ভাৰতৰ তাৰকা মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটে মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণাৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল ৷ ইয়াৰ সিদ্ধান্ত CAS এ আজি নিশা ৯:৩০ বজাত কৰাৰ কথা আছিল যদিও এতিয়া ১১ আগষ্টৰ নিশা ৯:৩০ বজাত কৰা হ’ব ঘোষণা । পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024
বিনেশ ফ’গাটৰ আবেদনক লৈ আজি লোৱা হোৱা নাই সিদ্ধান্ত, (ANI)

স্প'ৰ্টছ ডেস্ক, ১০ আগষ্ট: ২০২৪ চনৰ পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক । ইয়াৰ পিছত তেওঁ CAS (Court of Arbitration for Sport)ত আবেদন জনায় । তেওঁ আবেদনত কৈছিল যে তেওঁক যৌথভাৱে ৰূপৰ পদক দিব লাগে, যাৰ শুনানি অব্যাহত আছে । এই সন্দৰ্ভত আজি এটা সিদ্ধান্ত আহিব লগা আছিল যিটো এতিয়া বাতিল কৰা হৈছে ।

দেওবাৰে নিশা ৯:৩০ বজাত কৰা হ’ব ঘোষণা

বিনেশৰ আবেদন সন্দৰ্ভত CAS ৰ সিদ্ধান্ত আজি অৰ্থাৎ শনিবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাত আহিব লাগিছিল যদিও এতিয়া বিনেশৰ গোচৰৰ সিদ্ধান্ত আজি বাতিল কৰা হৈছে । এতিয়া এই গোচৰৰ ৰায়দান দেওবাৰে অৰ্থাৎ ১১ আগষ্টত ঘোষণা কৰা হ’ব । ভাৰতীয় অলিম্পিক সংস্থাই(আই অ’ এ) অনুকূল সিদ্ধান্তৰ আশা কৰা বুলি জানিবলৈ দিয়ে ।

আই অ’ এৰ দ্বাৰা জাৰি কৰা বিবৃতি

আই অ’ এৰ এক বিবৃতিত কোৱা হৈছে, ‘CAS ৰ তদৰ্থ বিভাগে বিনেশ ফ’গাট বনাম ইউনাইটেড ৱৰ্ল্ড ৰেছলিং আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটীৰ গোচৰত একমাত্ৰ মধ্যস্থতাকাৰী ড৹ এনাবেল বেনেটক সিদ্ধান্ত ঘোষণা কৰাৰ সময়সীমা ১১ আগষ্টলৈ বৃদ্ধি কৰা হৈছে । যুক্তিসংগত আদেশ পিচত জাৰি কৰা হ’ব ।

কি আছিল সমগ্ৰ বিষয়টো

২০২৪ চনৰ পেৰিছ অলিম্পিকত অনুষ্ঠিত হোৱা মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলত বিনেশ ফ’গাটক ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা হৈছিল । অযোগ্য ঘোষণা কৰাৰ পিচত বিনেশে দুটা গোচৰৰ বিৰুদ্ধে আবেদন জনাইছিল । প্ৰথমটো গোচৰ আছিল চূড়ান্ত মেচ আৰম্ভ হোৱাৰ আগতেই তেওঁক ওজন কমাবলৈ দিয়া আৰু দ্বিতীয়টো গোচৰ আছিল তেওঁক সংযুক্ত ৰূপৰ পদক দিয়া ।

মঙলবাৰে তেওঁৰ মেচসমূহৰ সময়ত তেওঁ এই পদক অৰ্থাৎ নিৰ্ধাৰিত ওজনৰ সীমাৰ ভিতৰত ৰূপৰ পদক লাভ কৰিছিল । প্ৰথমটো আবেদন CAS য়ে তৎক্ষণাত নাকচ কৰে আৰু ফাইনেল সময়মতে অনুষ্ঠিত হয় । বৃহস্পতিবাৰে আদালতে দ্বিতীয়খন আবেদন গ্ৰহণ কৰে আৰু দ্বিতীয়খন আবেদনৰ সিদ্ধান্ত এতিয়াও বিচাৰাধীন হৈ আছে । বিনেশক প্ৰতিনিধিত্ব কৰিছে হাই-প্ৰফাইল জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু বিদুষ্পত সিংঘানিয়াই

লগতে পঢ়ক: বিনেশ ফোগাটৰ আবেদনৰ আজি হ’ব সিদ্ধান্ত, ৰূপৰ পদক লাভৰ আশা ভাৰতৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.