ETV Bharat / sports

প্ৰতিশোধৰ ছেমিত ইংলেণ্ডৰ বিৰুদ্ধে সাজু অপৰাজেয় ভাৰত - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 26, 2024, 2:09 PM IST

IND ENG T20 WC Cup Semi 2024 : ২৭ জুনত চলিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে ইংলেণ্ডক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । ভাৰতৰ লক্ষ্য হ'ব প্ৰতিযোগিতাখনত তেওঁলোকৰ অপৰাজিত ধাৰা অব্যাহত ৰাখি ফাইনেলত প্ৰৱেশ কৰা । আনহাতে, ইয়াৰ মাজতে 70 শতাংশ বৰষুণৰ সম্ভাৱনাৰ কথাও পূৰ্বানুমান কৰা হৈছে, যাৰ বাবে মেচখন পৰিত্যক্ত হ'ব পাৰে । এই সন্দৰ্ভত মীনাক্ষি ৰাওৰ প্ৰতিবেদন ।

IND ENG T20 WC Cup Semi 2024
ভাৰতীয় দল (AP Photo)

স্পৰ্টছ ডেস্ক, ২৬ জুন : যদি বৰষুণে একো বিঘিনি নঘটায়, তেন্তে ২৭ জুন, বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা মেচৰ পুনৰাবৃত্তি ঘটাব বুলি সকলোৱে আশা কৰি আছে । বিৰাট-ৰোহিতৰ অপেনিং ছন্দ, মিডল অভাৰত পণ্ট-সূৰ্যৰ তাণ্ডৱ আৰু হাৰ্দিক-দুৱে-জাদেজাৰ ফিনিশ্বাৰৰ ভূমিকাৰ লগতে বুমৰাহ-অৰ্শদীপৰ ছুইং আৰু কুলদীপ-অক্ষৰৰ স্পিন ভেল্কি চাবৰ বাবে এতিয়া অপেৰাক্ষত ক্ৰীড়াপ্ৰেমী ।

কিন্তু এই সকলোবোৰ ৰোমাঞ্চ আৰু শিহৰণৰ সম্ভাৱনা এতিয়া কেৱল বতৰৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰিছে । কিয়নো গায়েনাত দ্বিতীয়খন ছেমিফাইনেলত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ ভৱিষ্যদ্বাণী কৰা হৈছে ।

অৱশ্যে মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হ'লেও ভাৰতৰ বাবে বিশেষ ক্ষতি নহ'ব । কিয়নো ছুপাৰ-8ৰ শীৰ্ষ অপৰাজিত দল হিচাপে ভাৰতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব । কিন্তু এই সম্ভাৱনাবোৰৰ কথা বাদ দিলে, সত্যটো হৈছে ভাৰতে চলিত টি-২০ বিশ্বকাপত যি অপৰাজিত ধাৰা বৰ্তাই ৰাখিছে, তাৰ দ্বাৰা বাৰ্বাডোজত আকাংক্ষিত ফাইনেলত প্ৰৱেশ কৰাৰ সকলো ফালৰ পৰায়ে যোগ্যতা আছে ।

ছেমি ফাইনেলত ইংলেণ্ডৰ মুখামুখী হোৱাটোৱে এইবাৰ ভাৰতীয় দলটোক এডিলেইডত অনুষ্ঠিত বিগত সংস্কৰণত হোৱা পৰাজয়ৰ স্মৃতি সোঁৱৰাই দিব । কিয়নো হ্ৰস্ব ফৰ্মেটৰ এই শেহতীয়া প্ৰতিযোগিতাখনত ইংলেণ্ডৰ জছ বাটলাৰ আৰু এলেক্স হেলছৰ অপেনিং যুটিয়ে ভাৰতক এক শোচনীয় পৰাজয় প্ৰদান কৰে, যাৰ ফলত মেন ইন ব্লুৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰে । এইবাৰ ভাৰতে ইংলেণ্ডৰ সেই পৰাজয়ৰ মধুৰ পোতক তোলাৰ বাবে নিশ্চয় অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

অপৰাজিত ভাৰতীয় দল উৎসাহীও

এইবাৰৰ সংস্কৰণত ছেমি ফাইনেললৈ ভাৰতৰ যাত্ৰা অতি দৰ্শনীয় । দলটোৱে খেলা প্ৰতিখন মেচতে জয়লাভ কৰিছে । বাংলাদেশ, আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰভাৱশালী ছুপাৰ-8ৰ প্ৰদৰ্শনে দলটোৰ দুৰ্দান্ত বেটিং শক্তি আৰু বহুমুখী বলিং আক্ৰমণ প্ৰদৰ্শন কৰিছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৪ টা বলত ৰোহিত শৰ্মাৰ বিস্ফোৰক ৯২ ৰাণ এক বিশেষ উল্লেখনীয় বিষয় আছিল । এই ইনিংছটোৰ দ্বাৰা ৰোহিতে ভাৰতক এক কঠিন দলীয় স্ক'ৰলৈ লৈ গৈছিল । লগতে তেওঁ এইটো প্ৰদৰ্শন কৰিছিল যে তেওঁ কিয় বিশ্বৰ আটাইতকৈ ভয়ংকৰ বেটছমেনসকলৰ মাজৰ এজন ।

ইংলেণ্ড : সংগ্ৰাম আৰু পুনৰুত্থান

ছেমি ফাইনেললৈ ইংলেণ্ডৰ পথ প্ৰত্যাহ্বানৰে ভৰা আছিল । স্কটলেণ্ডৰ বিৰুদ্ধে বৰ্ষাবিঘ্নিত মেচ আৰু অষ্ট্ৰেলিয়াৰ হাতত প্ৰাৰম্ভিক পৰাজয়ে দলটোক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰাৰ পথত ৰাখিছিল । অৱশ্যে নেট ৰান ৰেটত ছুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰি পুনৰ উভতি আহিবলৈ সক্ষম হৈছিল ।

দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয় সত্ত্বেও ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ বিৰুদ্ধে নিৰ্ণায়ক বিজয়ে দলটোৰ ছেমি ফাইনেলৰ স্থান সুৰক্ষিত কৰে । বৰ্তমানৰ চেম্পিয়ন দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ বজাই ৰাখিবলৈ চেষ্টা কৰি ইতিহাস সৃষ্টি কৰিব বিচাৰিব ।

গায়েনাৰ বিশেষত্ব

গায়েনা নেচনেল ষ্টেডিয়াম হৈছে 20,000 আসনবিশিষ্ট এটা সৰু অথচ মনোৰম ষ্টেডিয়াম । এই ষ্টেডিয়ামখন ডেমেৰাৰা নদী আৰু আটলাণ্টিক মহাসাগৰৰ মনোৰম পটভূমিৰ বিপৰীতে অৱস্থিত । ই হৈছে স্পিনৰ বাবে স্বৰ্গ, কিন্তু ক্ষিপ্ৰ গতিও ইয়াৰ পৰা নোপোৱাকৈ নাথাকে । উগাণ্ডাৰ বিৰুদ্ধে আফগানিস্তানৰ ৫ উইকেটত ১৮৩ ৰাণ হৈছে প্ৰতিযোগিতাখনৰ এই স্থানত সৰ্বাধিক স্ক'ৰ ।

স্কোৱাড

পৰিস্থিতিয়ে দাবী নকৰালৈকে ভাৰতীয় দলটোত কাচিৎহে পৰিৱৰ্তন কৰা হয় । যিটো গায়েনাতো হ'ব পাৰে । অৱশ্যে সম্ভৱত ৰবীন্দ্ৰ জাদেজাৰ মূল্যৰ বিনিময়ত যুজবেন্দ্ৰ চাহালক কাৰ্যকৰী কৰিব পাৰে, কুলদীপ আৰু অক্ষৰৰ ৰণকৌশলক সহায় কৰিবলৈ । কিন্তু তেনে ধৰণৰ পদক্ষেপৰ কথা এতিয়াই কোৱাটো সমীচিন নহ'ব ।

ৰোহিত শৰ্মাই বেটিঙৰ সৈতে কেতিয়াও আপোচ নকৰে বুলি জনা যায় । তেনে ক্ষেত্ৰত ছেমিফাইনেলত বিৰাট কোহলীক ৩ নম্বৰ স্থানলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়াটো জাদেজাক বাদ দিয়াৰ দৰে হাস্যকৰ যেন লাগিব ।

অৱশ্যে ইংলেণ্ডে প্ৰায়ে তেওঁলোকৰ লাইন-আপ সলনি কৰি আহিছে । বেটিং নিৰ্ভৰ ভাৰসাম্যৰ পৰা আঁতৰি গৈ দলটোৱে অধিক আগশাৰীৰ পেচ বলাৰ অন্তৰ্ভুক্ত কৰিছে । চেম কুৰান আৰু ক্ৰিছ জৰ্ডানৰ উপস্থিতিয়ে বেটিং আৰু বলিং দুয়োটাতে গভীৰতা প্ৰদান কৰে । আনহাতে, মঈন আলী আৰু লিয়াম লিভিংষ্টনে অতিৰিক্ত স্পিন বিকল্প আগবঢ়ায় ।

দুয়োটা দলৰ ইতিহাস

দুয়োখন দেশৰ মাজৰ ক্ৰিকেট ইতিহাস স্মৰণীয় প্ৰতিদ্বন্দ্বিতাৰে সমৃদ্ধ । ভাৰতৰ একমাত্ৰ টি-২০ বিশ্বকাপ খিতাপ আহিছিল ২০০৭ চনত, প্ৰতিযোগিতাখনৰ উদ্বোধনী বৰ্ষত । মেন ইন ব্লুৱে বিশ্বকাপৰ খৰাং সমাপ্ত কৰিবলৈ ব্যাকুল হৈ পৰিছে আৰু এই খৰাং ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ৰ পৰা চলি আহিছে । আনহাতে, শেহতীয়া বছৰবোৰত ইংলেণ্ড এক প্ৰভাৱশালী শক্তি হৈ আহিছে আৰু দলটোৱে খিতাপ ধৰি ৰাখিবলৈ আগ্ৰহী ।

ৰোহিত শৰ্মাৰ ফৰ্ম ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ'ব । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ আক্ৰমণাত্মক ইনিংছটোৱে মেচত তেওঁৰ আধিপত্য বিস্তাৰ কৰাৰ সামৰ্থ্যৰ প্ৰমাণ দিছে । ভাৰতীয় অধিনায়কগৰাকীৰ ছয় কোবাবলৈ যি ব্যগ্ৰতা আৰু খেলপথাৰত তেওঁৰ নেতৃত্বই তেওঁক এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈলৈ উত্তৰণ ঘটায় । তাৰ মাজতে অৱশ্যে বিৰাটৰ বেটে এতিয়াও ভালদৰে ছন্দ দেখুৱাব নোৱাৰাটো এক চিন্তাৰ বিষয় হৈ আছে । কিন্তু তেওঁৰ অভিজ্ঞতা আৰু ডাঙৰ খেলত তেওঁৰ প্ৰদৰ্শনক উপেক্ষা কৰিব নোৱাৰি ।

মূল যুঁজ আৰু প্ৰত্যাশা

দুয়োটা দলে ছেমি ফাইনেলৰ বাবে সাজু হোৱাৰ লগে লগে মূল যুঁজবোৰ হ'ব ভাৰতৰ শীৰ্ষ ক্ৰম আৰু ইংলেণ্ডৰ পেচ আক্ৰমণৰ মাজত । ৰোহিত শৰ্মা বনাম জোফ্ৰা আৰ্চাৰ, জছ বাটলাৰৰ বিৰুদ্ধে যশপ্ৰীত বুমৰাহৰ যুঁজ চাবলগীয়া হ'ব । আনহাতে, সূৰ্যকুমাৰ যাদৱ আৰু ঋষভ পণ্টৰ দৰে ভাৰতৰ মিডল অৰ্ডাৰে শীৰ্ষ অৰ্ডাৰ বিফল হ'লে দলক আগবঢ়াই নিব লাগিব ।

আমেৰিকাৰ পৰা ভ্ৰমণ কৰা ভাৰতীয় অনুৰাগীসকলে গায়েনা নেচনেল ষ্টেডিয়াম মুখৰিত কৰি থাকিব । আনহাতে, গায়েনাৰ জনসংখ্যাৰ ৬০ শতাংশ হৈছে ভাৰতীয় বংশোদ্ভৱ ।

সেয়ে এই পৰিৱেশটো এক উত্তেজনাপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে । আনহাতে, অতীজৰ সংঘৰ্ষৰ স্মৃতিয়ে প্ৰত্যাশাক ইন্ধন যোগাইছে । এডিলেইডৰ পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ আৰু টি-২০ বিশ্বকাপ ট্ৰফীৰ ওচৰলৈ আৰু এখোজ আগবাঢ়ি যোৱাৰ সুযোগে এই হাই ভল্টেজ মেচখনত অতিৰিক্ত মচলা যোগ কৰিছে ।

লগতে পঢ়ক :27 জুনত বহু প্ৰত্যাশিত টি 20 বিশ্বকাপৰ ছেমি ফাইনেল : আম্পায়াৰৰ নাম ঘোষণা - T20 World Cup 2024

আফগানিস্তানৰ জয়ত সুখী বলীউড তাৰকা - bollywood Celebs on Afghanistan win

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.