ETV Bharat / sports

৪৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন

United Nations Day 2024: পুৱাই শ শ দৌৰবিদে ভিৰ কৰিলে টাৱাং । ঐতিহাসিক টাৱাং মাৰাথনত ১০০০ হাজাৰৰো অধিক মহিলা প্ৰতিযোগীৰ অংশগ্ৰহণ ।

Tawang Marathon 2024
৪,৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

টাৱাং : আজি ২৪ অক্টোবৰ, ৰাষ্ট্ৰসংঘৰ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি টাৱাং ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে ফ্লেগ অফ কৰে এই ঐতিহাসিক দ্বিতীয় টাৱাং মাৰাথনৰ ।

মুখ্যমন্ত্ৰী পেমা খাণ্ডু, গজৰাজ কৰ্পছৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, বল অৱ ফায়াৰৰ জিঅ'চিৰ মেজৰ জেনেৰেল কে এছ গ্ৰেৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছৱানেও এই ঐতিহাসিক মাৰাথনত অংশগ্ৰহণ কৰে ।

৪,৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন (ETV Bharat)

ঐতিহাসিক টাৱাং মাৰাথন

এই মাৰাথনক লৈ সমগ্ৰ অৰুণাচলত উছাহ দেখিবলৈ পোৱা গৈছে । দেশ-বিদেশৰ শ শ দৌৰবিদ উপস্থিত টাৱাঙত । ৬০-৬৫ বছৰীয়া দৌৰবিদেও এই মাৰাথনত অংশগ্ৰহণ কৰে । দ্বিতীয় টাৱাং আন্তঃৰাষ্ট্ৰীয় মাৰাথনত মহিলা, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, সেনা বাহিনীৰ বিষয়া তথা চৰকাৰী কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে । জানিব পৰা মতে মুঠ ৪,৫০০ গৰাকী দৌৰবিদে এই মাৰাথনত অংশগ্ৰহণ কৰে ।

Tawang Marathon 2024
৪,৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন (ETV Bharat)

ইফালে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে কেনিয়া, ইথুওপিয়া আদি দেশৰ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদেও পাহাৰীয়া আৰু প্ৰায় ৫ ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত ৫, ১০, ২১ আৰু ৪০ কিলোমিটাৰ শাখাত অংশগ্ৰহণ কৰে । ৫ কিলোমিটাৰ শাখাত মুঠ ৩,০০০ গৰাকী দৌৰবিদে অংশগ্ৰহণ কৰে । এই মাৰাথনৰ বিশেষ আকৰ্ষণ হৈছে মহিলা দৌৰবিদসকল । কিয়নো প্ৰতিযোগিতাখনত প্ৰায় ১,১৯০ গৰাকী মহিলা দৌৰবিদে অংশগ্ৰহণ কৰে ।

টাৱাং মাৰাথনত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছৱানে কয়, "পৰ্যটন ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে সীমান্তৰ গাঁওসমূহক উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে ।" তেওঁ কয় যে এই মাৰাথন অৰুণাচল প্ৰদেশৰ এক আকৰ্ষণীয় অনুষ্ঠান হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে, ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যৌথভাৱে আয়োজন কৰিছে এই সৰ্বোচ্চ উচ্চতাৰ মাৰাথনৰ । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণৰ নেতৃত্বত প্ৰতিৰক্ষা বিভাগে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । ২০২৩ চনত এই মাৰাথনৰ উদ্বোধনী সংস্কৰণৰ বৃহৎ সফলতাৰ পিছত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৪ জুলাইত 'টাৱাং মাৰাথন'ক আন্তঃৰাষ্ট্ৰীয় কেলেণ্ডাৰৰ বাৰ্ষিক অনুষ্ঠান হিচাপে ঘোষণা কৰিছিল ।

লগতে পঢ়ক :1100 মহিলাৰ অংশগ্ৰহণৰে 24 অক্টোবৰত টাৱাং মাৰাথন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.