ETV Bharat / sports

সামাজিক মাধ্যমত ভাইৰেল শচীন আৰু যশস্বীৰ অন্তৰংগ মুহূৰ্ত - ICC T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 11, 2024, 2:08 PM IST

ICC T20 World Cup 2024: ভাৰত আৰু পাকিস্তানৰ খেল উপভোগ কৰিবলৈ গৈ শচীন তেণ্ডুলকাৰে যুৱ বেটছমেন যশস্বী জয়ছোৱালক সাক্ষাৎ কৰিছিল । নবীন-প্ৰবীণৰ মিলনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল । চলিত বিশ্বকাপৰ দলত সুযোগ পোৱাৰ কামনা অনুৰাগীৰ ।

ICC T20 World Cup 2024
সামাজিক মাধ্যমত ভাইৰেল শচীন আৰু যশস্বীৰ অন্তৰংগ মুহূৰ্ত (ETV Bharat)

স্পৰ্টছ ডেস্ক, ১১ জুন : প্ৰায় ১ বছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ অংশ হৈছিল যুৱ বেটছমেন যশস্বী জয়ছোৱাল । দলৰ অংশ হোৱাৰে পৰা একেৰাহে আকৰ্ষণীয় ইনিংছৰ জৰিয়তে ভাৰতীয় অনুৰাগীসকলৰ মন জয় কৰি আহিছে জয়ছোৱালে । ভাৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীও তেওঁৰ প্ৰদৰ্শনৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে ।

নম্ৰ স্বভাৱৰ দ্বাৰা জয়ছোৱালে আকৌ এবাৰ সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । যোৱা ৯ জুনত টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হৈছিল । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন শচীন তেণ্ডুলকাৰে তেওঁৰ পৰিয়ালৰ সৈতে এই খেলখন উপভোগ কৰিবলৈ নিউয়ৰ্কত উপস্থিত হৈছিল । সেই সময়ছোৱাত যেতিয়া তেওঁ খেলপথাৰলৈ গৈছিল যশস্বী জয়ছোৱালক সাক্ষাৎ কৰিছিল ।

জয়ছোৱাল আৰু শচীন তেণ্ডুলকাৰৰ সাক্ষাতৰ মুহূৰ্তই সকলো ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । যশস্বীয়ে প্ৰথমে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লৈছিল আৰু শচীনে তেওঁক বাধা দিছিল আৰু তেওঁক সাৱটি ধৰিছিল । যশস্বীয়ে ক্ৰিকেটৰ ভগৱান বুলি জনাজাত শচীনক আলিংগন কৰা দেখি অনুৰাগীসকল অতি আনন্দিত হোৱা দেখা গৈছিল ।

আনহাতে ভাৰতৰ আন ক্ৰিকেটাৰসকলেও শচীন তেণ্ডুলকাৰক সন্মান জনোৱা দেখা গৈছে । এই দুয়োটা মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে । লক্ষণীয়ভাৱে এতিয়ালৈকে টি-২০ বিশ্বকাপ ২০২৪ত যশস্বী জয়ছোৱালে খেলিবলৈ সুযোগ পোৱা নাই । তেওঁক অপেনাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু বিৰাট কোহলীয়ে ৰোহিত শৰ্মাৰ সৈতে তেওঁৰ স্থানত ইনিংছ আৰম্ভ কৰা দেখা গৈছে ।

বাংলাদেশৰ বিৰুদ্ধে অনুশীলন মেচখনতো জয়ছোৱালক খেলপথাৰত দেখা যোৱা নাছিল । ইয়াৰ লগতে তেওঁ আয়াৰলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধেও ১১ জনীয়া দলত স্থান লাভ কৰা নাই । অৱশ্যে পৰৱৰ্তী খেলত তেওঁ সুযোগ পোৱাৰ সম্ভাৱনা আছে । কিয়নো কোহলী দুয়োখন খেলতে অপেনাৰ হিচাপে সফল হ'ব পৰা নাই ।

তেওঁ আয়াৰলেণ্ডৰ বিৰুদ্ধে ১ আৰু পাকিস্তানৰ বিৰুদ্ধে ৪ ৰাণ কৰিছে । এনে পৰিস্থিতিত এতিয়া সম্ভৱত যশস্বীক দলত সুযোগ দিয়া হ'ব আৰু কোহলীক ৩ নম্বৰত বেটিং কৰিবলৈ দিয়া হ'ব !

লগতে পঢ়ক :বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বিজয় - ICC T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.