ETV Bharat / sports

ফ্ল’ৰিডাত বৰষুণৰ বিধি-পথালি; ভাৰত আৰু কানাডাৰ মেচকে ধৰি তিনিখন খেল পৰিত্যক্ত হোৱাৰ সম্ভাৱনা - T20 World Cup 2024 - T20 WORLD CUP 2024

Rain threat over Florida leg: ফ্ল’ৰিডাত ভয়ানক আকস্মিক বানৰ বাবে ফ’ৰ্ট লডাৰডেলৰ মেয়ৰে ৰাজ্যিক জৰুৰীকালীন অৱস্থা জাৰি কৰিছে । এনে পৰিস্থিতিত বৰষুণে ছুপাৰ এইটত পাকিস্তানৰ প্ৰৱেশৰ সম্ভাৱনাত পানী পেলাব পাৰে । কিয়নো প্ৰথম দুখন মেচত পৰাজয়ৰ পিচত দলটোৰ ভাগ্য এতিয়া তেওঁলোকৰ নিজৰ হাতত নাই । লগতে ভাৰতেও কানাডাৰ বিৰুদ্ধে মেচখনত নিজৰ সংৰক্ষিত খেলুৱৈৰ শক্তি পৰীক্ষা কৰাৰ সুযোগ হেৰুৱাব পাৰে ।

T20 World Cup 2024
ফ্লৰিডাত তীব্ৰ বৰষুণ, মেচ পৰিত্যক্ত হোৱাৰ সম্ভাৱনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 3:16 PM IST

স্পৰ্টছ ডেস্ক, ১৪ জুন : আমেৰিকা আৰু কানাডাত চলি থকা পুৰুষৰ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায় প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে আৰু এতিয়া ছুপাৰ এইট পৰ্যায়ৰ খেল আৰম্ভ হ’ব । অৱশ্যে ফ্ল’ৰিডাত বতৰৰ পৰিস্থিতি বৰ্তমান ক্ৰিকেট খেলাৰ বাবে উপযুক্ত নহয় । যাৰ বাবে খেলুৱৈৰ লগতে অনুৰাগীসকল চিন্তিত হৈ পৰিছে । ভাৰত আৰু কানাডাৰ মাজৰ মেচখনকে ধৰি ফ্ল’ৰিডাত আৰু তিনিখন মেচৰ সূচী নিৰ্ধাৰিত হৈ আছে ।

ফ্ল’ৰিডাত কৃত্ৰিম বানৰ সতৰ্কবাণী

১১ জুনত মিয়ামি ফ্ল’ৰিডাত ধাৰাসাৰ বৰষুণ হৈছিল । ইয়াৰ উপৰি তাত এতিয়াও নিৰন্তৰ বৰষুণ হৈ আছে । ইয়াৰ ফলত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে । প্ৰচুৰ বৰষুণৰ বাবে পথবোৰ পানীৰে ভৰি পৰিছে । তাৰ মাজতে বেয়া বতৰৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে আৰু মিয়ামিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ।

লডাৰহিলত অৱস্থিত চেণ্ট্ৰেল ব্ৰ'ৱাৰ্ড ৰিজিঅ'নেল পাৰ্ক ষ্টেডিয়াম টাৰ্ফ গ্ৰাউণ্ডত চাৰিখন মেচ অনুষ্ঠিত হ'ব । ১১ জুনত শ্ৰীলংকা আৰু নেপালৰ মাজৰ প্ৰথমখন মেচ পৰিত্যক্ত হৈছিল । বৰ্তমান তাত তিনিখন মেচ বাকী আছে আৰু এই মেচকেইখনো বৰষুণে প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে । বৰষুণে তিনিওখন মেচতে বিধিপথালি দিব পাৰে । আৰু যদি এনে হয় তেন্তে পাকিস্তান ক্ৰিকেট দলৰ বিশ্বকাপ অভিযান ইমানতে সমাপ্ত হ'ব ।

উক্ত স্থানত অনুষ্ঠিত হ'বলগা মেচসমূহ

এই স্থানত অনুষ্ঠিত হোৱা শ্ৰীলংকা আৰু নেপালৰ মাজৰ প্ৰথমখন মেচ ইতিমধ্যে পৰিত্যক্ত হৈছে । পৰৱৰ্তী মেচখন 14 জুন, অৰ্থাৎ শুকুৰবাৰে আমেৰিকা আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব । আনহাতে, ভাৰতে ১৫ জুনত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু পাকিস্তানে তাত অন্তিমখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব । আটাইকেইখন মেচ ভাৰতীয় সময়মতে সন্ধিয়া ৮ বজাত আৰম্ভ হ'ব যদিও মেচকেইখন পৰিত্যক্ত হোৱাৰ সম্ভাৱনা আছে ।

ছুপাৰ এইটত প্ৰৱেশৰ পাকিস্তানৰ সম্ভাৱনাত বৰষুণ হ'ব পাৰে বাধাৰ প্ৰাচীৰ

ভাৰতে ইতিমধ্যে ছুপাৰ এইটৰ বাবে যোগ্যতা অৰ্জন কৰিছে । বৰ্তমান গ্ৰুপটোৰ পৰা ছুপাৰ এইটৰ বাবে মাত্ৰ এটা দলৰহে স্থান আছে । পাকিস্তান দুই পইণ্টেৰে গ্ৰুপত তৃতীয় স্থানত আছে । আনহাতে, আমেৰিকা চাৰি পইণ্টেৰে দ্বিতীয় স্থানত আছে । সেয়ে পাকিস্তানে পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হ'বলৈ আমেৰিকাই কোনো কাৰণতে পইণ্ট তালিকাৰ ওপৰলৈ যোৱাটো নিবিচাৰিব । সেয়েহে আমেৰিকাৰ জয় বা মেচ বাতিল হোৱাই পাকিস্তিনৰ অভিযান সমাপ্ত কৰিব ।

আনহাতে, যদি আমেৰিকাই আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয়, তেন্তে পাকিস্তানেও অন্তিম গ্ৰুপ পৰ্যায়ৰ মেচত যিকোনো মূল্যৰ বিনিময়ত আয়াৰলেণ্ডক পৰাস্ত কৰিব লাগিব । ইফালে কানাডাৰ বিৰুদ্ধে ভাৰতৰ মেচখনো অনিশ্চিত অৱস্থাত আছে । যদি বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হয়, তেন্তে মেন ইন ব্লুৱে নিজৰ সংৰক্ষিত খেলুৱৈৰ শক্তি পৰীক্ষাৰ চেষ্টা কৰাৰ সুযোগ হেৰুৱাব পাৰে ।

লগতে পঢ়ক :নেডাৰলেণ্ডক ২৫ ৰাণত পৰাস্ত বাংলাদেশৰ, পুনৰ উজলিল অভিজ্ঞ শ্বাকিব - ICC T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.