ETV Bharat / sports

অৱসৰৰ পিচত প্ৰত্যাৱৰ্তন: তথাপিও টি 20 বিশ্বকাপৰ পৰা আঁতৰত ইমাদ ৱাছিম - T20 WORLD CUP 2024 - T20 WORLD CUP 2024

Imad Wasim withdrew : অৱসৰৰ পিছত পাকিস্তানৰ অলৰাউণ্ডাৰ খেলুৱৈ ইমাদ ৱাছিমক অন্তৰ্ভুক্ত কৰা হৈছিল দলত । কিন্তু খেলুৱৈগৰাকীক বিশ্বকাপৰ প্ৰথমখন খেলত ইউ এছ এৰ বিৰুদ্ধে দেখা নাপাব দৰ্শক-অনুৰাগীয়ে ।

T20 WORLD CUP 2024
ইমাদ ৱাছিম (IANS)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:59 PM IST

স্প’ৰ্টছ ডেস্ক, 6 জুন : পাকিস্তানৰ বাওঁহতীয়া স্পিন অলৰাউণ্ডাৰ ইমাদ ৱাছিমক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া মেচখনত দেখা নাযাব ৷ খেলুৱৈগৰাকীয়ে শাৰিৰীক অসুস্থতাৰ বাবে প্লেয়িং-১১ ৰ মেচখন প্ৰত্যাহাৰ কৰিছে ৷

ইমাদক চিকিৎসকৰ দলে বিশ্ৰামৰ পৰামৰ্শ প্ৰদান কৰা বুলি প্ৰকাশ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷ পৰৱৰ্তী সময়ত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ হ’বলগীয়া হাই-ভল্টেজ মেচখনত খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: হাৰ্দিকৰ ধুমুহা, আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় ভাৰতৰ - T20 World Cup 2024

বিগত মে’ মাহত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন টি-২০ মেচৰ পূৰ্বে কৰা নেট অনুশীলনত খেলুৱৈগৰাকীয়ে তেওঁৰ সোঁফালে কিছু অস্বস্তি অনুভৱ কৰি মেচত অংশগ্ৰহণৰ পৰা বিৰত আছিল ৷ পাকিস্তানৰ অধিনায়ক বাবৰ আজমে দলটোৱে প্ৰতিপক্ষক সহজভাৱে গ্ৰহণ নকৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰই হিউষ্টনত বাংলাদেশক 2-1 ত পৰাস্ত কৰিছিল ৷ বিশ্বকাপৰ উদ্বোধনী মেচখনত দলটোৱে কানাডাক 195 ৰাণত পৰাস্ত কৰে ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপত নেদাৰলেণ্ডৰ হাতত ৬ উইকেটত পৰাস্ত নেপাল - T20 World Cup 2024

পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট দলটোৰ বাবে সুকীয়া ৰণনীতি প্ৰস্তুত কৰা বুলিও প্ৰকাশ কৰিছে ৷ কিয়নো এইবেলি বিশ্বকাপত এনে বহুত দলৰ সৈতে পাকিস্তানে প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ৷ যাৰ বাবে সুকীয়া ৰণনীতিৰ দৰকাৰ ৷

উল্লেখ্য যে, পাকিস্তানে 2009 চনত ইংলেণ্ডত অনুষ্ঠিত টি-20 বিশ্বকাপৰ বিজয়ী হৈছিল ৷ তদুপৰি 2007 আৰু 2022 ত ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰে ৷ 2010, 2012 আৰু 2021 চনতো দলটোৱে টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰে ৷

আনহাতে, নিউয়ৰ্কৰ নাছাউ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টি-20 বিশ্বকাপৰ অষ্টমখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে ৷ মেচখনত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে ৷ যশপ্ৰীত বুমৰাহ প্লেয়াৰ অৱ দ্য মেচ হিচাপে বিবেচিত হয় ৷

লগতে পঢ়ক: জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ অষ্ট্ৰেলিয়াৰ; ওমানৰ বিৰুদ্ধে মাৰ্কছ ষ্টইনিছৰ সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.