ETV Bharat / sports

ক্ৰিকেটৰ মহাৰণ : সন্মুখত দুই অপৰাজেয় শক্তি - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 3:44 PM IST

T20 World Cup 2024: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ ফাইনেলৰ পূৰ্বে বাৰ্বাডোছত যথেষ্ট উত্তেজনা দেখা গৈছে । মেন ইন ব্লুৱে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ট্ৰফী লাভৰ চেষ্টা চলাব । একেদৰে এডেন মাৰ্ক্ৰাম দলেও প্ৰথমটো ট্ৰফীৰ আগ্ৰহী হ'ব ।

T20 World Cup 2024
ক্ৰিকেটৰ মহাৰণ;সন্মুখত দুই অপৰাজেয় শক্তি (ANI Photo)

স্পৰ্টছ ডেস্ক,২৯ জুন : আজি টি-২০ বিশ্বকাপৰ বিগ ফাইনেল । মুখামুখি হ'ব বিশ্ব ক্ৰিকেটৰ দুই মহাৰথী । এটাই ১৭ বছৰ ধৰি ট্ৰফীৰ ভোকত আছে । আনহাতে এটাই আকৌ প্ৰথমবাৰলৈ ট্ৰফী লাভৰ সপোন দেখিছে । দুই প্ৰতিদ্বন্দ্বীৰ এটা ত্ৰুটিহীন, দৃঢ়, কঠোৰ, উচ্চাকাংক্ষী, ক্লিনিকেল আৰু বিশ্বৰ শীৰ্ষত । আনটো যিকোনো মুহূৰ্তত ধুমুহাৰ সৃষ্টি কৰিব পৰা আৰু ভয়ংকৰ হোৱা স্বত্বেও লাভৰ বাবে আকুল আৰু শংকিত হৈ আছে ।

সঁচাকৈয়ে ইয়াত কোনো পক্ষৰ বাবে দ্বিতীয় সুযোগ নাথাকিব । যেতিয়া ভাৰতে শনিবাৰে কেনিংটন অ'ভেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব, ই এটা যুগৰ বাবে ফাইনেল হ'ব । ৰোহিত শৰ্মা আৰু ভাৰতীয় দলে কঠোৰ পৰিশ্ৰমেৰে লক্ষ্য প্ৰাপ্তিৰ আশাত, প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ, ভাগ্যক চুম্বন কৰি আত্মবিশ্বাসেৰে এই পৰ্যায়ত উপনীত হৈছে ।

ভাৰত জয়ী হ'ব বুলি আত্মবিশ্বাসে এই মুহূৰ্তত সকলোতে বিৰাজ কৰিছে । কিয়নো অনুৰাগীসকলে হোটেল বুকিং কৰিছে, কিছুমানে বৃহৎ ব্যয়ত বিমানৰ অনুপস্থিতিত চাৰ্টাৰ ভাড়া কৰিছে, আন কিছুমানে বহু আমেৰিকান ডলাৰ খৰচ কৰি টিকট বিচাৰি আছে । আন কিছুমানে ভাৰতক উৎসাহিত কৰিবলৈ কেনেবাকৈ কেনিংটন অ'ভেলত উপস্থিত হ'বলৈ আক্ষৰিকভাৱে আটলাণ্টিক পাৰ হ'বলৈ ইচ্ছুক ।

অৱশ্যে বাৰ্বাডোছৰ ওপৰেৰে ক্ৰান্তীয় ধুমুহাই সকলোকে অশান্ত কৰি ৰাখিছে । সকলোৱে বিচাৰি আছে যি হওঁক সেয়া খেলৰ পিচত হ'ব লাগে ।

ভাৰতৰ কাম হৈছে প্ৰত্যাশাৰে ভৰা সাগৰৰ জোৱাৰৰ সন্মুখীন হোৱা আৰু তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট খেলা । তেওঁলোকৰ দক্ষতা, সামৰ্থ্য আৰু অভিপ্ৰায় আছে । ৰোহিত শৰ্মাই বিশ্বাস কৰে যে তেওঁৰ এটা স্মাৰ্ট দল আছে । তেওঁলোকৰ ওচৰত যি নাই সেয়া হ'ল শনিবাৰে বিজয়ৰ বিকল্প ।

ছেমি ফাইনেলত জীৱনৰ আটাইতকৈ আকৰ্ষণীয় ইনিংছ খেলা অধিনায়ক শৰ্মাই তেওঁৰ যোদ্ধাসকলৰ সৈতে এক ব্যস্ত সময়সূচীৰ মাজেৰে সময় অতিবাহিত কৰিছে । ৰোহিত শৰ্মাই মাজনিশা চাৰ্টাৰত নিদ্ৰাহীন কন্যাক কোলাত তুলি লৈ, তাৰ ঠিক পিচতে যুদ্ধ কোঠাৰ সভাত সোমাইছে । তাৰ পিচত খেলুৱৈসকলৰ বাবে লক্ষ্য আৰু ৰণনীতি নিৰ্ধাৰণ কৰিছে, গতি আৰু শান্তি বজাই ৰাখিবলৈ দলৰ সহযোগীসকলৰ সৈতে কথা পাতিছে । নিজৰ বেটিঙেৰে কাম কৰা আৰু ব্যক্তিগতভাৱে ৰাণ সংগ্ৰহ কৰা । এই সকলোবোৰৰ উদ্দেশ্য এটাই এডিলেডত ইংলেণ্ডৰ বিৰুদ্ধে ২০২২ চনত পৰাজয়ৰ পিচত দলৰ আত্মসন্মান বজাই ৰখা ।

এয়া ৰোহিত শৰ্মা আৰু তেওঁৰ দলৰ আন বহুতো খেলুৱৈৰ বাবে অন্তিম বিশ্বকাপ হ'ব । এই ক্ষেত্ৰত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে খেলুৱৈৰ নাম উল্লেখ কৰিব পাৰি । এনে পৰিস্থিতিত খেলুৱৈসকলে খেলখনত ১০০ শতাংশ দিবলৈ চেষ্টা কৰিব ।

ইফালে বাৰ্বাডোছৰ কেনিংটন অ'ভেলৰ সকলো কাৰিকৰী সমাধান ভাৰতৰ হাতত আছে । পিটছখন বাউন্স হ'লে বেটছমেনৰ বাবে সহায়ক হ'ব আৰু বাউন্স নহ'লে বলাৰসকলৰ বাবে উপযুক্ত হ'ব । এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কুলদীপ যাদৱ সক্ষম । একেখন পিটছতে ভাৰতে ১৮১ ৰাণ সংগ্ৰহ কৰি আফগানিস্তানক পৰাস্ত কৰিছিল ।

এয়া এক ঐতিহাসিক মুহূৰ্ত আৰু ঐতিহাসিক স্থান আৰু ৰোহিত শৰ্মাৰ ওচৰত যথেষ্ট সুযোগ আছে । যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু ৰোহিত বাহিনী । যিয়ে নহওক এইবাৰ সময় ভাৰতৰ ।

লগতে পঢ়ক :ভাৰত বনাম দক্ষিণ আফ্ৰিকা; বৰুণ দেৱতাৰ ওপৰতে এতিয়া ভৰসা - T20 World Cup 2024

লগতে পঢ়ক :ভাৰতীয় ক্ৰিকেট দলৰ ডায়নামিক 7 ; শৰ্মাৰ নেতৃত্ব, কোহলীৰ সংকল্প, পাণ্ডিয়াৰ বহুমুখী প্ৰতিভাই ট্ৰফী জয়ত কৰিব সহায় - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.