ETV Bharat / sports

অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ : অধিনায়কোচিত ইনিংছ উপহাৰ ৰোহিতৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:40 AM IST

Updated : Jun 25, 2024, 10:59 PM IST

T20 World Cup 2024: ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পোতক তুলিলে ভাৰতে । ছুপাৰ-৮ ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াক ২৪ ৰাণত পৰাস্ত কৰে ৰোহিত বাহিনীয়ে । ৯২ ৰাণৰ আকৰ্ষণীয় ইনিংছৰ বাবে ৰোহিত শৰ্মাক প্ৰদান প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ।

T20 World Cup 2024
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ (ETV Bharat)

নিউজ ডেস্ক, ২৫ জুন : টি ২০ বিশ্বকাপ ২০২৪ ত ভাৰতে ছুপাৰ-৮ ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াক ২৪ ৰাণত পৰাস্ত কৰে । এই বিজয়ৰ লগে লগে ভাৰতীয় দলটোৱে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । একে সময়তে আফগানিস্তান আৰু বাংলাদেশৰ মাজৰ খেলৰ ফলাফলৰ পিচত গ্ৰুপ A-ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয় দলটো বাছনি কৰা হ'ব ।

উল্লেখ্য যে, প্ৰথমে বেটিং কৰি ভাৰতে ৰোহিত শৰ্মাৰ ৯২ ৰাণৰ দৰ্শনীয় ইনিংছৰ দ্বাৰা ২০৫ ৰাণ সংগ্ৰহ কৰে । ৰোহিত শৰ্মাৰ সৰ্বশ্ৰেষ্ঠ ফৰ্ম আৰু ষ্টাইল এই মেচখনত দেখা যায় । ৰোহিতে অষ্ট্ৰেলিয়াৰ আগশাৰীৰ বলাৰ মিচেল ষ্টাৰ্কক তীব্ৰভাৱে আক্ৰমণ কৰে আৰু এটা অভাৰত ২৯ ৰাণ সংগ্ৰহ কৰে । সেই অভাৰত ৰোহিতে ৪ টা ছিক্সাৰ আৰু এটা চাৰি কোবাইছিল । ইয়াৰ বাহিৰেও ৰোহিতে বাকী সকলো বলাৰৰ ওপৰতে আক্ৰমণ কৰা দেখা যায় । যাৰ বাবে ৰোহিতে ৮ টা ছিক্সাৰ আৰু ৭ টা চাৰিৰ সহায়ত ৪১ টা বলত ৯২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ইফালে তাৰকা বেটছমেন বিৰাট কোহলী আকৌ এবাৰ ফ্ল'প হোৱা দেখা গ'ল । ৫ টা বল খেলি ০ ৰাণত আউট হয় কোহলী । উইকেটকীপাৰ ঋষভ পণ্টে ১৪ টা বলত ১৫ ৰাণ সংগ্ৰহ কৰে । একে সময়তে সূৰ্যকুমাৰ যাদৱে ১৬ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে । শিৱম ডুবেয়ে ২২ টা বলত ২৮ ৰাণ সংগ্ৰহ কৰে । হাৰ্ডিক পাণ্ডিয়ায়ো অন্তিম অভাৰত দৰ্শনীয় ছিক্সাৰ কোবাই দলটোৰ স্ক'ৰ ২০০ অতিক্ৰম কৰাত সহায় কৰে ।

অষ্ট্ৰেলিয়াৰ হৈ মাৰ্কাছ ষ্টইনিছ আৰু মিচেল ষ্টাৰ্কে ২ টাকৈ উইকেট দখল কৰে । জছ হেজলউডে এটাও উইকেট লাভ কৰিব নোৱাৰিলে কিন্তু ৪ অভাৰত মাত্ৰ ১৪ ৰাণ হে দিয়ে । মাৰ্কাছ ষ্টইনিছে ৪ অভাৰত ৫৬ ৰাণ, ষ্টাৰ্কে ৪৫ ৰাণ, কামিন্সে ৪৮ আৰু জাম্পাই ৪১ ৰাণ দিয়ে ।

ভাৰতৰ ২০৬ ৰাণৰ লক্ষ্যৰ পিচত গৈ অষ্ট্ৰেলিয়াই প্ৰথম অভাৰতে ডেভিদ ৱাৰ্ণাৰৰ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় । তাৰ পিচত মিচেল মাৰ্শে ৩৭ ৰাণ সংগ্ৰহ কৰে আৰু ট্ৰেভিছ হেডে ৭৬ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । গ্লেন মেক্সৱেলে ১২ টা বলত ২০ ৰাণ সংগ্ৰহ কৰে । এসময়ত খেলখনত অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে ৰাজত্ব কৰিছিল যদিও ট্ৰেভিছ হেড আৰু মেক্সৱেলৰ উইকেট পতনৰ লগে লগে ভাৰতে পুনৰ আধিপত্য বিস্তাৰ কৰে ।

ভাৰতৰ হৈ অৰ্শদীপ সিঙে ৪ অভাৰত ৩৭ ৰাণত ৩ টা উইকেট দখল কৰে । ইয়াৰ উপৰিও কুলদীপ যাদৱে ২ টা, জছপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক :চুপাৰ-8ৰ মহাৰণ : কেংগেৰুৰ সন্মুখত 206 ৰাণৰ বিজয় লক্ষ্য, ৰোহিতৰ অধিনায়কোচিত 92 - T20 World Cup 2024

Last Updated : Jun 25, 2024, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.