ETV Bharat / sports

টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা: খেল বাতিল হ’লে কোন হ’ব বিজয়ী ? - T20 World Cup 2024 final

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:45 PM IST

IND vs SA Final Barbados Weather Forecast : শনিবাৰে বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা । একে সময়তে দেওবাৰৰ ৰিজাৰ্ভ ডে’তো বৰষুণে খেল নষ্ট কৰিব পাৰে । এনে পৰিস্থিতিত ফাইনেল বাতিলৰ সম্ভাৱনা বাঢ়িছে । যদি বৰষুণৰ বাবে চূড়ান্ত মেচখন বাতিল হয়, তেন্তে কোনটো দল চেম্পিয়ন হ’ব ? জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ।

Barbados Weather Forecast
T20 World Cup 2024 final (AP photo)

স্প’ৰ্টছ ডেস্ক, 28 জুন: বাৰ্বাডোছৰ কেনচিংটন অভেল ষ্টেডিয়ামত শনিবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৪ ৰ ফাইনেল খেলখন । প্ৰতিযোগিতাখনত এতিয়ালৈকে দুয়োটা দল অপৰাজিত হৈ আছে । এনে পৰিস্থিতিত দুয়োৰে মাজত কঠোৰ প্ৰতিযোগিতাৰ আশা কৰা হৈছে । য'ত ভাৰতে ১০ বছৰীয়া আই চি চিৰ ট্ৰফীৰ অপেক্ষাৰঅন্ত পেলোৱাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব । একে সময়তে দক্ষিণ আফ্ৰিকাৰ দলটোৱে প্ৰথমটো আইচিচি খিতাপ দখল কৰিবলৈ মৰণপণ যুঁজ দিব ।

চূড়ান্ত মেচত বৰষুণৰ সম্ভাৱনা

শনিবাৰে যেতিয়া এই দুয়োটা দলৰ মাজত মুখামুখি হ’ব, তেতিয়া অনুৰাগীয়ে কঠিন প্ৰতিযোগিতা চাবলৈ পাব । কিন্তু, ফাইনেলৰ পূৰ্বে অনুৰাগীৰ বাবে আছে এটা বেয়া খবৰ । ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত বৰষুণৰ প্ৰভাৱ পৰাৰ পিচত শনিবাৰে বাৰ্বাডোছত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখনতো বৰষুণৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি ফাইনেলত বৰষুণৰ সম্ভাৱনা আছে ।

খেলৰ সময়ত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে বিয়লি বাৰ্বাডোছত ৯৯ শতাংশ ডাৱৰৰ আৱৰণৰ বাবে বৰষুণৰ সম্ভাৱনা আছে । ২৯ জুনত বাৰ্বাডোছত প্ৰচণ্ড বতাহ আৰু ঘন বৰষুণৰ সম্ভাৱনা আছে । ফাইনেলৰ সময়ত বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ পৰ্যন্ত । ইয়াৰ পিচত অনুৰাগীয়ে হয়তো আকৌ এবাৰ বৰষুণৰ ফলত খেলখন বাধাগ্ৰস্ত হোৱা দেখিব ।

লগতে পঢ়ক: লক্ষ্য ফাইনেল : বাৰ্বাডোছত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব এইসকল ভাৰতীয় বলাৰ - India vs South Africa Final

সংৰক্ষিত দিনতো বৰষুণৰ পূৰ্বাভাস

২৯ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ বাবে আইচিচিয়ে ৩০ জুন দেওবাৰক সংৰক্ষিত দিন হিচাপে ৰাখিছে । কিন্তু বতৰ বিজ্ঞান বিভাগে দেওবাৰেও বৰষুণৰ ভৱিষ্যদ্বাণী কৰাটো চিন্তনীয় বিষয় । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৩০ জুন তাৰিখেও বিয়লি বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে । এই দিনটো বেছিভাগেই ডাৱৰীয়া আৰু আৰ্দ্ৰ থাকিব, ৰাতিপুৱা বতাহ আৰু তাৰ পিচত দুপৰীয়া বৰষুণৰ সৈতে ধুমুহা আহিব পাৰে ।

বৰষুণৰ বাবে মেচ বাতিল হ’লে কোন হ’ব চেম্পিয়ন ?

যদি শনিবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা ফাইনেল মেচখনত বৰষুণৰ ফলত বাধা আহে, তেন্তে দেওবাৰে ৰিজাৰ্ভ ডে’ত খেলখন অনুষ্ঠিত হ’ব । যদি বৰষুণৰ বাবে দেওবাৰেও মেচখন সময়মতে অনুষ্ঠিত কৰিব পৰা নাযায়, তেন্তে ইয়াৰ বাবে আইচিচিয়ে অতিৰিক্ত ১৯০ মিনিট সময় ৰাখিছে । যদি এই সময়তো বৰষুণে খেলখন খেলিবলৈ নিদিয়ে আৰু বৰষুণৰ বাবে চূড়ান্ত মেচখন বাতিল হয়, পৰিস্থিতিত ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলকেই প্ৰতিযোগিতাখনৰ যৌথ বিজয়ী হিচাপে ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক: টি-20 বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে বিৰাট কোহলী সন্দৰ্ভত ডাঙৰ মন্তব্য ৰোহিত শৰ্মাৰ: কি ক’লে হিটমেনে ? - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.