ETV Bharat / sports

T-২০ বিশ্বকাপ : ৰোমাঞ্চকৰ হৈ পৰিল ছেমি ফাইনেলৰ গণিত - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:35 PM IST

T20 WC Semi Final : T-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰি আফগানিস্তানে ছেমি ফাইনেলৰ গণিত অতি ৰোমাঞ্চকৰ কৰি তুলিছে। এই জয়েৰে দলটোৱে কেৱল আশাক জীয়াই ৰখাই নহয় অষ্ট্ৰেলিয়াৰ সমস্যাও বৃদ্ধি কৰিছে। সম্পূৰ্ণ খবৰ পঢ়ক..

T20 WC Semi Final
কি হ’ব ছেমি ফাইনেলৰ গণিত (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 23 জুন : দেওবাৰে চলিত T-২০ বিশ্বকাপত অঘটন ঘটাই এদিনীয়াৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰে আফগানিস্তানে ৷ এই মেচত কেংগেৰু বাহিনীৰ বিৰুদ্ধে আফগানিস্তানে এক ঐতিহাসিক জয় অৰ্জন কৰে ৷ এই জয়েৰে 2023 চনৰ এদিনীয়া বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা শোচনীয় পৰাজয়ৰ পোটক তোলে আফগানিস্তানে ৷ ইফালে দেওবাৰৰ মেচত পেট কামিন্সে পুনৰবাৰ হেট্ৰিক অৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে আফগানিস্তানে গ্লেন মেক্সৱেলৰ অৰ্ধশতক আৰু পেট কামিন্সৰ হেট্ৰিকক উপেক্ষা কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে ৷ আফগানিস্তানৰ এই জয়ে সোমবাৰে ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া মেচখনক লৈ অষ্ট্ৰেলিয়াৰ দলটো প্ৰচণ্ড চাপত ভুগিছে ৷

ছেমি ফাইনেলৰ গণিত কি-

ভাৰতীয় দল ছেমি ফাইনেলৰ গণিতত আটাইতকৈ নিৰাপদ ৷ কাৰণ, প্ৰথম দুখন মেচত আফগানিস্তান আৰু বাংলাদেশক পৰাস্ত কৰিছে মেন ইন ব্লুৱে ৷ যদিহে ভাৰতে সোমবাৰে পৰৱৰ্তী মেচখনত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে তেন্তে দলটোৱে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব ৷ কিন্তু পৰাস্ত কৰিব নোৱাৰিলেও আফগানিস্তান বনাম বাংলাদেশৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব দলটোৱে ৷

লগতে পঢ়ক : ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো বিজয় আফগানিস্তানৰ - T20 World Cup 2024

ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ আফগানিস্তানে অন্তিমখন মেচত জয়ী হ’ব লাগিব যদিও সহজে যোগ্যতা অৰ্জন কৰিবলৈ ভাৰতৰ জয়ৰ বাবেও প্ৰাৰ্থনা কৰিব লাগিব ৷ যদি ভাৰত পৰাস্ত হয় তেন্তে দুয়োটা দলৰ ছেমি ফাইনেলৰ ভাগ্য ৰাণ ৰেটৰ ভিত্তিত নিৰ্ণয় কৰা হ’ব ৷

যদি ভাৰতীয় দলটো অন্তিমখন খেলত পৰাস্ত হয় আৰু আফগানিস্তান বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হয়, তেন্তে এনে পৰিস্থিতিত তিনিওটা দলৰ 6 টাকৈ পইণ্ট থাকিব ৷ এনে পৰিস্থিতিত ৰাণ ৰেটৰ ভিত্তিত শীৰ্ষ 2 টা দলে যোগ্যতা অৰ্জন কৰিব ৷ কিন্তু ভাৰতীয় দলটোৱে কোনো কাৰণতে এই ৰিস্ক ল’ব নিবিচাৰিব ৷

বাংলাদেশে ভাৰতীয় দলে অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো বিচাৰিব-

ছেমি ফাইনেলৰ গণিতত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি নিজৰ স্থিতি শক্তিশালী কৰিব বিচাৰিব আৰু আফগানিস্তানে ভাৰতে অন্তিমখন খেলত জয়ী হোৱাটো বিচাৰিব ৷ যাতে দলটোৱে বাংলাদেশক পৰাস্ত কৰি পোনপটীয়াকৈ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰে ৷

লগতে পঢ়ক : ভাৰত বনাম বাংলাদেশ : ৫০ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশ - T20 WORLD CUP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.