ETV Bharat / sports

কলকাতাৰ চিকিৎসকক ধৰ্ষণ-হত্যা: ভাতৃ, স্বামী, বন্ধু আৰু পিতৃক শিক্ষিত কৰাৰ আহ্বান ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱৰ - TRAINEE DOCTOR RAPE MURDER CASE

author img

By ETV Bharat Sports Team

Published : Aug 18, 2024, 7:00 PM IST

RG Murder Case: কলকাতাত সংঘটিত চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনাই জোকাৰি গৈছে দেশ ৷ সমগ্ৰ দেশতে সাব্যস্ত হৈছে প্ৰতিবাদ ৷ ভাৰতীয় ক্ৰিকেটাৰ বুমৰাহ, আয়াৰ, ৰোহিত শৰ্মাৰ পিছতে ইয়াৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ য৷দৱে ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও এই সন্দৰ্ভত মাত মতা দেখিবলৈ পোৱা গৈছিল ৷

TRAINEE DOCTOR RAPE MURDER CASE
ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত লোমহৰ্ষক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছে সমগ্ৰ দেশ ৷ এই কাণ্ড সন্দৰ্ভত ন্যায় বিচাৰি অব্যাহত আছে প্ৰতিবাদ ৷ বহুতে আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমত ৷

কেৱল সাধাৰণ লোকসকলেই নহয়, ভিন্নক্ষেত্ৰৰ তাৰকাসকলেও এই ধৰ্ষণ-হত্যা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৷ কিছুদিন পূৰ্বে এই ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য যশপ্ৰীত বুমৰাহ আৰু শ্ৰেয়ছ আয়াৰে ৷ খেলুৱৈ দুগৰাকীৰ পিছতে পুনৰ ভাৰতীয় দলৰ টি-20 ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰকাশ কৰিছে বিশেষ পোষ্ট ৷

সূৰ্যকুমাৰ যাদৱে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই বাৰ্তা ৷ ক্ৰিকেটাৰগৰাকীয়ে এক কাহিনীৰ জৰিয়তে এই বিশেষ বাৰ্তা দিছে আৰু এটা পুৰণি বিশ্বাস সলনি কৰাৰ কথা কৈছে । যাদৱে কৈছিল যে, কাহিনীটোত "আপোনাৰ ছোৱালীক সুৰক্ষা দিয়ক" ৰ ধাৰণাটো ভুল ৷ বিপৰীতে পুত্ৰক শিক্ষিত কৰাৰ ধাৰণাটোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত ৷ উক্ত কাহিনীটোত "আপোনাৰ ছোৱালীক সুৰক্ষা দিয়ক" ৰ সলনি "আপোনাৰ পুত্ৰক শিক্ষিত কৰক" বুলি উল্লেখ কৰা হৈছে ।

ইয়াৰ উপৰিও সূৰ্যকুমাৰ যাদৱে ভাতৃ, স্বামী, বন্ধু আৰু পিতৃক শিক্ষিত কৰাৰ কথাও উল্লেখ কৰিছে ৷ ইয়াৰ পূৰ্বে ৰোহিত শৰ্মা আৰু আন বহুতো ক্ৰিকেটাৰে আৰ জি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ হত্যা-ধৰ্ষণৰ গোচৰৰ সন্দৰ্ভত ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া । সৌৰভ গাংগুলীয়েও আগতে এই গোচৰটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছিল ।

গাংগুলীয়ে কৈছিল, "মই আশা কৰো যে অপৰাধীসকলক চিনাক্ত কৰা হ'ব আৰু শাস্তি দিয়া হ'ব । জনসাধাৰণে যি ধৰণে প্ৰতিবাদ কৰিছে, যদি এই ঘটনাটো পৃথিৱীৰ যিকোনো ঠাইত ঘটিলহেঁতেন, সাধাৰণ লোকে একেধৰণে মাত মাতিলেহেঁতেন" ।

"অতি দুৰ্ভাগ্যজনক, কঠোৰ ব্যৱস্থা লোৱা উচিত । এই ঘটনাটো ভয়ংকৰ... এইটো সঁচাকৈয়ে ভয়ানক... সকলোতে সম্ভৱ । সেয়েহে নিৰাপত্তা ব্যৱস্থা, চি চি টি ভি কেমেৰা সেই অনুসৰি প্ৰস্তুত কৰিব লাগে । এই ঘটনা যিকোনো ঠাইতে ঘটিব পাৰে । কঠোৰ ব্যৱস্থা লোৱা উচিত" বুলি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷

লগতে পঢ়ক: কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে সৰৱ ভাৰতীয় ক্ৰিকেটাৰ বুমৰাহ-আয়াৰ - TRAINEE DOCTOR RAPE MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.