ETV Bharat / sports

দুলীপ ট্ৰফীত ভাৰতীয় বলাৰসকলৰ অনুপস্থিতিক লৈ দুখ প্ৰকাশ সুনীল গাভাস্কাৰৰ - DULEEP TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 6:36 PM IST

Sunil Gavaskar on duleep trophy: দুলীপ ট্ৰফী 2024 ত ভাৰতৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ অনুপস্থিতিয়ে দুখ দিছে প্ৰবীণ খেলুৱৈ সুনীল গাভাস্কাৰক । গাভাস্কাৰে সদৰী কৰে এই কথা ৷

DULEEP TROPHY 2024
প্ৰবীণ ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: সম্প্ৰতি চলি থকা দুলীপ ট্ৰফী 2024 ত ভাৰতীয় দলৰ শীৰ্ষ তাৰকা বলাৰৰ অনুপস্থিতিত দুখ প্ৰকাশ কৰিছে প্ৰবীণ ভাৰতীয় অ’পেনাৰ সুনীল গাভাস্কাৰে ।

19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলা । যাৰ বাবে যশপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী আৰু মহম্মদ চিৰাজে সন্মানীয় দুলীপ ট্ৰফীত কৰা নাছিল অংশগ্ৰহণ ৷

এক সংবাদ মাধ্যমৰ স্তম্ভত গাভাস্কাৰে প্ৰকাশ কৰা অনুসৰি, প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে অনুভৱ কৰিছিল যে, দুলীপ ট্ৰফীত তাৰকা বলাৰৰ অনুপস্থিতিয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বেটছমেনসকলৰ প্ৰকৃত মূল্যায়ন কৰাত কঠিন হৈ পৰে ।

গাভাস্কাৰে স্তম্ভটোত এনেদৰে লিখিছে, "এইবাৰ সকলো ভাৰতীয় বলাৰক জিৰণি দিয়াৰ লগে লগে কোনগৰাকী বেটছমেন ভাল, সেয়া চিনাক্ত কৰাটো সহজ নহ’ব ৷ কিয়নো তেওঁলোকে মূলতঃ দ্বিতীয় শ্ৰেণীৰ বলাৰসকলৰ সৈতে খেলিব । গতিকে আগন্তুক ছিজনৰ বাবে মেচবোৰ ভাল হ’ব যদিও বেটছমেনসকল প্ৰকৃততে কিমান ভাল, সেই বিষয়ে নিৰ্বাচকসকলে বিশেষ তথ্য নাপাব" ।

75 বছৰীয়া গাভাস্কাৰে লগতে কয় যে, নিয়মীয়াকৈ ভাৰতীয় দলটোক সৰ্বোচ্চ পৰ্যায়ত প্ৰতিনিধিত্ব কৰা সকলো ভাৰতীয় তাৰকা ৰঞ্জী আৰু দুলীপ ট্ৰফীত কিছু পৰিমাণে হ’লেও উপলব্ধ হোৱা উচিত ৷

তেওঁ কয়, "ভাৰতীয় ক্ৰিকেট যদি শক্তিশালী হৈ থাকিব লাগে, তেন্তে ঘৰুৱা গাঁথনিও শক্তিশালী হোৱাটো প্ৰয়োজনীয় । ইয়াৰ অৰ্থ হ’ল ৰেড-বল প্ৰতিযোগিতাৰ সময়সূচী এনেদৰে নিৰ্ধাৰণ কৰা যে, দেশৰ হৈ খেলা খেলুৱৈসকলো ৰঞ্জী আৰু দুলীপ ট্ৰফীৰ খেলৰ কিছু অংশৰ বাবেও অন্ততঃ উপলব্ধ হয় । নহ’লে প্ৰতিভাৰ ক্ষেত্ৰত ই কেৱল মিথ্যা প্ৰমাণিত হ’ব" ৷

প্ৰতিযোগিতাখনত তাৰকা বলাৰ অনুপস্থিত থকাৰ পাছতো দুলীপ ট্ৰফীৰ প্ৰথম দুটা ৰাউণ্ডত টীম ইণ্ডিয়াৰ বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰে । কিন্তু বেছিভাগেই বেটৰ যাদু প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷

এই প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড ভাৰত-বাংলাদেশৰ প্ৰথমখন টেষ্টৰ সমান্তৰালকৈ চলি থাকিব ৷ যাৰ বাবে টীম ইণ্ডিয়াৰ অধিকাংশ খেলুৱৈ অনুপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: এক ৰাণ সংগ্ৰহ কৰিয়েই আনন্দত আত্মহাৰা এইগৰাকী ক্ৰিকেটাৰ, হাঁহিত বাগৰি পৰিল দৰ্শক - AJIT AGARKAR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.