গুৱাহাটী, 18 আগষ্ট: মহানগৰীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আন্তঃবিদ্যালয় দবা চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ যায় । সমগ্ৰ অসমৰ 30 খন বিদ্যালয়ৰ 150 ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ অনুষ্ঠিত সদৌ অসম আন্তঃবিদ্যালয় দবা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে ।
![INTER SCHOOL CHESS TOURNAMENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-08-2024/22237402_a.jpg)
শিক্ষাৰ্থীসকলৰ মাজত মানসিক ক্ষীপ্ৰতা, কৌশলগত চিন্তা আৰু বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । এই প্ৰতিযোগিতা মুঠ তিনিটা শাখাত অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাত নাৰেংগীৰ ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ স্কুলে (এছ এফ এছ) শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা লাভ কৰে আৰু গুৱাহাটীৰ দিল্লী পাব্লিক স্কুল ৰাণাৰ আপ হয় ।
প্ৰতিযোগিতাৰ প্ৰথম শাখাত বিজয়ী(ল’ৰা) সকল হৈছে ক্ৰমে-
- প্ৰথম স্থান- সাৰস্বত ডেকা
- দ্বিতীয় স্থান- দৰ্শিল দাস
- তৃতীয় স্থান- ৰেয়ান নবিচ
- চতুৰ্থ স্থান- প্ৰাচুৰ্য চাংমাই
- পঞ্চম স্থান- ঋষভ বৰদলৈ
প্ৰথম শাখাত বিজয়ী হোৱা ছাত্ৰীসকল হৈছে ক্ৰমে-
- প্ৰথম স্থান- আব্ৰি নাইলা বৰা
- দ্বিতীয় স্থান- কৃশাংগী শৰ্মা
- তৃতীয় স্থান- উৰ্ভি বৰগোঁহাই
- চতুৰ্থ স্থান- ধনিক্ষা দাস
- পঞ্চম স্থান- ইপ্সিতা ঠাকুৰীয়া
দ্বিতীয় শাখাত বিজয় ছাত্ৰসকল হৈছে ক্ৰমে-
- প্ৰথম স্থান- জগজিৎ সিনহা
- দ্বিতীয় স্থান- বৰ্ণিল হাজৰিকা
- তৃতীয় স্থান- শুভাংগ প্ৰাণ কাশ্যপ
- চতুৰ্থ স্থান- এছ ডি চাইকাৰ্তিক
- পঞ্চম স্থান- নীহাৰ দাসছেইণ্ট ফ্ৰান্সিছ ডি চেলছ স্কুললৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা (ETV Bharat Assam)
দ্বিতীয় শাখাত বিজয়ী হোৱা ছাত্ৰীসকল হৈছে ক্ৰমে-
- প্ৰথম স্থান- অমেয়া গুপ্তা
- দ্বিতীয় স্থান- তমন্না শৰ্মা
- তৃতীয় স্থান- সৃষ্টিৰূপা ৰয়
- চতুৰ্থ স্থান- ভৈৰৱী বড়ো
- পঞ্চম স্থান- ক্ৰিষ্টিনা কলিতা
তৃতীয় শাখাত ল'ৰাৰ বিজয়ীসকল হৈছে ক্ৰমে-
- প্ৰথম স্থান- প্ৰাণগোবিন্দ পৰাশৰ কাশ্যপ
- দ্বিতীয় স্থান- দেৱব্ৰত নাথ
- তৃতীয় স্থান- সুভম ভট্টাচাৰ্য
- চতুৰ্থ স্থান- আয়ুষ্মান দাস
- পঞ্চম স্থান- নিৰ্বাণ দাস
এই প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে গোলাপ চন্দ্ৰ গোহাঁইৰ লগতে ৰজনীশ বৰ্মা, হোমেন ৰাভা আৰু প্ৰয়াগ হাজৰিকা ।
মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে চেম্পিয়নশ্বিপৰ সফলতা সন্দৰ্ভত নিজৰ উৎসাহ ব্যক্ত কৰি কয়, "আমি এনে এক অনুষ্ঠান আয়োজন কৰি আনন্দিত হৈছো ৷ যিয়ে ৰাজ্যজুৰি শিক্ষাৰ্থীসকলক তেওঁলোকৰ বৌদ্ধিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ একত্ৰিত কৰে । দবাই সমালোচনামূলক চিন্তাধাৰাৰ লগতে আমাৰ শিক্ষাৰ্থীসকলৰ অনুশাসন আৰু সহনশীলতা বৃদ্ধি কৰে" ।