ETV Bharat / sports

11 টা ছয় আৰু 8 টা চাৰি...উৰ্ভিল পেটেলৰ পিছত অভিষেক শৰ্মাৰ ধুমুহাৰ গতিত শতক অৰ্জন - SYED MUSHTAQ ALI TROPHY

Fastest T20 Hundred: চৈয়দ মুস্তাক আলী ট্ৰফীত মেঘালয়ৰ বিৰুদ্ধে যুটীয়া দ্ৰুততম টি-20 শতক অৰ্জন ভাৰতীয় ক্ৰিকেটাৰ অভিষেক শৰ্মাৰ ।

SYED MUSHTAQ ALI TROPHY
চৈয়দ মুস্তাক আলী ট্ৰফী (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 6, 2024, 10:07 AM IST

স্প’ৰ্টছ ডেস্ক: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেন অভিষেক শৰ্মাই মাত্ৰ 28 টা বলত শতক সম্পূৰ্ণ কৰি টি-20 ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন(যুটীয়া) ৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

চলিত বৰ্ষৰ 5 ডিচেম্বৰত ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত পঞ্জাৱ আৰু মেঘালয়ৰ মাজত চৈয়দ মুস্তাক আলী ট্ৰফীৰ এখন খেলৰ সময়ত এই গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷

ধুমুহাৰ গতিত শতক অৰ্জন অভিষেক শৰ্মাৰ

খেলুৱৈগৰাকীয়ে 8 টা চাৰি আৰু 11 টা ছয়ৰে নিজৰ শতকীয় ইনিংছটো সজায় ৷ যাৰ বাবে তেওঁৰ দলটোৱে মাত্ৰ 13 অভাৰতে 143 ৰাণৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয় ৷ বাওঁহতীয়া খেলুৱৈজনে তেওঁৰ স্পিন বলিঙৰে দখল কৰে কেইটামান উইকেট । এই প্ৰদৰ্শনে ক্ৰিকেটাৰগৰাকীক শেহতীয়া দুৰ্বল ফৰ্মৰ পৰা উদ্ধাৰ কৰে ৷ বিগত 6 টা ইনিংছত এটা 50 কে ধৰি অভিষেকে মাত্ৰ 149 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

পূৰ্বে উৰ্ভিল পেটেলৰ 28 টা বলত শতক অৰ্জন

গুজৰাটৰ উৰ্ভিল পেটেলে প্ৰতিযোগিতাখনৰ আৰম্ভণিতে ইন্দোৰত ত্ৰিপুৰাৰ বিৰুদ্ধে খেলি মাত্ৰ 28 টা বলত শতক সম্পূৰ্ণ কৰিছিল । চলিত সংস্কৰণ আৰম্ভ হোৱাৰ আগতে এজন ভাৰতীয়ৰ দ্ৰুততম টি-20 শতকৰ অভিলেখ আছিল ঋষভ পন্তৰ নামত, যিয়ে 2018 চনত হিমাচল প্ৰদেশৰ বিৰুদ্ধে 32 টা বলত এই কৃতিত্ব অৰ্জন কৰিছিল । আনহাতে, সৰ্বাধিক দ্ৰুততম টি-20 শতকৰ অভিলেখৰ তালিকাৰ প্ৰথম স্থানত আছে এষ্টোনিয়াৰ চাহিল চৌহান, যিয়ে চাইপ্ৰাছৰ বিৰুদ্ধে মাত্ৰ 27 টা বলত শতক অৰ্জন কৰিছিল ।

ভাৰতীয় খেলুৱৈসকলৰ দ্ৰুততম টি-20 শতক

  • অভিষেক শৰ্মা - 28 টা বল
  • উৰ্ভিল পেটেল - 28 টা বল
  • ঋষভ পন্ত - 32 টা বল
  • ৰোহিত শৰ্মা - ৩৫ টা বল
  • উৰ্ভিল পেটেল - 36 টা বল

লগতে পঢ়ক: 20 অভাৰত 349 ৰাণ, 37 ছয়; টি-20 ক্ৰিকেটত সৰ্বাধিক ছয়ৰে চৈয়দ মুস্তাক আলী ট্ৰফীত বৰোদাৰ কৃতিত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.