নিউজ ডেস্ক, 19 জুন: সফলতাৰ মূল চাবি-কাঠি হৈছে একাগ্ৰতা ৷ প্ৰচুৰ আত্মবিশ্বাস তথা মনোবলে মানুহক জীৱনৰ বাটত আগুৱাই যাবলৈ, বিভিন্ন বাধা লংঘন কৰি সফলতা আঁজুৰিবলৈ সক্ষম কৰি তোলে ৷ তেনে অদম্য ইচ্ছা শক্তিৰ গৰাকী এগৰাকী অসমকন্যাৰ নাম আজি সকলোৰে মুখে মুখে ৷ ‘‘ছোৱালীয়ে সকলো কাম কৰিব নোৱাৰে’’ বুলি বহুতেই মনত পুহি ৰখা ধাৰণাটোক সলনি কৰি বিশ্ব স্তৰত নিজৰ বাবে সুকীয়া স্থান নিৰ্মাণত সফল হোৱা এইগৰাকী অসমকন্যা হৈছে গীতিকা তালুকদাৰ ৷ শেহতীয়াভাৱে সংবাদ মাধ্যম, সামাজিক মাধ্যমত গীতিকাক লৈ ব্যাপক চৰ্চা চলিছে ৷
অসম তথা অসমীয়া সংবাদ জগতক গৌৰৱাম্বিত কৰি পেৰিছ অলিম্পিকলৈ পোনপটীয়া আমন্ত্ৰণ লাভ কৰিছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰে ৷ অহা 26 জুলাইৰ পৰা পেৰিছত অনুষ্ঠিত হ’ব অলিম্পিক 2024 ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ব্যতিক্ৰমীভাৱে মহিলা ক্ৰীড়া সাংবাদিক আৰু ফটোগ্ৰাফাৰসকলক ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাৰ বাবে প্ৰশংসা আৰু উৎসাহৰ চিন স্বৰূপে গীতিকাক পোনপটীয়া আমন্ত্ৰণ জনাইছে ৷ ভাৰতৰ পৰা এই আমন্ত্ৰণ লাভ কৰা একমাত্ৰ মহিলা ক্ৰীড়া সাংবাদিক হৈছে অসমকন্যা গীতিকা তালুকদাৰ ৷
লগতে পঢ়ক: পেৰিছ অলিম্পিক টেনিছৰ বাবে যোগ্যতা অৰ্জন ৰোহণ বোপান্না-সুমিত নাগালৰ - Paris Olympics 2024
অলিম্পিকৰ বাতৰি সংগ্ৰহৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা বহু সাংবাদিক যাব পেৰিছলৈ ৷ কিন্তু তাৰ ভিতৰত মুষ্টিমেয় কেইগৰাকীমান সাংবাদিকেহে পোনপটীয়া আমন্ত্ৰণ লাভ কৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটীৰ পৰা ৷ সেই এমুঠিমান সাংবাদিকৰ ভিতৰত গীতিকা অন্যতম ৷
আমন্ত্ৰণ লাভ কৰি গীতিকা তালুকদাৰৰ অনুভৱ:
অলিম্পিকলৈ পোনপটীয়া আমন্ত্ৰণ লাভ কৰা গীতিকা তালুকদাৰে বুধবাৰে দক্ষিণ কোৰিয়াৰ চিউলৰ পৰা ই টিভি ভাৰতৰ আগত মনৰ ভাৱ প্ৰকাশ কৰি কয় যে পেৰিছ অলিম্পিকলৈ যাবলৈ তেওঁ উৎকণ্ঠিত হৈ আছে ৷ তেওঁ কয় যে এই আমন্ত্ৰণৰ বাবে আন্তৰ্জাতিক অলিম্পিক কমিটীৰ ওচৰত তেওঁ কৃতজ্ঞ ৷ এই আমন্ত্ৰণ তথা সন্মানৰ বাবে আন্তৰ্জাতিক অলিম্পিক কমিটীক ধন্যবাদো জনাই গীতিকাই ৷ এই পদক্ষেপে মহিলা ক্ৰীড়া সাংবাদিকসকলক নিজৰ ক্ষেত্ৰত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰে গীতিকা তালুকদাৰে ৷
তেওঁ লগতে কয় যে এইবাৰৰ অলিম্পিকৰ লক্ষ্য হৈছে ‘‘গেমছ ৱাইড অ'পেন’’ ৷ যিয়ে যিমান পাৰি বহল পৰিসৰত দৰ্শকৰ মাজলৈ যোৱাৰ লক্ষ্যৰে মুকলি মনোভাৱৰ ধাৰা বহন কৰে ৷ লগতে ই সকলোৰে বাবে সমান সুযোগৰ অৰ্থ প্ৰতিফলিত কৰে ৷ গীতিকাই অনুভৱ কৰে যে এই ধৰণৰ উৎসাহে এগৰাকী মহিলাৰ নেতৃত্বৰ গুণ বৃদ্ধি কৰে, যিটো সামগ্ৰিকভাৱে সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
লগতে পঢ়ক: পেৰিছ অলিম্পিক কোটাত মোহৰ লগালে ভাৰতৰ নিশান্ত দেৱে, থমকিল অংকুশিতা বড়ো - Paris Olympic 2024
দ্বিতীয়বাৰলৈ অলিম্পিকত সাংবাদিকতাৰ সুযোগ:
গীতিকা তালুকদাৰে অহা 23 জুলাইত অলিম্পিকৰ বাবে উৰা মাৰিব পেৰিছলৈ ৷ এইবাৰ দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ বাতৰি আৰু ফটো সংগ্ৰহৰ সুযোগ লাভ কৰিছে গীতিকাই ৷ ইয়াৰ পূৰ্বে ক’ভিডৰ ভয়াৱহতাকো নেওচি 2021 বৰ্ষত টকিঅ’ৰ পৰা অলিম্পিক 2020 ৰ বাতৰি সংগ্ৰহ কৰিছিল সাংবাদিকগৰাকীয়ে ৷ উল্লেখ্য যে, ক’ভিডৰ মাজতে জাপানৰ পৰা অলিম্পিকৰ বাতৰি আৰু ফটো সংগ্ৰহ কৰা ভাৰতৰ একমাত্ৰ মহিলা সাংবাদিক আছিল গীতিকা তালুকদাৰ ৷ যেতিয়া বহুতো সাংবাদিকে ক’ভিড মহামাৰীৰ ভয়ত টকিঅ’লৈ যাবলৈ অস্বীকাৰ কৰিছিল, তাৰ মাজত অতি সাহসেৰে গীতিকা গৈছিল অলিম্পিকৰ বাতৰি কভাৰ কৰিবলৈ ৷
ক্ৰীড়া সাংবাদিকতাত 19 বছৰীয়া যাত্ৰা:
নিজৰ 19 বছৰীয়া কেৰিয়াৰত গীতিকা তালুকদাৰে বহু উল্লেখযোগ্য ক্ৰীড়া অনুষ্ঠানত সাংবাদিক হিচাপে অংশগ্ৰহণ কৰিছে ৷ 2023 চনত অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডত অনুষ্ঠিত মহিলা ফিফা বিশ্বকাপ, কাটাৰ ফিফা বিশ্বকাপ 2022, ফ্ৰান্সত অনুষ্ঠিত ফিফা মহিলা বিশ্বকাপ 2019, ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপ 2018, লণ্ডনত অনুষ্ঠিত আই চি চি ক্ৰিকেট বিশ্বকাপ 2019, আই পি এলৰ আটাইকেইটা সংস্কৰণ, কমনৱেল্থ গেমছ, ছাউথ এছিয়ান গেমছ আদিত সাংবাদিক হিচাপে নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰি আহিছে গীতিকাই ৷
লগতে পঢ়ক: গ্ৰাঁ প্ৰি ২০২৪ : ৰূপৰ পদকতে সন্তুষ্ট থাকিল লাভলীনা - Grand Prix 2024 boxing tournament
ছিউলত অধ্যয়নৰত গীতিকা তালুকদাৰ:
বৰ্তমান দক্ষিণ কোৰিয়াৰ ছিউল নেশ্যনেল ইউনিভাৰ্ছিটীৰ পৰা 2022 চনত স্প’ৰ্টছ মেনেজমেন্টত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে গীতিকাই ৷ তেওঁ দক্ষিণ কোৰিয়া গণৰাজ্যৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ তৰফৰ পৰা নিজৰ ডিগ্ৰী লাভৰ বাবে জলপানি লাভ কৰিছিল ৷ বৰ্তমান তেওঁ এক বিশেষ প্ৰজেক্টত কাম কৰি আছে ৷
প্ৰাৰম্ভিক জীৱন:
গীতিকা তালুকদাৰৰ পিতৃৰ ঘৰ নলবাৰীৰ চামতাত ৷ গীতিকাৰ পিতৃ ধীৰেন্দ্ৰ নাথ তালুকদাৰ এছ এছ বিত কৰ্মৰত আছিল আৰু তেওঁ পিচত তিনিচুকীয়া জিলাৰ ডুমডুমাত থাকিবলৈ লয় ৷ গীতিকাই ডুমডুমাতেই নিজৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্ৰহণৰ পিচত 2005 চনত অসম মিডিয়া ট্ৰাষ্টৰ পৰা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰে ৷ সাংবাদিকতাৰ শিক্ষা সাং কৰাৰ পিচত তেওঁ কিছুদিন ‘ইষ্টাৰ্ণ প্ৰজেকছন’ত ইন্টাৰ্ণশ্বিপ কৰে ৷ 2007 চনত গীতিকাই যোগদান কৰে জি এল পাব্লিকেছনত ৷
অসমৰ কেবাখনো বাতৰি কাকতত কাম পৰি পৰৱৰ্তী সময়ত গীতিকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ জড়িত হৈ পৰে ৷ বৰ্তমান গীতিকাই এখন আগশাৰীৰ ৰাষ্ট্ৰীয় কাকতৰ লগতে জাৰ্মানীৰ এটা সংবাদ সংস্থাৰ বাবে নিয়মীয়াকৈ বাতৰি আৰু ফটো যোগান ধৰি আছে ৷ এতিয়া গীতিকা যাব পেৰিছলৈ, এক নতুন অভিজ্ঞতা লাভৰ বাবে উদগ্ৰীৱ হৈ আছে অসমকন্যাগৰাকী ৷ সাংবাদিকতাৰ উপৰিও এগৰাকী সুকণ্ঠী গায়িকা হিচাপেও নাম আছে গীতিকা তালুকদাৰৰ ৷
লগতে পঢ়ক: পাভো নুৰ্মী গেমছত স্বৰ্ণ পদক অৰ্জন নীৰজ চোপ্ৰাৰ - Paavo Nurmi Games 2024