ETV Bharat / sports

বি চি চি আইলৈ বিশেষ আহ্বান সৌৰভ গাংগুলীৰ - Indian team head coach selection - INDIAN TEAM HEAD COACH SELECTION

Indian team head coach selection: বি চি চি আইৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক কোন হ'ব তাক লৈ চৰ্চা অব্যাহত আছে । কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষকৰ নাম পোহৰলৈ আহিছে । তাৰ মাজতে মুখ্য প্ৰশিক্ষক বাছনিৰ ক্ষেত্ৰত সাৱধান হ'বলৈ সৌৰভ গাংগুলীয়ে আহ্বান জনাইছে ।

Indian team head coach selection
বিচিচিআইলৈ বিশেষ আহ্বান সৌৰভ গাংগুলীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 6:32 PM IST

স্পৰ্টছ ডেস্ক,৩০ মে': ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আইৰ মুখ্য প্ৰশিক্ষকৰ বাচনি প্ৰক্ৰিয়া চলি আছে । ইয়াৰ মাজতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে প্ৰতিষ্ঠানটোক বিশেষ আহ্বান জনালে । সামাজিক মাধ্যমত তেওঁ বি চি চি আইক উদ্দেশ্যি এটা পোষ্ট শ্বেয়াৰ কৰে । য'ত তেওঁ ব'ৰ্ডক তেওঁলোকৰ প্ৰশিক্ষকক বুদ্ধিমত্তাৰে বাচনি কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে টি-২০ বিশ্বকাপ ২০২৪ ৰ সমাপ্তিৰ লগে লগে ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব । যাৰ বাবে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে ইতিমধ্যে বি চি চি আয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত ভাৰতৰ এগৰাকী শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত গাংগুলীয়ে বিশ্বাস কৰে যে খেলপথাৰত আৰু বাহিৰত খেলুৱৈসকলৰ জীৱনত এগৰাকী প্ৰশিক্ষকৰ গুৰুত্ব অপৰিসীম । তেওঁ উল্লেখ কৰা মতে এজন ব্যক্তিৰ জীৱনত প্ৰশিক্ষকৰ গুৰুত্ব, তেওঁলোকৰ নিৰ্দেশনা আৰু নিৰন্তৰ প্ৰশিক্ষণে খেলপথাৰত আৰু বাহিৰত যিকোনো ব্যক্তিৰ ভৱিষ্যৎ গঢ়ি তোলে । গতিকে প্ৰতিষ্ঠানটোক বুদ্ধিমত্তাৰে প্ৰশিক্ষক বাচনি কৰিবলৈ তেওঁ আহ্বান জনায় ।

১৩ জুনত বি চি চি আয়ে জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে আৱেদন প্ৰকাশ কৰিছিল । যাৰ সময়সীমা সোমবাৰ অৰ্থাৎ ২৭ মে'লৈ আছিল । অৱশ্যে বি চি চি আই প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰা নাই, যিসকলে আকাংক্ষিত পদৰ বাবে আবেদন কৰিছে । ইফালে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিং আৰু জাষ্টিন লেংগাৰে ভাৰতৰ প্ৰশিক্ষকৰ দায়িত্ব ল'বলৈ সাজু নহয় বুলি কোৱাৰ পিচত বি চি চি আইৰ সচিব জয় শ্বাহে স্পষ্টভাৱে কৈছে যে তেওঁ বা ক্ৰিকেট ব'ৰ্ডৰ কোনোৱেই কোনো অষ্ট্ৰেলিয়ানক এই কামৰ প্ৰস্তাৱ দিয়া নাছিল ।

উল্লেখ্য যে ৫১ বছৰীয়া গাংগুলীয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ গ্ৰেগ চেপেলক মুখ্য প্ৰশিক্ষক হিচাপে প্ৰাধান্য দিছিল ৷ আনহাতে দ্ৰাবিড়ে ২০০৫ চনত জন ৰাইটক সমৰ্থন কৰিছিল । কিন্তু মুখ্য প্ৰশিক্ষক গ্ৰেগ চেপেলৰ অধীনত ভাৰতীয় দলত গাংগুলীৰ এক অস্থিৰ সময় আছিল । চেপেল ভাৰতৰ প্ৰশিক্ষক হোৱাৰ ৪ মাহ পিচতে সৌৰভ গাংগুলীক অধিনায়কৰ পৰা বৰ্খাস্ত কৰিছিল আৰু দলৰ পৰা বাদ দিয়া হৈছিল ।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰিকি পন্টিং, জাষ্টিন লেংগাৰ, চেন্নাই চুপাৰ কিংছৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ গৌতম গম্ভীৰক মুখ্য প্ৰশিক্ষক পদৰ বাবে বিবেচনা কৰা হৈছে । অৱশ্যে, বি চি চি আয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই ।

লগতে পঢ়ক :গৌতম গম্ভীৰেই হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ! - TEAM INDIA NEW HEAD COACH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.