ETV Bharat / sports

কেৰিয়াৰত ভাল ইনিংছ নেদেখা বুলি দাবী কৰা এইগৰাকী ক্ৰিকেটাৰৰ প্ৰথম পছন্দ বিৰাট কোহলী - SHAHEEN AFRIDI ON VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : Aug 21, 2024, 5:06 PM IST

Pakistani cricketer Shaheen Afridi: ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সন্দৰ্ভত প্ৰশংসাসূচক মন্তব্য পাকিস্তানী বলাৰ শ্বাহিন আফ্ৰিদীৰ ৷ জীৱনত ভাল ইনিংছ নেদেখা বুলি দাবী কৰা পাকিস্তানী বলাৰগৰাকীয়ে বিৰাটৰ এক বিশেষ ইনিংছৰ উচ্চ প্ৰশংসা কৰে ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

SHAHEEN AFRIDI ON VIRAT KOHLI
বিৰাট কোহলী আৰু শ্বাহিন আফ্ৰিদী (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 21 আগষ্ট: পাকিস্তান আৰু বাংলাদেশৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলাটো আজিৰে পৰা আৰম্ভ হৈছে । মেচৰ পূৰ্বে পাকিস্তানৰ তাৰকা দ্ৰুত বলাৰ শ্বাহিন আফ্ৰিদীয়ে প্ৰকাশ কৰিছে এক বিশেষ বিবৃতি ৷

খেলুৱৈগৰাকীয়ে এই বিবৃতিটোত টীম ইণ্ডিয়াৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলীক উচ্চ প্ৰশংসা কৰিছে । শ্বাহিনে টি-20 বিশ্বকাপ 2022 ত পাকিস্তানৰ বিৰুদ্ধে কোহলীৰ অপৰাজিত 82 ৰাণৰ ইনিংছটোৰ কথা মনত পেলাই ইয়াক সৰ্বশ্ৰেষ্ঠ ইনিংছ বুলি উল্লেখ কৰিছিল ৷

কোনটো ইনিংছক বিৰাটৰ শ্ৰেষ্ঠ ইনিংছ হিচাপে স্বীকৃতি

শ্বাহিন আফ্ৰিদীয়ে ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰে যে, "বিৰাট কোহলীৰ 82* ৰাণৰ ইনিংছটো মোৰ বাবে সৰ্বশ্ৰেষ্ঠ । মই কেতিয়াও কোহলীক মোৰ কেৰিয়াৰত সেই ইনিংছতকৈ ভাল ইনিংছ খেলা দেখা নাই । বিৰাট কোহলী এজন মহান খেলুৱৈ আৰু কোহলীৰ দৰে এজন মহান খেলুৱৈয়ে এনেধৰণৰ ইনিংছ খেলিব পাৰে । সেই বলটো হাৰিছ ৰউফৰ শ্ৰেষ্ঠ বল আছিল আৰু তেওঁ এটা পোনপটীয়া ছয় কোবাইছিল, যিটো অবিশ্বাস্য আছিল" ।

SHAHEEN AFRIDI ON VIRAT KOHLI
বিৰাট কোহলী (ANI PHOTOS)

পৰাজয়ৰ দিশে গতি কৰা মেচখনলৈ জয় কাঢ়ি আনিছিল বিৰাটে

শ্বাহিনে যিখন মেচৰ কথা উল্লেখ কৰিছে, সেইখন 2022 ত টি-20 বিশ্বকাপৰ সময়ত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল ৷ অষ্ট্ৰেলিয়াৰ এম চি জি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত ভাৰতে শেষ হাঁহি মাৰে ।

SHAHEEN AFRIDI ON VIRAT KOHLI
শ্বাহিন আফ্ৰিদী (ANI PHOTOS)

এই মেচখনত প্ৰথমে বেট ধৰি পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 159 ৰাণ । ভাৰতে এই লক্ষ্য আগত ৰাখি 20 অভাৰত 6 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 160 ৰাণ ৷

এই মেচখনত এটা সময়ত ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিত আছিল ৷ কিন্তু বিৰাট কোহলীয়ে সমগ্ৰ মেচখন পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰি দলটোক বিজয় প্ৰদান কৰে ৷ এইখন মেচত কোহলীয়ে 53 টা বলত 154.72 ষ্ট্ৰাইক ৰেটত 6 টা চাৰি আৰু 4 টা ছয়েৰে অপৰাজিত 82 ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক: টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহকাৰী শীৰ্ষ 5 উইকেটকীপাৰ বেটছেমেন: তালিকাত কোন ভাৰতীয় ? - MOST SIXES BY WICKET KEEPER BATTER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.