ETV Bharat / sports

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ অভিলেখ ভংগ: এইগৰাকী বেটছমেনে এক অভাৰত সংগ্ৰহ কৰিলে 39 ৰাণ - YUVRAJ SINGH RECORD BROKEN

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 7:14 PM IST

Most runs in a single over: ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙে এক অভাৰত 6 টা ছয়েৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি স্থাপন কৰিছিল অভিলেখ ৷ পিছে যুৱৰাজৰ নামত থকা এই অভিলেখ ভংগ কৰি এক অভাৰত 6 টা ছয়ৰে মুঠ 39 ৰাণ সংগ্ৰহ কৰিছে আন এগৰাকী ক্ৰিকেটাৰে । পিছে তেওঁনো কোন, জানিবলৈ পঢ়ক এই বাতৰি...

YUVRAJ SINGH RECORD BROKEN
ভাৰতৰ যুৱৰাজ সিং আৰু চামোৱাৰ ডাৰিউচ ভাইচৰ (AFP and IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: মঙলবাৰে আন্তৰ্জাতিক টি-20 মেচত এটা অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত গঢ়া হৈছে এক নতুন অভিলেখ ৷ পূৰ্বে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ নামত থকা এই অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিছে চামোৱাৰ ডাৰিউচ ভাইচৰে ৷ ভানুটাউৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত খেলুৱৈগৰাকীয়ে এক অভাৰত সংগ্ৰহ কৰে 39 ৰাণ । যাৰ ফলত যুৱৰাজ সিঙৰ নামত থকা পূৰ্বৰ অভিলেখ ভংগ হয় ৷

ডাৰিউচ ভাইচৰে গঢ়িলে নতুন বিশ্ব অভিলেখ

আই চি চি পুৰুষৰ টি-20 বিশ্বকাপ উপ-আঞ্চলিক পূৱ এছিয়া-পেচিফিক কোৱালিফায়াৰ এ ইভেণ্টৰ বাবে চামোৱা আৰু ভানুটাউ মুখামুখি হৈছিল খেলপথাৰত ৷ এই মেচতে ভাইচৰে এক অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়াৰ লগতে অৰ্জন কৰে দৰ্শনীয় শতকৰ ইনিংছ ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে 62 টা বলত 132 ৰাণ সংগ্ৰহ কৰি ৰোমাঞ্চকৰ এই ইনিংছটো সজায় ৷ য’ত আছিল 5 টা চাৰি আৰু 14 টা ছয়ৰ দৰ্শনীয় শ্বট ৷

এক অভাৰত 39 ৰাণ সংগ্ৰহ

ভাইচৰৰ ইনিংছটোৰ 15 তম অভাৰত এই অভিলেখ ভংগকাৰী মুহূৰ্তটো দেখা যায় ৷ যি সময়ত খেলুৱৈগৰাকীয়ে এটা অভাৰতে সংগ্ৰহ কৰিছিল 39 ৰাণ ৷ নিপিকোৰ দুৰ্বল বলিঙেয়েও এক নতুন অভিলেখ গঢ়ে, য’ত তেওঁৰ অভাৰত আছিল 3 টা ন’ বল ৷

ভাইচৰে একেৰাহে 3 টা ছয়েৰে অভাৰটো আৰম্ভ কৰিছিল । পৰৱৰ্তী বলটোত অভাৰটোৰ চতুৰ্থটো ছয় সংগ্ৰহ হয় ৷ তাৰপিছত নিপিকোৱে পৰৱৰ্তী বলটোত এটা ডট বল দিছিল । অৱশ্যে পৰৱৰ্তী দুটা বল ন’-বল হৈছিল । অভাৰৰ পঞ্চমটো বলত সংগ্ৰহ হৈছিল 6 ৰাণ ৷

ইয়াৰ পিছত ভাইচৰে অভাৰৰ অন্তিমটো বলত এটা ছয় মাৰি মুঠ 39 ৰাণ সংগ্ৰহ কৰি এক অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখ স্থাপন কৰে ৷

যুৱৰাজ সিঙৰ অভিলেখ ভংগ

ভাইচৰে এক অভাৰত 6 টা ছয়েৰে মুঠ 39 ৰাণ সংগ্ৰহ কৰি ভংগ কৰে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নামত থকা অভিলেখ ৷ সিঙে পূৰ্বতে এক অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ স্থাপন কৰিছিল ৷ যুৱৰাজ সিঙে 2007 চনত ইংলেণ্ডৰ ফাষ্ট বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ বিৰুদ্ধে 6 টা বলত 6 টা ছয়ৰে এটা অভাৰত সংগ্ৰহ কৰিছিল মুঠ 36 ৰাণ ।

6 টা ছয় কোবোৱা চতুৰ্থগৰাকী বেটছমেনত পৰিণত

এক অভাৰত 6 টা ছয় কোবোৱা ভাইচৰ বিশ্বৰ চতুৰ্থগৰাকী বেটছমেনত পৰিণত হৈছে । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল যুৱৰাজ সিং, কাইৰন প’লাৰ্ড আৰু নেপালৰ দীপেন্দ্ৰ সিং এয়াৰীয়ে ৷

মেচখনত 10 ৰাণত জয় লাভ

ভাইচৰৰ 132 ৰাণৰ বিস্ফোৰক ইনিংছৰ বাবে দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 174 ৰাণ সংগ্ৰহ কৰিবল সক্ষম হয় । প্ৰত্যুত্তৰত বেট ধৰি ভানুটাউৰ দলটোৱে 20 অভাৰত সংগ্ৰহ কৰে মাত্ৰ 164 ৰাণ ৷ যাৰ বাবে মাত্ৰ 10 ৰাণত পৰাজয়বৰণ কৰে মেচখনত ৷ চলিত কোৱালিফায়াৰত চামোৱাৰ এয়া দ্বিতীয়টো জয় আৰু ইয়াৰ ফলতে দলটোৱে টি-20 বিশ্বকাপ 2026 ৰ বাবে যোগ্যতা অৰ্জনৰ আশা জীয়াই ৰাখিছে ।

লগতে পঢ়ক: ৰূপালী পৰ্দাত দেখিবলৈ পাব যুৱৰাজ সিঙৰ কাহিনী: অচিৰে নিৰ্মাণ হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনীভিত্তিক চলচিত্ৰ - YUVRAJ SINGH BIOPIC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.