ETV Bharat / sports

ভাৰতৰ পূৰ্বে পাকিস্তানৰ হৈ ক্ৰিকেট খেলিছিল শচীন তেণ্ডুলকাৰে !

Tendulkar played for pakistan: ভাৰতৰ পূৰ্বে পাকিস্তানৰ হৈ খেলিছিল শচীন তেণ্ডুলকাৰে ৷ আপুনি বাৰু জানেনে এই কাহিনী ?

author img

By ETV Bharat Sports Team

Published : 2 hours ago

SACHIN TENDULKAR
মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ নাম নুশুনা লোক হয়তো সমগ্ৰ বিশ্বতে বিৰল ৷ নিজৰ বেটিং বিক্ৰমেৰে প্ৰতিপক্ষৰ বলাৰক দিশহাৰা কৰি তোলা এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক জনা যায় ক্ৰিকেটৰ "ভগৱান হিচাপে" ৷ ক্ৰিকেটৰ ইতিহাসত এইগৰাকী খেলুৱৈয়ে এটাৰ পিছত আনটো অভিলেখ স্থাপন কৰি থৈছে ৷ হয়তো ক্ৰিকেটত এনে কোনো অভিলেখৰ তালিকা নাই, য’ত নাই শচীন তেণ্ডুলকাৰৰ নাম ৷

সকলোৰে জ্ঞাত যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বিশ্বৰ একমাত্ৰ বেটছমেন হোৱাৰ পৰা আৰম্ভ কৰি 100 টা শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ হোৱালৈকে তেণ্ডুলকাৰৰ নামত আছে বহু অনন্য অভিলেখ ।

কিন্তু শচীন তেণ্ডুলকাৰৰ সন্দৰ্ভত বহু লোকে হয়তো নাজানে এক বিশেষ বিষয় ৷ সেয়া হৈছে ভাৰতীয় জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ পূৰ্বে শচীনে খেলিছিল চিৰবৈৰী পাকিস্তানৰ ক্ৰিকেট দলৰ হৈ ৷ কথাটো আঁচহুৱা যেন লাগিলেও কিন্তু এয়াই সঁচা ৷

পাকিস্তানৰ হৈ খেলিছিল তেণ্ডুলকাৰে

শচীন তেণ্ডুলকাৰে 16 বছৰ বয়সত অৰ্থাৎ 1989 চনত পাকিস্তানৰ বিৰুদ্ধে এখন মেচৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় । কিন্তু ইয়াৰ পূৰ্বে তেওঁ 13 বছৰ বয়সত পাকিস্তান দলৰ হৈ ক্ৰিকেট খেলিছিল । 1987 চনত ভাৰতীয় ক্ৰিকেট ক্লাৱ (চি চি আই) ৰ সোণালী জয়ন্তীৰ অংশ হিচাপে দুয়োটা দলৰ মাজত প্ৰীতি মেচ হিচাপে টেষ্ট আৰু এদিনীয়া শৃংখলাৰ আয়োজন কৰা হয় ।

ইয়াৰ বাবে ভাৰত ভ্ৰমণত ব্যস্ত থকা পাকিস্তানৰ ক্ৰিকেট দলটোৱে সেই বছৰৰে 20 জানুৱাৰীত মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে অংশগ্ৰহণ কৰে এখন ৱাৰ্ম আপ মেচত ৷ কিন্তু দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়ত পাকিস্তানৰ দুগৰাকী কিংবদন্তী খেলুৱৈ ক্ৰমে জাভেদ মিয়াদাদ আৰু আব্দুল কাদিৰে আহাৰ গ্ৰহণৰ উদ্দেশ্যে হোটেললৈ যায় । কিন্তু গ’ল যি গ’লেই, খেল আৰম্ভ হোৱাৰ পিছতো তেওঁলোক দুয়োজন আহি নাপালে খেলপথাৰ ৷

যাৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল পাকিস্তানৰ দলটো । এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ সেই সময়ৰ পাকিস্তানৰ অধিনায়ক ইমৰাণ খানে ভাৰতক কোনোবা এজন খেলুৱৈক খেলপথাৰলৈ পঠিয়াবলৈ অনুৰোধ জনায় । যাৰ বাবে বাউণ্ডেৰী লাইনৰ ওচৰত থকা শচীনক পাকিস্তানৰ হৈ ফিল্ডিং কৰিবলৈ খেলপথাৰলৈ পঠিওৱা হৈছিল ।

25 মিনিট ফিল্ডিং

পাকিস্তানৰ হৈ খেলপথাৰত নমা শচীনে প্ৰায় 25 মিনিট দলটোৰ হৈ ফিল্ডিং কৰে । শচীনে লং অনত ফিল্ডিং কৰি থকাৰ সময়ত ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক কপিলদেৱে শচীনৰ ওচৰলৈ বলটো কোবাইছিল যদিও তেওঁ কেচটো আয়ত্ব কৰাত ব্য়ৰ্থ হয় ৷ বহু লোকে নজনা এই আমোদজনক কথাটো শচীন তেণ্ডুলকাৰে নিজৰ আত্মজীৱনী "ফ্লাইং ইট মাই ৱে"ত উল্লেখ কৰিছে ।

লগতে পঢ়ক: দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে দল ঘোষণা; ৱাশ্বিংটন সুন্দৰক মূল একাদশত অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.