ETV Bharat / sports

বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়; কাক দোষাৰোপ কৰিলে ৰোহিত শৰ্মাই

Rohit Sharma on bengaluru test: বেংগালুৰু টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ বাবে ভাৰতীয় অধিনায়কে কাক দোষাৰোপ কৰিলে ? জানিবলৈ পঢ়ক বিতং খবৰ...

author img

By ETV Bharat Sports Team

Published : 8 hours ago

ROHIT SHARMA ON BENGALURU TEST
ৰোহিত শৰ্মাৰ সংবাদমেল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 20 অক্টোবৰ: বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতে 8 উইকেটত পৰাজয়বৰণ কৰে । ঘৰৰ মাটিতে সুদীৰ্ঘ 36 বছৰৰ পিছত টেষ্ট ক্ৰিকেটত পৰাজয়বৰণ কৰা ভাৰতৰ হাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই ৷

অধিনায়কগৰাকীয়ে সদৰী কৰা অনুসৰি, ভাৰতে প্ৰথম ইনিংছত 46 ৰাণত অল আউট হোৱাটো আছিল দলটোৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা ৷ অৱশ্যে পৰৱৰ্তী দুখন মেচত ভাৰতে প্ৰত্যাৱৰ্তন ঘটাই শৃংখলা দখলৰ চেষ্টা চলাব বুলিও টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে প্ৰকাশ কৰে ৷

বেংগালুৰু টেষ্টত ভাৰতৰ লজ্জাজনক পৰাজয়

ভাৰতীয় দলটোৱে বেংগালুৰু টেষ্টৰ অন্তিম দিনটোত কিৱি বাহিনীক জয়ৰ বাবে প্ৰদান কৰিছিল 107 ৰাণৰ লক্ষ্য ৷ ভ্ৰমণকাৰী দলটোৱে মাত্ৰ দুটা উইকেট হেৰুৱাই সহজে লক্ষ্যত উপনীত হয় ৷ বেংগালুৰু টেষ্টত জয় লাভ কৰি নিউজিলেণ্ডে শৃংখলাত লাভ কৰিছে 1-0 ৰ অগ্ৰগতি ৷

বেংগালুৰু টেষ্টৰ প্ৰথম দিনটোত বৰষুণে বিধি-পথালি দিয়াৰ পিছত দ্বিতীয় দিনা ভাৰতে মাত্ৰ 46 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাইছিল আটাইকেইটা উইকেট । এয়া আছিল টীম ইণ্ডিয়াৰ তৃতীয় তথা ঘৰুৱা টেষ্ট মেচত সৰ্বনিম্ন টেষ্ট স্ক'ৰ ৷

পৰাজয়ৰ পিছত ৰোহিতৰ অনুশোচনা

ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথম টেষ্টত পৰাজয়ৰ পিছত কয় যে, "মই দ্বিতীয় দিনৰ পিছত সংবাদমেলত কৈছিলো, আমি জানিছিলো যে এয়া প্ৰত্যাহ্বানজনক হ'ব । আমি ভবা নাছিলো যে আমি 46 ৰাণত অল আউট হ'ম, কিন্তু নিউজিলেণ্ডক কৃতিত্ব দিম । এইটোৱে আমাক খেলখনত পিছ পেলাই দিছিল । ভাল বস্তুবোৰ আগুৱাই নিব লাগিব । আমি আগতে এই প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈছো, এইবোৰ ঘটিছে । দুখন টেষ্ট বাকী আছে, আমি জানো কি কৰিব লাগে আৰু আমি পৰৱৰ্তী দুখন টেষ্টত আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিম" ।

ছৰফৰাজ আৰু পন্তক প্ৰশংসা

প্ৰথম ইনিংছত 356 ৰাণত পিছ পৰি ৰোৱা ভাৰতে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে 462 ৰাণ ৷ ভাৰতৰ হৈ ছৰফৰাজ খান (150) আৰু ঋষভ পন্তে (99) চতুৰ্থ উইকেটত আগবঢ়াই 177 ৰাণৰ অংশীদাৰিত্ব ৷ ৰোহিতে এই দুয়োজন যুৱ বেটছমেনৰ উচ্চ প্ৰশংসা কৰি তেওঁলোকৰ প্ৰদৰ্শনত গৌৰৱান্বিত অনুভৱ কৰা বুলি প্ৰকাশ কৰে ।

ৰোহিতে পন্ত আৰু ছৰফৰাজক প্ৰশংসা কৰি কয়, "আমি সহজে 350 ৰাণতকৈ কম ৰাণত আউট হ’লোহেঁতেন, পিছে আমি গৌৰৱান্বিত । পন্তে সমগ্ৰ পৰিস্থিতিতে বুজাবুজিৰে ইনিংছ খেলিছিল ৷ ছৰফৰাজ সম্পূৰ্ণৰূপে পৰিপক্ক আছিল" ৷

শৃংখলাত 0-1 ত পিছ পৰি আছে ভাৰত

3 খন মেচৰ টেষ্ট শৃংখলাত 0-1 ব্যৱধানত পিছ পৰি থকা টীম ইণ্ডিয়াই 24-28 অক্টোবৰলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অংশগ্ৰহণৰ বাবে পুনেলৈ যাব । শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচ 1-5 নৱেম্বৰৰ ভিতৰত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: অসাধ্য সাধনত ব্যৰ্থ ভাৰতীয় বলাৰ; 36 বছৰৰ পিছত ঘৰৰ মাটিত লজ্জাজনক পৰাজয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.