ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচনা কৰিব ৰোহিত শৰ্মাই: ভংগ কৰাৰ সম্ভাৱনা এগৰাকী শীৰ্ষ ক্ৰিকেটাৰৰ অভিলেখ - IND VS BAN TEST SERIES

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 5:27 PM IST

Rohit Sharma Record: বাংলাদেশৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিবলগীয়া টেষ্ট শৃংখলাত বীৰেন্দ্ৰ সেহৱাগৰ অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা । পঢ়ক বিতং খবৰ...

IND VS BAN TEST SERIES
ৰোহিত শৰ্মা (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: সমাগত টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বাধীন টীম ইণ্ডিয়া । এই শৃংখলাত ভাৰত-বাংলাদেশৰ মাজত দুখন টেষ্ট মেচ অনুষ্ঠিত হ’ব । 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত আৰম্ভ হ’ব প্ৰথমখন মেচ ৷

ইতিমধ্যে টীম ইণ্ডিয়াৰ খেলুৱৈসকল চেন্নাইত উপস্থিত হৈ আৰম্ভ কৰিছে অনুশীলন । দলৰ আন আন সদস্যসকলৰ সমান্তৰালকৈ অধিনায়ক ৰোহিত শৰ্মাৰ বাবেও গুৰুত্বপূৰ্ণ এই শৃংখলা । কাৰণ এই শৃংখলাৰ সময়তে ৰোহিতে লাভ কৰিব এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ অভিলেখ গঢ়াৰ সুযোগ ৷

বীৰেন্দ্ৰ সেহৱাগৰ অভিলেখ ভংগৰ সুযোগ পাব ৰোহিত শৰ্মাই

এক বৃহৎ সুযোগে অপেক্ষা কৰি আছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মালৈ ৷ এই পৰ্যন্ত টেষ্ট মেচত ৰোহিত শৰ্মাই কোবাইছে 84 টা ছয় ৷ যাৰ লগে লগে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটত সৰ্বাধিক ছয় কোবোৱা টীম ইণ্ডিয়াৰ বেটছমেনৰ তালিকাৰ দ্বিতীয় স্থানত আছে খেলুৱৈগৰাকী ।

IND VS BAN TEST SERIES
ৰোহিত শৰ্মা (IANS PHOTO)

এই তালিকাৰ শীৰ্ষত আছে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ(90 টা ছয়) । যদি আগন্তুক শৃংখলাত ৰোহিতে 7 টা ছয় কোবাবলৈ সক্ষম হয়, তেন্তে টেষ্টত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় বেটছমেনত পৰিণত হ’ব ক্ৰিকেটাৰগৰাকী ৷

বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ এই টেষ্ট শৃংখলাত সেহৱাগৰ অভিলেখ ভংগ কৰাৰ সুযোগ লাভ কৰিব ৰোহিতে । 2013 চনত ভাৰতৰ হৈ টেষ্টত অভিষেক ঘটোৱা হিটমেন খ্যাত ৰোহিতে এই পৰ্যন্ত 59 খন মেচত ভাৰতক কৰিছে প্ৰতিনিধিত্ব ।

ৰোহিত শৰ্মাই 101 টা ইনিংছত 45.46 গড়ে সংগ্ৰহ কৰিছে 4,137 ৰাণ । য’ত আছে 12 টা শতকৰ লগতে 17 টা অৰ্ধশতক ৷ টেষ্ট ক্ৰিকেটত ক্ৰিকেটাৰগৰাকীৰ সৰ্বাধিক স্ক’ৰ হৈছে 212 ৰাণ । খেলুৱৈগৰাকীৰ নামত আছে 425 টা চাৰি আৰু 84 টা ছয় ৷

লগতে পঢ়ক: এক ৰাণ সংগ্ৰহ কৰিয়েই আনন্দত আত্মহাৰা এইগৰাকী ক্ৰিকেটাৰ, হাঁহিত বাগৰি পৰিল দৰ্শক - AJIT AGARKAR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.