ETV Bharat / sports

ৰিয়ান পৰাগৰ কেৰিয়াৰত আছে এইকেইগৰাকী ক্ৰিকেটাৰৰ অৱদান: সাক্ষাৎকাৰত কৰিলে প্ৰকাশ - RIYAN PARAG ON INDIAN CRICKETERS

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 4:22 PM IST

Riyan Parag: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী, টি-20 ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সন্দৰ্ভত বৃহৎ মন্তব্য যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ ৷ চাওক ক্ৰিকেটাৰকেইগৰাকীৰ সন্দৰ্ভত অসম সন্তান ৰিয়ানে কি ক’লে ?

RIYAN PARAG ON INDIAN CRICKETERS
অসম সন্তান ৰিয়ান পৰাগ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সন্দৰ্ভত বৃহৎ মন্তব্য অসম সন্তান তথা যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ ৷ টি-20 ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিষয়তো মন্তব্য প্ৰকাশ কৰিছে পৰাগে ৷

এক ব্যক্তিগত ইউ টিউব চেনেলত হোৱা সাক্ষাৎকাৰত পৰাগে প্ৰকাশ কৰে এই কথা ৷

কোহলী মোৰ আদৰ্শ: পৰাগ

তাৰকা বেটছমেন বিৰাট কোহলীৰ সন্দৰ্ভত ৰিয়ানে এনেদৰে কয়, "বিৰাট কোহলী মোৰ আদৰ্শ । মই সদায় তেওঁক মোৰ ভগৱান বুলি গণ্য কৰি আহিছো । বিৰাট ককাইদেউৰ সৈতে ড্ৰেছিং ৰুম ভাগ-বতৰা কৰাটো মোৰ বাবে এটা সপোন সঁচা হোৱাৰ দৰে । মই সৰুৰে পৰা তেওঁলোকক টেলিভিছনৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছো ৷ তেওঁলোকৰ সৈতে একেখন বাছত যোৱা আৰু তেওঁলোকৰ সৈতে থাকিবলৈ পোৱাটো এটা ডাঙৰ কথা । মই তেওঁৰ পৰা বহুত শিকিব লাগিব"।

RIYAN PARAG ON INDIAN CRICKETERS
বিৰাট কোহলী (IANS PHOTO)

সূৰ্যই স্বাধীনতা দিছিল: পৰাগ

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত বলিং কেনেদৰে কৰা হৈছিল বুলি সোধা এক প্ৰশ্নত পৰাগে কয় যে, এয়া বহুত ভাল আছিল । তেওঁ মোক বহুত স্বাধীনতা দিছিল । মই নেটত বলিং কৰাৰ লগতে লেগ স্পিন কৰি আছিলো ৷ কিন্তু মেচখনৰ শৈলী প্ৰস্তুত কৰিবলৈ অলপ সংকোচবোধ কৰিছিলো । এনে পৰিস্থিতিত ক্ৰিকেটাৰগৰাকীয়ে পূৰ্বৰ এটি ভিডিঅ’ দি কৈছিল যে, অফ স্পিনত কিয় বলিং কৰিছা, লেগ স্পিন বলিং কৰা ৷ খুব বেছি কি হ’ব চাৰিহে কোবাব, লেগ স্পিন বলিং কৰা" ৷

গম্ভীৰ সন্দৰ্ভত কি ক’লে পৰাগে

টীম ইণ্ডিয়াৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ সন্দৰ্ভত ৰিয়ান পৰাগে কয় যে, "গৌতম গম্ভীৰ ছাৰে মোক যথেষ্ট সমৰ্থন কৰি স্বাধীনতা আৰু স্পষ্টতা প্ৰদান কৰিছিল । বেটিং আৰু বলিং যিয়েই নহওঁক, আপুনি আপোনাৰ খেল খেলক । আজিৰ খেল অনুসৰি খেলক" ।

RIYAN PARAG ON INDIAN CRICKETERS
গৌতম গম্ভীৰ (IANS PHOTO)

ৰিয়ান পৰাগৰ কেৰিয়াৰ

জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ জৰিয়তে অসম সন্তান ৰিয়ান পৰাগে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল । পৰাগে ইয়াৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিছিল ৷ যুৱ ক্ৰিকেটাৰগৰাকীয়ে এতিয়ালৈকে ভাৰতৰ হৈ 6 খন টি-20 মেচ খেলি সংগ্ৰহ কৰিছে 57 ৰাণ ৷ আনহাতে, এখন এদিনীয়া মেচত পৰাগে সংগ্ৰহ কৰিছে 15 ৰাণ ৷ তদুপৰি টি-20 আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে দখল কৰিছে 3 টাকৈ উইকেট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.