ETV Bharat / sports

ক্ৰিকেটৰ বাহিৰেও ৰবীন্দ্ৰ জাদেজাৰ আছে এক অনন্য চখ, মেচ শেষ কৰি ক’লৈ যাবলৈ ভালপায় খেলুৱৈগৰাকী - RAVINDRA JADEJA HORSE COLLECTION

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 4:09 PM IST

Ravindra Jadeja: বিশ্বৰ বহু ক্ৰিকেটাৰৰ খেলৰ বাহিৰেও আছে আন আন চখ ৷ যেনে- এম এছ ধোনী বাইকৰ অতি আকৰ্ষিত, ৰোহিত শৰ্মা বিলাসী বাহনৰ প্ৰতি আকৰ্ষিত ৷ একেদৰে গুজৰাটৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ ক্ৰিকেটৰ বাহিৰেও আছে এক অনন্য চখ । আজি আমি সেই কথাই জনাবলৈ বিচাৰিছো ৷

RAVINDRA JADEJA HORSE COLLECTION
ৰবীন্দ্ৰ জাদেজা (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: বিশ্বৰ বহু দেশৰ খেলুৱৈৰ ক্ৰিকেটৰ লগতে আছে আন আন চখ ৷ যিবোৰক নিজৰ জীৱনত মেচৰ পিছতে স্থান দিয়ে খেলুৱৈসকলে ৷ ক্ৰিকেটৰ উপৰিও ভাৰতীয় প্ৰাক্তন অধিনায়ক এম এছ ধোনী আকৰ্ষিত হৈ আহিছে ভিন্ন ষ্টাইলৰ বাইকৰ প্ৰতি ৷ ধোনীৰ হাতত মজুত আছে প্ৰায় 50 খন ভিন্ন প্ৰকাৰৰ বাইক ৷

আনহাতে, ৰোহিত শৰ্মাই বিলাসী বাহন চলোৱাৰ লগতে সংগ্ৰহ কৰাৰ প্ৰতিও সমানে অতি আকৰ্ষিত ৷ একেদৰে গুজৰাটৰ বিখ্যাত খেলুৱৈ তথা ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰো ক্ৰিকেটৰ পিছতে আছে এক অনন্য চখ ।

RAVINDRA JADEJA HORSE COLLECTION
ৰবীন্দ্ৰ জাদেজাৰ আছে এক অনন্য চখ (ANI PHOTO)

ভাৰতৰ বাওঁহতীয়া স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই 2009 চনত আৰম্ভ কৰিছিল ক্ৰিকেট কেৰিয়াৰ । গুজৰাটৰ জামনগৰৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এই পৰ্যন্ত 72 খন টেষ্ট, 197 খন এদিনীয়া আৰু 74 খন টি-20 মেচত দুৰ্দান্ত প্ৰদৰ্শন কৰি ভাৰতীয় ক্ৰিকেটত যোগাইছে অৰিহণা ৷

ঘোঁৰাৰ প্ৰতি আকৰ্ষিত ৰবীন্দ্ৰ জাদেজা

ভিন্ন সময়ত স্পিন বলিঙেৰে ক্ৰিকেটৰ বহুকেইগৰাকী মহান বেটছমেনক পেভিলিয়নলৈ ঘূৰাই পঠিয়াই দলক জয়ৰ সোৱাদ দিছে ৰবীন্দ্ৰ জাদেজাই । ক্ৰিকেটৰ বাহিৰেও জাদেজাৰ আছে ঘোঁৰাৰ প্ৰতি এক অদ্ভূত ধৰণৰ চখ ৷ ক্ৰিকেটাৰগৰাকীয়ে খেলৰ উপৰিও ঘোঁৰাৰ লগত সময় কটাবলৈ ভালপায় । জামনগৰত থকা এই অলৰাউণ্ডাৰগৰাকীৰ ফাৰ্ম হাউচত আছে একাধিক ভিন্নজাতৰ ঘোঁৰা ৷ যেতিয়াই ক্ৰিকেটৰ পৰা আজৰি সময় পায়, তেতিয়াই ঘোঁৰাৰ লগত সময় কটাবলৈ ভালপায় জাদেজাই ।

ঘোঁৰাৰ সৈতে জাদেজাৰ যাত্ৰা আৰম্ভ

2020 চনত হিন্দুস্তান টাইমছক দিয়া এক সাক্ষাৎকাৰত অলৰাউণ্ডাৰগৰাকীয়ে কৈছিল যে, পূৰ্বে তেওঁ বন্ধুৰ ঘৰলৈ ঘোঁৰাত উঠি গৈছিল ৷ লাহে লাহে ঘোঁৰাৰ প্ৰতি তেওঁৰ আকৰ্ষণ বাঢ়িবলৈ আৰম্ভ কৰে । 2010 চনত জাদেজাই নিজৰ ফাৰ্ম হাউচৰ বাবে কেইটামান ঘোঁৰা কিনি নিজেই চোৱা-চিতা কৰিবলৈ আৰম্ভ কৰে ।

লকডাউনৰ সময়ত নিজেই লৈছিল ঘোঁৰাৰ যত্ন

জাদেজাই কয় যে, "লকডাউনৰ মাহকেইটাত মই মোৰ ফাৰ্ম হাউচত ঘোঁৰাৰ সৈতে সময় কটালো । সেই ভয়াৱহ বছৰকেইটাত ঘোঁৰাৰ লগত যথেষ্ট সময় কটাবলৈ পোৱাত মই সুখী । সঁচাকৈয়ে ভাল লাগিল আৰু সেয়া এক সুখকৰ অভিজ্ঞতা আছিল" ।

তেওঁ আৰু কয় যে, "ঘোঁৰাবোৰৰ সু-স্বাস্থ্যৰ বাবে নিজেই খাদ্য প্ৰস্তুত কৰিছিলো আৰু ঘোঁৰাকেইটা সুস্থ আৰু শক্তিশালী কৰাৰ উপায় বিচাৰিছিলো । মই আগতে তেওঁলোকৰ বাবে খাদ্য প্ৰস্তুত কৰিছিলো, য’ত চূণ, গুড় আৰু কুঁহিয়াৰৰ অনুপাত অন্তৰ্ভুক্ত আছিল । ঘোঁৰাকেইটাই পোৱা ঘাঁহৰ মানদণ্ড যাতে উচ্চ হয়, সেইটোও নিশ্চিত কৰিছিলো । লকডাউনৰ পিছত চহৰৰ পৰা 25 কিল’মিটাৰ দূৰত্বত থকা ফাৰ্ম হাউচটোলৈ দৈনিক গৈছিলো । মই সিহঁতৰ পৰা আঁতৰি থাকিব নোৱাৰিলো" ।

RAVINDRA JADEJA HORSE COLLECTION
পত্নীৰ সৈতে জাদেজা (ANI PHOTO)

জাদেজাই 2014 চনত প্ৰকাশ কৰিছিল যে, তেওঁৰ ফাৰ্ম হাউচত গংগা, কেশৰ আৰু ধনৰাজ নামৰ তিনিটা ঘোঁৰা আছিল । ঘোঁৰাত উঠি তেওঁ ভালপায় । জামনগৰত থকা তেওঁৰ ফাৰ্ম হাউচত মুঠ 4 টা ঘোঁৰা আছে । সেইকেইটা হৈছে ক্ৰমে- গংগা, কেশৰ, ধনৰাজ আৰু লালবীৰ ।

জাদেজাক এই ঘোঁৰাসমূহ বিক্ৰীৰ বিষয়ে সোধাত তেওঁ ক’লে, "এইকেইটা তেওঁৰ প্ৰিয় ঘোঁৰা আৰু তেওঁ সদায় নিজৰ ফাৰ্ম হাউচত ৰাখিব ৷ বিক্ৰীৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাই" ।

উল্লেখ্য যে, জন্মসূত্ৰে জাদেজা ৰাজ পৰিয়ালৰ সদস্য হোৱা হেতুকে ঘোঁৰাৰ চখটো তেওঁ জন্মৰে পৰা লাভ কৰা বুলি ক’ব পৰা যায় ৷

লগতে পঢ়ক: বিৰাট কোহলীয়ে ভাঙিলে ষ্টেডিয়ামৰ দেৱাল ! কিহৰ বাবে এনে কৰিলে ক্ৰিকেটাৰগৰাকীয়ে - VIRAT KOHLI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.