ETV Bharat / sports

সৰ্বকালৰ আই পি এল প্লেয়িং-11 বাছনি অশ্বিনৰ: তালিকাৰ বাহিৰত পাণ্ডিয়া-প’লাৰ্ড - IPL ALL TIME PLAYING 11 - IPL ALL TIME PLAYING 11

Kris srikanth youtube: ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে ক্ৰিছ শ্ৰীকান্তৰ ইউ টিউব চেনেল 'চিকি চিকা'ত হোৱা বাৰ্তালাপত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ(আই পি এল) সৰ্বকালৰ প্লেয়িং-11 বাছনি কৰিছিল । অফ স্পিনাৰগৰাকীয়ে এই তালিকাৰ পৰা বাদ দিছিল কিছুমান জনপ্ৰিয় নাম ৷

IPL ALL TIME PLAYING 11
ৰবিচন্দ্ৰন অশ্বিন (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 5:10 PM IST

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: ৰবিচন্দ্ৰন অশ্বিনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ(আই পি এল) ইতিহাসৰ শ্ৰেষ্ঠ একাদশ বাছনি কৰাৰ কঠিন সিদ্ধান্ত লৈছিল । ইয়াৰ বাবে অভিজ্ঞ স্পিনাৰগৰাকীয়ে কিছু উল্লেখযোগ্য নাম বাদ দিছিল ৷ এই তালিকাৰ পৰা বাদ পৰিছিল অপেনাৰ ক্ৰিছ গেইল, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু কাইৰন প'লাৰ্ডৰ নাম । অৱশ্যে, তেওঁলোকৰ বাছনিত চেন্নাই চুপাৰ কিংছৰ(চি এছ কে) দুজন প্ৰাক্তন সতীৰ্থ আৰু মুম্বাই ইণ্ডিয়ানছৰ(এম আই) 4 গৰাকী তাৰকা অন্তৰ্ভুক্ত আছিল ।

ৰোহিত-কোহলীৰ উদ্বোধনী যুটী

1983 চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য ক্ৰিছ শ্ৰীকান্তৰ ইউ টিউব চেনেলত বক্তব্য ৰাখি অশ্বিনে তেওঁৰ সৰ্বকালৰ আই পি এল একাদশ দল বাছনি কৰে ৷ য’ৰ পৰা বাদ পৰে বহুকেইগৰাকী তাৰকা ক্ৰিকেটাৰৰ নাম ৷ অশ্বিনে ক্ৰিছ গেইল আৰু ডেভিদ ৱাৰ্ণাৰক তালিকাৰ পৰা বাদ দি পাঁচবাৰৰ আই পি এল বিজয়ী অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বিৰাট কোহলীৰ যুটীক উদ্বোধনী যুটীৰ বাবে শ্ৰেষ্ঠ হিচাপে বাছনি কৰে ।

ৰাইনা, সূৰ্য, ডি ভিলিয়ৰ্ছ অন্তৰ্ভুক্ত

এই তালিকাৰ তৃতীয় স্থানত ৰখা হৈছিল বাওঁহতীয়া বিস্ফোৰক বেটছমেন সুৰেশ ৰাইনাক, যিয়ে চেন্নাই চুপাৰ কিংছত 4 বাৰকৈ আই পি এল ট্ৰফী জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ভাৰতৰ বৰ্তমানৰ টি-20 অধিনায়ক সূৰ্যকুমাৰ যাদৱে অশ্বিনৰ দলত চতুৰ্থ স্থান লাভ কৰে ৷ আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অভিজ্ঞ বেটছমেন এ বি ডি ভিলিয়ৰ্ছে মিডল অৰ্ডাৰত স্থান লাভ কৰে ৷

এম এছ ধোনীক অধিনায়কৰ দায়িত্ব

এম এছ ধোনীক উইকেটকীপাৰৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে দিয়া হৈছে দলৰ অধিনায়কৰ দায়িত্ব ৷ অলৰাউণ্ডাৰৰ পদৰ বাবে লীগৰ কিছু জনপ্ৰিয় আৰু সততে উচ্চাৰিত নাম যেনে- কাইৰন প'লাৰ্ড, ডোৱেন ব্ৰেভ’ আৰু শ্বেন ৱাটছনে স্থান লাভ কৰা নাছিল ।

দলত 2 গৰাকী স্পিনাৰ আৰু 3 গৰাকী পেচাৰ

37 বছৰীয়া খেলুৱৈগৰাকীয়ে সুনীল নাৰিন আৰু ৰছিদ খানৰ ৰূপত কেইগৰাকীমান স্পিন অলৰাউণ্ডাৰক দলটোত বাছি লৈছিল । দ্ৰুত বলিং আক্ৰমণৰ বাবে যশপ্ৰীত বুমৰাহ আৰু লাচিত মালিংগাৰ মাৰাত্মক যুটীটোক বাছনি কৰিছিল অশ্বিনে । অৱশ্যে ভাৰতীয় দ্ৰুত বলাৰত সৰ্বাধিক উইকেট দখল কৰা ভূৱনেশ্বৰ কুমাৰে দলটোৰ শেষৰ স্থানটো লাভ কৰে ।

ৰবিচন্দ্ৰন অশ্বিনৰ সৰ্বকালৰ আই পি এল প্লেয়িং-11:

ৰোহিত শৰ্মা, বিৰাট কোহলী, সুৰেশ ৰাইনা, সূৰ্যকুমাৰ যাদৱ, এ বি ডি ভিলিয়ৰ্ছ, এম এছ ধোনী (অধিনায়ক/উইকেটকীপাৰ), সুনীল নাৰিন, ৰছিদ খান, ভূৱনেশ্বৰ কুমাৰ, যশপ্ৰীত বুমৰাহ, লাচিত মালিংগা ৷

লগতে পঢ়ক: আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস: প্ৰচাৰ, শান্তিপূৰ্ণ আৰু অন্তৰ্ভুক্ত সমাজৰ বাবে ক্ৰীড়া - NATIONAL SPORTS DAY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.