ETV Bharat / sports

কানপুৰ টেষ্টত এটা-দুটা নহয়, ছয়টাকৈ অভিলেখ স্থাপনৰ সোণালী সুযোগ ৰবিচন্দ্ৰন অশ্বিনৰ - INDIA VS BANGLADESH 2ND TEST

author img

By ETV Bharat Sports Team

Published : Sep 26, 2024, 7:43 PM IST

Ravichandran Ashwin Test Records: বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টত কেইবাটাও অভিলেখ ভংগ কৰাৰ পিছত ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰিছে আন এক সোণালী সুযোগ ৷ কানপুৰ টেষ্টত এই সুযোগ লাভ কৰিব অশ্বিনে ৷ পঢ়ক বিতং খবৰ...

INDIA VS BANGLADESH 2ND TEST
টেষ্ট ক্ৰিকেটত ৰবিচন্দ্ৰন অশ্বিনৰ (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: অভিজ্ঞ ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে চেন্নাই টেষ্টত বেটে-বলে উজলি উঠাৰ পিছত আন এক সোণালী সুযোগে অপেক্ষা কৰি আছে ক্ৰিকেটাৰগৰাকীলৈ ৷ চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত 113 ৰাণৰ দৰ্শনীয় শতকীয় ইনিংছ খেলাৰ পিছত দ্বিতীয় ইনিংছত 6 টা উইকেট দখল কৰিছিল অশ্বিনে ৷

38 বছৰীয়া অশ্বিনে স্পেলৰ যাদুৰে বহু অভিলেখ ভংগ কৰিছে ৷ তদুপৰি টেষ্ট ক্ৰিকেটত সৰ্বাধিক 5 টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ শ্বেনৱাৰ্ণৰ সৈতে সমতা অৰ্জন কৰে ।

বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পূৰ্বে অশ্বিনে পুনৰ এবাৰ ইতিহাস ৰচিবলৈ লাভ কৰিব সুযোগ ৷ এই প্ৰতিবেদনত এনে ছয়টা অভিলেখৰ বিষয়ে যুগুত কৰা হৈছে, যিকেইটা কানপুৰ টেষ্টৰ জৰিয়তে অশ্বিনে ভংগ কৰিব পাৰে ৷

  • চতুৰ্থ ইনিংছত 100 টা উইকেট লোৱা প্ৰথম ভাৰতীয়

টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত অশ্বিন ইতিমধ্যে সৰ্বাধিক উইকেট সংগ্ৰহকাৰীত পৰিণত হৈছে । চতুৰ্থ ইনিংছত মাত্ৰ এটা উইকেট দখল কৰিব পাৰিলে তেওঁ চতুৰ্থ ইনিংছত 100 টা উইকেট সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ আৰু বিশ্বৰ ষষ্ঠগৰাকী বলাৰত পৰিণত হ'ব ।

  • ভাৰত বনাম বাংলাদেশ টেষ্টত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

মাত্ৰ 3 টা উইকেট দখল কৰাৰ পিছত অশ্বিনে বাংলাদেশৰ বিৰুদ্ধে জাহিৰ খানৰ 31 টা ৰঙা বলৰ উইকেট দখল কৰাৰ অভিলেখক অতিক্ৰম কৰিব । জাহিৰৰ নামত আছে 31 টা উইকেট দখলৰ অভিলেখ ৷ বৰ্তমানলৈকে অশ্বিনে টেষ্ট ক্ৰিকেটত বাংলাদেশৰ বিৰুদ্ধে দখল কৰিছে 29 টা উইকেট ৷

  • বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) 2023-25 ত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

মাথো 4 টা উইকেট দখল কৰিব পাৰিলে ডব্লিউ টি চি তালিকাত অশ্বিনৰ উইকেটৰ সংখ্যা 52 টালৈ বৃদ্ধি হ'ব ৷ তদুপৰি তেওঁ অষ্ট্ৰেলিয়াৰ পেচাৰ জছ হেজলউডৰ পিছত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীত পৰিণত হ'ব ।

  • দ্বিতীয় সৰ্বাধিক 5 উইকেট দখলকাৰী খেলুৱৈ

অশ্বিনে বৰ্তমান সময়ত অষ্ট্ৰেলিয়াৰ স্পিন কিংবদন্তী শ্বেন ৱাৰ্ণাৰৰ সৈতে সমতা স্থাপন কৰিছে, যিয়ে টেষ্ট ক্ৰিকেটত 37 বাৰৰ বাবে পাঁচটাকৈ উইকেট দখল কৰিছে । অলৰাউণ্ডাৰগৰাকীয়ে পুনৰ পাঁচটা উইকেট দখল কৰিব পাৰিলেই তেওঁ অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰগৰাকীক অতিক্ৰম কৰিব ৷ পৰৱৰ্তী সময়ত এই তালিকাত অশ্বিনৰ আগত থাকিব মাত্ৰ শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মুথিয়া মুৰলীধৰণ ৷

  • ডব্লিউ টি চি ইতিহাসত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

38 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে 8 টা উইকেট দখল কৰিব পাৰিলেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত নিজৰ নাম সোণালী আখৰৰে লিপিবদ্ধ কৰাৰ সুযোগ লাভ কৰিব ৷ ডব্লিউ টি চি-ৰ ইতিহাসত অশ্বিনৰ নামত আছে 180 টা উইকেট আৰু নাথান লিয়নৰ নামত আছে 187 টা উইকেট ৷ সেয়ে 8 টা উইকেট লাভ কৰিব পাৰিলে অশ্বিনে অষ্ট্ৰেলিয়ান প্ৰতিদ্বন্দ্বীগৰাকীক অতিক্ৰম কৰিব পাৰিব ।

  • টেষ্ট ক্ৰিকেটত সপ্তম সৰ্বাধিক উইকেট সংগ্ৰহকাৰী

টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত অশ্বিনে (522) নাথান লিয়নক (530) অতিক্ৰম কৰাৰ সুযোগ পাব । কানপুৰ টেষ্টত 9 টা উইকেট লাভ কৰিব পাৰিলে অশ্বিন হ’ব টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাৰ সপ্তম স্থানৰ খেলুৱৈ ৷

লগতে পঢ়ক: কানপুৰত 41 বছৰীয়া পৰম্পৰা অটুট ৰাখিবলৈ সাজু ভাৰত; বাংলাদেশেও কঁকালত বান্ধিছে টঙালি - INDIA VS BANGLADESH 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.