ETV Bharat / sports

কাজিৰঙাৰ মনোৰম পৰিৱেশত ৰাজস্থান ৰয়েলছ দলৰ প্ৰমোদ বিহাৰ - RR TEAM IN Kaziranga

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 6:28 PM IST

RAJASTHAN ROYALS: বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহিল ৰাজস্থান ৰয়েলছ দল ৷ কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ আজি দিনৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত উপস্থিত হয় দলটো ৷

RAJASTHAN ROYALS IN KAZIRANGA
কাজিৰঙা ভ্ৰমণলৈ আহিল ৰাজস্থান ৰয়েলছ (ETV BHARAT ASSAM)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহিল ৰাজস্থান ৰয়েলছ (ETV BHARAT ASSAM)

কাজিৰঙা, 16 মে’: আই পি এলৰ ব্যস্ত সূচীৰ মাজতে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহিল ৰাজস্থান ৰয়েলছ দল ৷ বুধবাৰে বৰ্ষাপাৰাত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচৰ পিচত আজি প্ৰকৃতিৰ মাজত অকণমান সময় উদযাপন কৰিবলৈ কাজিৰঙা ভ্ৰমণলৈ আহিল ৰাজস্থান ৰয়েলছৰ দলটো ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ বৃহস্পতিবাৰে দিনৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত উপস্থিত হয় দলটো ৷

খেলৰ অনুশীলন, ধাৰাবাহিক ব্যস্ততাক একাষৰীয়া কৰি থৈ কাজিৰঙাৰ প্ৰকৃতিত নিজকে বিলীন কৰাৰ মন মেলি বাগৰিত উপস্থিত হোৱা দলটোৱে জীপ চাফাৰীৰে উদ্যানৰ সৌন্দৰ্য উপভোগ কৰে ৷ কাজিৰঙা ভ্ৰমণ কৰি আপ্লুত হৈ পৰে দলটোৰ সদস্যসকল ৷ ৰাজস্থান ৰয়েলছ দলটোৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷ আগন্তুক 31 মে’ত চলিত বৰ্ষৰ বাবে কাজিৰঙাত পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰা হ’ব ৷

উল্লেখ্য যে, আই পি এলৰ দুখনকৈ মেচত অংশগ্ৰহণৰ বাবে 13 মে’ত গুৱাহাটীত উপস্থিত হৈছিল ৰাজস্থান ৰয়েলছৰ দল ৷ ইতিমধ্যে আই পি এলক লৈ সমগ্ৰ ৰাজ্যতে তথা গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে উন্মাদনা ৷ ৰাজস্থান ৰয়েলছ দল বিশেষকৈ দল এজন খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন চাবলৈ অনুৰাগী সকল উদগ্ৰীৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷

15 মে’ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত অনুৰাগীক নিৰাশ কৰি ৰাজস্থান ৰয়েলছ দলটো 5 উইকেটত পৰাস্ত হয় ৷ অৱশ্যে মেচখনত ৰিয়ান পৰাগৰ প্ৰদৰ্শনে উৎফুল্লিত কৰি তোলে অনুৰাগীক ৷ দলটোৰ পৰৱৰ্তী মেচখন 19 মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : গুৱাহাটীত আই পি এলৰ উন্মাদনা: বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ-পঞ্জাৱ কিংছৰ যুঁজ চাবলৈ দৰ্শকৰ ভিৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.