ETV Bharat / sports

চেন্নাই টেষ্টত ৰবিচন্দ্ৰন অশ্বিনে ভংগ কৰিলে শ্ৱেন ৱাৰ্ণৰ এই অভিলেখ... - R ASHWIN RECORD

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Shane Warne record break: ভাৰতীয় অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টত শতক অৰ্জন কৰাৰ লগতে দখল কৰে পাঁচটাকৈ উইকেট ৷ এই উইকেট দখল কৰি খেলুৱৈগৰাকীয়ে ভংগ কৰে পূৰ্বৰ অভিলেখ ৷ এই অভিলেখনো কি, জানিবলৈ পঢ়ক এই খবৰ...

R ASHWIN RECORD
ৰবিচন্দ্ৰন অশ্বিন (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ: ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত দাঙি ধৰিছিল সুন্দৰ প্ৰদৰ্শন ৷ এই অভিজ্ঞ ক্ৰিকেটাৰজনে মেচখনৰ প্ৰথম ইনিংছত শতক অৰ্জন কৰি ভাৰতীয় দলটোক সংকটৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল ৷

সমান্তৰালকৈ ক্ৰিকেটাৰগৰাকীয়ে মেচখনৰ দ্বিতীয় ইনিংছত বাংলাদেশৰ বিৰুদ্ধে দখল কৰিছিল পাঁচটাকৈ উইকেট ৷

শ্বেনৱাৰ্ণৰ সমকক্ষ

38 বছৰীয়া অশ্বিনে দেওবাৰে চেন্নাই টেষ্টৰ চতুৰ্থ দিনটোতে ক্ৰিকেটত পাঁচটা উইকেট দখল কৰাৰ অভিলেখ গঢ়ে । মেচৰ 58 অভাৰত তেওঁৰ স্পেলৰ দ্বাৰা পঞ্চমটো উইকেট লাভ কৰিছিল । বিপক্ষৰ বেটছমেন মেহদি হাছান মিৰাজলৈ লক্ষ্য কৰি দলিওৱা ফ্লাইটেড বলটো কোবাবলৈ যাওতে ফিল্ডাৰৰ হাতত কেচ তুলি দি বেটছমেনগৰাকী পেভিলিয়নলৈ ওভতে ৷

পাঁচটাকৈ উইকেট দখল কৰি তামিলনাডুৰ ক্ৰিকেটাৰজনে শ্বেনৱাৰ্ণৰ সৈতে সমতা স্থাপন কৰে, যিয়ে টেষ্ট ক্ৰিকেটত 37 বাৰ পাঁচটা উইকেট দখল কৰিছে । শ্ৰীলংকাৰ কিংবদন্তী মুথিয়া মুৰলীধৰণে 133 খন টেষ্টত 67 বাৰ পাঁচটা উইকেট দখল কৰি এই তালিকাৰ শীৰ্ষত আছে । তাৰপিছতে আছে ক্ৰমে ৰিচাৰ্ড হেডলী আৰু অনিল কুম্বলে ৷ দুয়োগৰাকীয়ে ক্ৰমে 36 আৰু 35 বাৰকৈ পাঁচটা উইকেট লোৱাৰ অভিলেখ স্থাপন কৰিছে ৷

পাঁচটা উইকেট দখল কৰা সৰ্বাধিক বয়সৰ ভাৰতীয় ক্ৰিকেটাৰ

অশ্বিনে টেষ্ট ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনেৰে প্ৰমাণ কৰিছে যে, বয়স মাত্ৰ এটা সংখ্যাহে । তেওঁ দেওবাৰে টেষ্ট ক্ৰিকেটত পাঁচটাকৈ উইকেট অৰ্জন কৰা সৰ্বাধিক বয়সৰ ভাৰতীয় ক্ৰিকেটাৰ হোৱাৰো অভিলেখ স্থাপন কৰে ৷ 38 বছৰ বয়সত অশ্বিনে ভিনু মানকাডৰ 68 বছৰ পুৰণি অভিলেখ অতিক্ৰম কৰে । মানকাডে 1955 চনত 37 বছৰ বয়সত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা টেষ্ট উইকেট দখল কৰিছিল ৷

চতুৰ্থবাৰৰ বাবে শতক আৰু পাঁচটা উইকেট

অশ্বিনে তেওঁৰ কেৰিয়াৰত চতুৰ্থবাৰৰ বাবে একেখন টেষ্ট মেচত এটা শতক আৰু পাঁচটা উইকেট লৈছে । তেওঁ বৰ্তমান ৰঙা বলৰ ক্ৰিকেটত এনে কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থানত আছে । ইয়ান বথামে টেষ্ট ক্ৰিকেটত সৰ্বাধিক পাঁচবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছে ।

ভাৰতৰ হৈ চতুৰ্থ ইনিংছত সৰ্বাধিক উইকেট

অশ্বিনে চতুৰ্থ ইনিংছত অনিল কুম্বলেৰ 94 টা উইকেটৰ অভিলেখক অতিক্ৰম কৰি টেষ্ট মেচৰ চতুৰ্থ ইনিংছত সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত হয় ৷

লগতে পঢ়ক: ভাৰত বনাম বাংলাদেশ; কানপুৰ টেষ্টৰ পূৰ্বে বি চি চি আইৰ ভাৰতীয় দল ঘোষণা - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.