ETV Bharat / sports

UFC ত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত পূজা টোমৰ - Ultimate Fighting Championship - ULTIMATE FIGHTING CHAMPIONSHIP

Puja Tomar : শনিবাৰে পূজা টোমৰে ইতিহাস লিখি ভাৰতৰ বাবে আলটিমেট ফাইটিং চেম্পিয়নশ্বিপ (ইউ এফ চি)ত জয়ী হোৱা প্ৰথমগৰাকী মিক্সড মাৰ্শ্বেল আৰ্টছ যুঁজাৰু হিচাপে পৰিগণিত হয়। ব্ৰাজিলৰ ৰায়ানে ডছ ছান্টোছক 30-27, 27-30 আৰু 29-28 ব্যৱধানত পৰাস্ত কৰে তেওঁ ৷

Puja Tomar
ইতিহাস লিখিলে ভাৰতৰ পূজা টোমৰে (File Photo: Puja Tomar (Getty Images))
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:45 PM IST

স্পৰ্টছ ডেস্ক, 9 জুন : ইতিহাস লিখিলে ভাৰতৰ পূজা টোমৰে ৷ তেওঁ ইউ এফ চি লুইছভিলত অনুষ্ঠিত আলটিমেট ফাইটিং চেম্পিয়নশ্বিপ (ইউ এফ চি)ত জয়ী হোৱা দেশৰ প্ৰথমগৰাকী মিক্সড মাৰ্শ্বিয়েল আৰ্টছ যুঁজাৰু হিচাপে পৰিগণিত হয় ৷ শনিবাৰে ষ্ট্ৰ’ৱেট (52 কিলোগ্ৰাম)ৰ শাখাত ব্ৰাজিলৰ ৰায়ানে ডছ ছান্টোছৰ বিৰুদ্ধে 30-27, 27-30, 29-28 ব্যৱধানত জয়লাভ কৰে অভিষেককাৰী টোমৰে ৷

"এই জয় মোৰ জয় নহয় ৷ এই জয় সকলো ভাৰতীয় অনুৰাগী আৰু সকলো ভাৰতীয় যুঁজাৰুৰ বাবে ৷ সকলোৱে আগতে ভাবিছিল যে, ভাৰতীয় যুঁজাৰু ক'তো থিয় নহয় ৷ মই কেৱল ভাবিছিলো যে মই জিকিব লাগিব আৰু বিশ্বক দেখুৱাব লাগিব যে ভাৰতীয় যুঁজাৰুসকল পৰাজিত নহয় ৷" জয়ৰ পিচত চ’নী স্পোৰ্টছ নেটৱৰ্কক এইদৰে কয় তেওঁ ৷

"চাইক্লন" নামেৰে পৰিচিত 30 বছৰীয়া পূজা টোমৰ যোৱা বছৰৰ অক্টোবৰ মাহত ইউ এফ চিৰ সৈতে চুক্তিবদ্ধ হৈ ভাৰতৰ পৰা মিক্সড মাৰ্শ্বেল আৰ্টছৰ সৰ্ববৃহৎ প্ৰমোচনত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল ৷ আনশুল জুবলী আৰু ভাৰত কান্দৰে ইউ এফ চিত বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে কানাডাৰ অৰ্জন সিং ভুলাৰেও ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷

পূজা টোমৰে কয়- "মই বৰ ভাল অনুভৱ কৰিছো, মই জিকিম বুলি ভাবি ঘৰৰ পৰা আহিছিলো ৷ মই সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছো সেইকাৰণে মই ইয়াত আছোঁ আৰু জনতাই মোক উৎসাহিত কৰি আছে ৷ মই বহুত শক্তিশালী আৰু অনুপ্ৰাণিত আছিলোঁ সেয়েহে মই জিকিছো ৷"

উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ বুধনা গাঁৱত জন্মগ্ৰহণ কৰা টোমৰ পাঁচবাৰৰ ৰাষ্ট্ৰীয় ৱুছু চেম্পিয়ন হোৱাৰ লগতে কাৰাটে আৰু টাইকোৱাণ্ডোৰ পটভূমিও আছে ৷

তেওঁ কয়- "মই জয়ী হোৱাৰ আত্মবিশ্বাসী আছিলো, মই বহুত আক্ৰমণ কৰিছিলো ৷ কিন্তু মই মোৰ 100 শতাংশ দিব পৰা নাছিলো ৷ দ্বিতীয় ৰাউণ্ডত মই হেঁচা অনুভৱ কৰিছিলো ৷ টেক ডাউনৰ দৰে বহু দক্ষতাত উন্নতি কৰাটো প্ৰয়োজন ৷" টোমৰে লগতে কয়- "মোৰ এম এম এ যাত্ৰা সহজ নাছিল, এই জয় মোৰ মাৰ বাবে, তেওঁ মোৰ বাবে পৃথিৱীৰ সৈতে যুঁজিছে ৷ গতিকে এই জয় তেওঁৰ বাবে ৷"

উল্লেখ্য যে, মেট্ৰিক্স ফাইট নাইটকে ধৰি আন আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুবাৰকৈ ষ্ট্ৰ’-ৱেইটৰ খিতাপ দখল কৰিছে তেওঁ ৷ এম এম এ হৈছে ষ্ট্ৰাইকিং, গ্ৰেপলিং আৰু গ্ৰাউণ্ড ফাইটিঙৰ ওপৰত ভিত্তি কৰি নিৰ্মিত সম্পূৰ্ণ যোগাযোগৰ যুদ্ধ ক্ৰীড়া, য’ত বিশ্বৰ বিভিন্ন যুদ্ধ ক্ৰীড়াৰ কৌশল সন্নিবিষ্ট কৰা হৈছে ৷ আলটিমেট ফাইটিং চেম্পিয়নশ্বিপ হৈছে আমেৰিকাৰ মিক্সড মাৰ্শ্বেল আৰ্টছৰ প্ৰচাৰ কোম্পানী ৷

লগতে পঢক : ভাৰত-পাকিস্তানৰ মেচত বৰষুণৰ বিধি-পথালি, টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত পাকিস্তানৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.