ETV Bharat / sports

পেৰিছ পেৰালিম্পিক 2024: উদ্বোধনী অনুষ্ঠানত ভাগ্যশ্ৰী যাদৱ আৰু সুমিত এণ্টিল ভাৰতৰ ধ্বজাবাহক - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 7:30 PM IST

Paris Paralympics 2024 Opening Ceremony: ভাৰতে আগন্তুক পেৰিছ পেৰালিম্পিক 2024 ৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ভাগ্যশ্ৰী যাদৱ আৰু সুমিত এণ্টিলক দেশৰ ধ্বজাবাহক হিচাপে বাছনি কৰিছে । এই দুই তাৰকা কোন জানিবলৈ পঢ়ক সম্পূৰ্ণ বাতৰিটো ।

PARIS PARALYMPICS 2024
ভাগ্যশ্ৰী যাদৱ আৰু সুমিত এণ্টিল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: পেৰিছ পেৰালিম্পিক গেমছ 2024 ৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ভাৰতে ঘোষণা কৰিছে ধ্বজাবাহকৰ নাম ৷ এই দায়িত্ব অৰ্পণ কৰা হৈছে শ্বটপুট তাৰকা ভাগ্যশ্ৰী যাদৱ আৰু তাৰকা জেভলিন থ্ৰ'য়াৰ সুমিত এণ্টিলক ৷

ভাগ্যশ্ৰী আৰু সুমিতে পেৰালিম্পিকত ভাৰতৰ 84 জনীয়া দলটোক প্ৰতিনিধিত্ব কৰিব । এয়া ভাৰতৰ বাবেও এক বিশেষ মুহূৰ্ত হিচাপে পৰিচিত হ’ব ৷ কিয়নো ই হ’ব দেশৰ সৰ্ববৃহৎ 84 জন খেলুৱৈৰ দ্বাৰা গঠিত দল, যি টকিঅ' অলিম্পিক 2020 ত অংশগ্ৰহণ কৰা 54 জন খেলুৱৈতকৈ যথেষ্ট বৃহৎ । 2024 চনৰ পেৰালিম্পিক গেমছ 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ পেৰিছত অনুষ্ঠিত হ'ব ।

ভাগ্যশ্ৰী যাদৱ কোন ?

মহাৰাষ্ট্ৰৰ বাসিন্দা ভাগ্যশ্ৰী যাদৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰি আহিছে । তেওঁ 2022 চনৰ এছিয়ান পেৰা গেমছত শ্বটপুট এফ 34 শ্ৰেণীত ৰূপৰ পদক জয় কৰে আৰু টকিঅ' পেৰালিম্পিকত সপ্তম স্থান লাভ কৰে । খেলখনত যাদৱৰ এই যাত্ৰা আৰম্ভ হৈছিল 2017 চনত আৰু তেওঁ বিশ্বকাপ আৰু বিশ্ব পেৰা এথলেটিকছ গেমছকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত পদক জিকি ক্ৰীড়াৰ ক্ষেত্ৰত সুকীয়া স্থান দখল কৰিছিল ৷

সুমিত এণ্টিল কোন ?

তাৰকা জেভলিন থ্ৰ’ৱাৰ পেৰা-এথলীট সুমিত এণ্টিল এফ 64 শ্ৰেণীৰ বৰ্তমানৰ বিশ্ব অভিলেখকাৰী । তেওঁ টকিঅ' পেৰালিম্পিক 2020 ত 68.55 মিটাৰ থ্ৰ’ৰ সৈতে সোণৰ পদক জয় কৰি বিশ্ব অভিলেখ স্থাপন কৰিছিল । এণ্টিলে 2023 চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জিকি নিজৰ আধিপত্য অব্যাহত ৰাখি 2022 চনৰ এছিয়ান পেৰা গেমছত 73.29 মিটাৰৰ নতুন বিশ্ব অভিলেখ গঢ়িছিল ।

টকিঅ'ত জিকিছিল 19 টা পদক

টকিঅ' পেৰালিম্পিক গেমছত ভাৰতে 19 টা পদক দখল কৰিছিল । পেৰিছত ভাৰতে অধিক পদক জিকি বিশ্বব্যাপী পেৰালিম্পিক মঞ্চত তেওঁলোকৰ নেতৃত্ব অব্যাহত ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ পেৰিছ অলিম্পিকত মাত্ৰ 6 টা পদক লাভ কৰি ভাৰতে অলিম্পিকৰ পদক তালিকাৰ 71 তম স্থান লাভ কৰে ৷ আশা কৰা হৈছে যে, পেৰা-এথলীটসকলে ভাৰতীয়সকলক এই খেলসমূহত উৎসাহিত কৰাৰ সুযোগ দিব ।

লগতে পঢ়ক: ওজন হ্ৰাসৰ সময়ত আছিল মৃত্যুৰ সম্ভাৱনা: বিনেশৰ প্ৰশিক্ষক ৱ’লাৰ আকোছ - COACH WOLLER AKOS ON VINESH PHOGAT

শ্বুটাৰ মনু ভাকৰক লাখটকীয়া পুৰস্কাৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - SARBANANDA SONOWAL FELICITATES MANU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.