ETV Bharat / sports

১৩ আগষ্টতহে ঘোষণা হ'ব বিনেশৰ আবেদনৰ বহু প্ৰত্যাশিত সিদ্ধান্ত - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 12:00 PM IST

Paris Olympics 2024: বিনেশ ফোগাটৰ আবেদনৰ সিদ্ধান্ত দেওবাৰে ঘোষণা কৰাৰ কথা আছিল । কিন্তু এই সময় বৃদ্ধি কৰা হৈছে । এতিয়া ১৩ আগষ্টৰ সন্ধিয়া ৬ বজাত হে চি এ এছে এই সন্দৰ্ভত সিদ্ধান্ত দিব ।

Paris Olympics 2024
১৩ আগষ্টতহে ঘোষণা হ'ব বিনেশৰ আবেদনৰ বহু প্ৰত্যাশিত সিদ্ধান্ত (AP Photos)

স্প’ৰ্টছ ডেস্ক,১১ আগষ্ট : মল্লযুঁজাৰু বিনেশ ফোগাটৰ পদকৰ দাবীৰ আবেদনৰ সিদ্ধান্ত এতিয়ালৈ অহা নাই । ১১ আগষ্টত অৰ্থাৎ আজি এই সন্দৰ্ভত চি এ এছে(Court of Arbitration for Sport) সিদ্ধান্ত দিয়াৰ কথা আছিল যদিও পুনৰ এই দিন পিছুৱাই দিয়া হৈছে । ১৩ আগষ্টত হে চি এ এছে নিজৰ সিদ্ধান্ত ঘোষণা কৰিব ।

বিনেশ ফোগাটৰ আবেদনৰ ওপৰত সিদ্ধান্ত :

২০২৪ চনৰ পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছিল । বিনেশ ফোগাটক মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে ফাইনেলত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা হৈছিল । অৱশ্যে ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিৰুদ্ধে আৰু যৌথভাৱে ৰূপৰ পদক প্ৰদানৰ দাবীৰে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে চি এ এছত আবেদন জনাইছিল । বহু প্ৰত্যাশিত সিদ্ধান্তটো দেওবাৰে সন্ধিয়া ঘোষণা কৰাৰ কথা আছিল । কিন্তু ঘটনাৰ এক বিশৃংখল পৰিৱৰ্তনত ভাৰতীয় অলিম্পিক সংস্থাই কয় যে সিদ্ধান্তটো ১৩ আগষ্টতহে জনা যাব ।

আই অ' এ-ৰ বিবৃতিত উল্লেখ কৰিছে যে চিএএছৰ তদৰ্থ বিভাগে বিনেশ ফোগাট বনাম ইউনাইটেড ৱৰ্ল্ড ৰেছলিং আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটীৰ গোচৰত একমাত্ৰ মধ্যস্থতাকাৰী ড৹ এনাবেল বেনেটক সিদ্ধান্ত ঘোষণা কৰাৰ বাবে ১১ আগষ্টলৈ সময় বৃদ্ধি কৰা হৈছিল । কিন্তু এই সিদ্ধান্তৰ বাবে সময় পুনৰ বৃদ্ধি কৰা হৈছে আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ১৩ আগষ্টৰ সন্ধিয়া ৬ বজালৈকে এই সিদ্ধান্ত দিয়াৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে ।

ইফালে বিনেশক হাই প্ৰফাইল জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে আৰু বিদুষ্পত সিংহানিয়াই প্ৰতিনিধিত্ব কৰিছে । এতিয়া বিনেশৰ দাবীৰ ওপৰত সিদ্ধান্ত কি হ'ব, সেয়া ১৩ আগষ্টতহে জানিব পৰা যাব ।

নীৰজ আৰু জাপানী অলিম্পিক চেম্পিয়নৰ সমৰ্থন :

বিনেশৰ আবেদনৰ সিদ্ধান্তৰ বাবে প্ৰতিগৰাকী ভাৰতীয় গভীৰ আগ্ৰহেৰে ৰৈ আছে । ভাৰতীয় খেলুৱৈসকলেও বিনেশৰ সমৰ্থনত থিয় দিছে । ভাৰতৰ হৈ পেৰিছ অলিম্পিকৰ জেভলিন ইভেণ্টত ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাইও বিনেশৰ পদকৰ অপেক্ষাত আছে ।

"যদি তেওঁ পদক লাভ কৰে, খুব ভাল হ'ব । বস্তুবোৰ সঠিক দিশত নগ'লে এনে, নহ'লে তেওঁ পদক লাভ কৰিলেহেঁতেন । মই আশা কৰো তেওঁ এইটো পাব কিয়নো যদি আপোনাৰ ডিঙিত এইটো নাথাকে, তেন্তে সেই বস্তুটো আপোনাৰ হৃদয়ত থাকে ।" আইঅ'চিৰ সদস্য তথা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানিয়ে সম্বৰ্ধনা জনোৱাৰ পিচতে 'ইণ্ডিয়া হাউচ'ত সাংবাদিকক এনেদৰে কয় নীৰজ চোপ্ৰাই ।

ইফালে বিনেশৰ প্ৰতি সমৰ্থন জনাই জাপানৰ অলিম্পিক চেম্পিয়ন ৰেই হিগুচিয়ে । যোৱা টকিঅ' অলিম্পিকৰ কোৱালিফায়াৰৰ পৰা মাত্ৰ ৫০ গ্ৰাম ওজনৰ বাবে বাহিৰ হৈছিল হিগুচি । পেৰিছত পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল ইভেণ্টত স্বৰ্ণ জয় কৰা হিগুচিয়ে কয়,"মই আপোনাৰ দুখ ভালদৰে বুজি পাঁও । একেই ৫০ গ্ৰাম । আপোনাৰ ওচৰৰ মানুহৰ কথাবোৰ গুৰুত্ব নিদিব । জীৱন চলি থাকে । বিফলতাৰ পৰা ওলাই অহাটো আটাইতকৈ ভাল কথা । ভালদৰে বিশ্ৰাম লওঁক ।"

লগতে পঢ়ক :বিনেশ ফ’গাটৰ আবেদনক লৈ সিদ্ধান্ত হ'ব ১১ আগষ্টত - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.