ETV Bharat / sports

মহিলা কুস্তিৰ ছেমি ফাইনেলত বিনেশ ফোগাট - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 6, 2024, 7:18 PM IST

Paris Olympics 2024 Wrestling : চলিত পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল কুস্তিৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটৰ ।

Paris Olympics 2024 Wrestling
বিনেশ ফোগাটৰ কোৱাৰ্টাৰ ফাইনেল যুঁজ (AP Photo)

স্পৰ্টছ ডেস্ক, ৬ আগষ্ট : ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে চলিত পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল কুস্তিৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । কোৱাৰ্টাৰ ফাইনেলত বিনেশে ইউক্ৰেইনৰ ওকছানা লিৱাচক ৭-৫ ব্যৱধানত পৰাস্ত কৰে ।

ছেমি ফাইনেলত প্ৰৱেশ বিনেশ ফোগাট

ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে ছেমি ফাইনেলত প্ৰৱেশ কৰে । কোৱাৰ্টাৰ ফাইনেলত ফোগাটে ইউক্ৰেইনৰ ওকছানা লিৱাচক পৰাস্ত কৰে । সমগ্ৰ মেচখনত কেইটামান ত্ৰুটিৰ বাহিৰে বিনেশে প্ৰাক্তন বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু কোৱাৰ্টাৰ ফাইনেলত 7-5 ব্যৱধানত জয়ী হৈ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ।

নিশা ১০,২৫ বজাত ছেমি ফাইনেল

ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটৰ মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল কুস্তিৰ ছেমি ফাইনেল মেচখন ভাৰতীয় সময় মতে মঙলবাৰে নিশা ১০.২৫ বজাত অনুষ্ঠিত হ'ব । মেচখনত তেওঁ পেন আমেৰিকান গেমছৰ বৰ্তমানৰ চেম্পিয়ন কিউবাৰ ইউছনেলিছ গুজমান লোপেজৰ মুখামুখি হ'ব ।

পদক লাভৰ পৰা মাত্ৰ এখোজ দূৰৈত বিনেশ ফোগাট

তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট এতিয়া পেৰিছত অনুষ্ঠিত নিজৰ তৃতীয় অলিম্পিকত পদক জয়ৰ পৰা মাত্ৰ এটা জয়ৰ দূৰৈত আছে । তেওঁৰ পৰা ১৪০ কোটি ভাৰতীয়ই পেৰিছ অলিম্পিকত পদক জয়ৰ বাবে আশা কৰি আছে । বিনেশে মঙলবাৰে নিশা অনুষ্ঠিত হ'বলগীয়া ছেমি ফাইনেলত কিউবাৰ ইউচনেলিছ গুজমান লোপেজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । লোপেজক পৰাস্ত কৰিব পাৰিলে তেওঁ ভাৰতৰ হৈ অন্তত এটা ব্ৰঞ্জৰ পদকৰ দাবীদাৰ হ'ব ।

ইয়াৰ পূৰ্বে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে ৰাউণ্ড অব ১৬ মেচত টকিঅ' অলিম্পিক ২০২০ৰ চেম্পিয়ন য়ুই চুচাকিক ৩-২ ব্যৱধানত পৰাস্ত কৰে । এই বিজয় এই কাৰণেই বিশেষ আছিল যে জাপানৰ য়ুই চুচাকি কেৱল বৰ্তমানৰ অলিম্পিক চেম্পিয়নেই নহয়, তেওঁ এই শাখাত তিনিবাৰৰ বিশ্ব চেম্পিয়ন আৰু বৰ্তমানৰ এছিয়ান চেম্পিয়ন ।

লগতে পঢ়ক :পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নীৰজ চোপ্ৰাৰ - Paris Olympics 2024
লগতে পঢ়ক :বৰ্তমানৰ অলিম্পিক চেম্পিয়ন তথা তিনিবাৰৰ বিশ্ব চেম্পিয়নক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত বিনেশ ফ’গাট - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.