ETV Bharat / sports

খেলুৱৈৰ দায়িত্ববোধ সন্দৰ্ভত প্ৰকাশ পাডুকনৰ মন্তব্যক শ্বাটলাৰ অশ্বিনী পোনাপ্পাৰ সমালোচনা - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 6, 2024, 10:11 PM IST

Ashwini Ponnappa reply to Prakash Padukone : ভাৰতীয় শ্বাটলাৰ অশ্বিনী পোনাপ্পাই প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ 'দায়িত্ববোধ' সম্পৰ্কীয় মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খেলুৱৈৰ দায়িত্ববোধৰ ওপৰত দিয়া পাডুকনৰ মন্তব্যৰ উত্তৰ দিবলৈ তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট কৰে ।

Ashwini ponnappa Reply to prakash padukone
অশ্বিনী পোনাপ্পা (AP Photo)

স্পৰ্টছ ডেস্ক, ৬ আগষ্ট : প্ৰাক্তন কিংবদন্তী শ্বাটলাৰ প্ৰকাশ পাডুকনে পেৰিছ অলিম্পিকত ভাৰতীয় শ্বাটলাৰসকলৰ হতাশাজনক প্ৰদৰ্শনৰ পিচত সমালোচনা কৰে । লক্ষ্য সেনৰ পৰাজয়ৰ পিচতে প্ৰকাশ পাডুকনে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আনহাতে, তেওঁৰ বক্তব্যৰ পিচতে অশ্বিনী পোনাপ্পায়ো তেওঁৰ বক্তব্যক সমালোচনা কৰে ।

পোনাপ্পাই তেওঁৰ সামাজিক মাধ্যম একাউণ্ট ইনষ্টাগ্ৰামত খেলুৱৈসকলৰ ওপৰত অন্যায়ভাৱে দোষাৰোপ কৰাৰ বাবে নিজৰ হতাশা ব্যক্ত কৰে । তেওঁ প্ৰশ্ন কৰে যে বিফলতাৰ বাবে কেৱল খেলুৱৈসকলকে কিয় দোষাৰোপ কৰা হৈছে । আনহাতে, প্ৰস্তুতি আৰু কৌশল নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰশিক্ষকসকলৰ ওপৰত কিয় মন্তব্য কৰা নাই বুলিও তেওঁ মন্তব্য কৰে ।

পোনাপ্পাই ইনষ্টাগ্ৰাম ষ্টৰীত লিখিছে, "মই এইটো দেখি হতাশ হৈছোঁ । যদি এগৰাকী খেলুৱৈ জয়ী হয়, সকলোৱে কৃতিত্ব ল'বলৈ আগবাঢ়ি আহে । আৰু যদি খেলুৱৈসকল পৰাজিত হয়, তেন্তে এয়া কেৱল খেলুৱৈগৰাকীৰ দোষ ? খেলুৱৈগৰাকীৰ প্ৰস্তুতিৰ অভাৱ আৰু পৰ্যাপ্ত প্ৰস্তুতি নোহোৱাৰ বাবে প্ৰশিক্ষকসকলক কিয় দোষ দিয়া নহয় ? যদি তেওঁ জয়ৰ কৃতিত্ব লোৱা প্ৰথম ব্যক্তি হয়, তেন্তে তেওঁ খেলুৱৈসকলৰ পৰাজয়ৰ দায়িত্ব কিয় নলয় ?"

"জয়ী হ'বলৈ এক দলীয় প্ৰচেষ্টাৰ প্ৰয়োজন হয় আৰু পৰাজয়ো দলীয় দায়িত্ব । আপুনি হঠাতে এজন খেলুৱৈক অৱনমিত কৰিব নোৱাৰে । লগতে সকলো দোষ খেলুৱৈগৰাকীৰ ওপৰত জাপি দিব নোৱাৰে ।"

উল্লেখ্য, ইয়াৰ পূৰ্বে প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পাডুকনে কৈছিল, "খেলুৱৈসকলেও আত্মনিৰীক্ষণ কৰিব লাগিব । আপোনালোকে কেৱল অধিক সুবিধা বিচাৰিব নোৱাৰে । হয়তো খেলুৱৈসকলে অলিম্পিকত পদক জিকিবলৈ পৰ্যাপ্ত পৰিশ্ৰম কৰা নাই । কেৱল প্ৰশিক্ষক বা আন কাৰোবাৰ দায়িত্ব নহয় । আপোনালোকৰ ওচৰত ক্ৰীড়া বিজ্ঞান আৰু সহায়ৰ বাবে এটা দল পাইছে । খেলুৱৈসকলৰ ওচৰত তেওঁলোকৰ নিজা ফিজিঅ', এছ এণ্ড চি প্ৰশিক্ষক, পুষ্টিবিদ আছে ।"

তেওঁ লগতে কয়, "মই নাভাবোঁ যে আমেৰিকাক বাহিৰে আন কোনো দেশত ইমান সুবিধা আছে ।" তেওঁ এইটোও কয় যে খেলুৱৈসকলে এতিয়া পৰাজয়ৰ দায়িত্ব ল'ব লাগে । মালয়েছিয়াৰ লী জি জিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ মেচখনত লক্ষ্য সেনৰ পৰাজয়ৰ পিচতে তেওঁ এই মন্তব্য কৰে ।

লগতে পঢ়ক :মহিলা কুস্তিৰ ছেমি ফাইনেলত বিনেশ ফোগাট - Paris Olympics 2024
লগতে পঢ়ক :চীনৰ বিৰুদ্ধে পৰাস্ত হৈ অলিম্পিক যাত্ৰা সামৰিলে ভাৰতীয় পুৰুষ টেবুল টেনিছ দলে - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.