ETV Bharat / sports

ইতিহাস সৃষ্টি বলৰাজ পানৱাৰৰ : পুৰুষৰ একক স্কলছৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 3:36 PM IST

Paris Olympics 2024 Rowing : বলৰাজ পানৱাৰে পেৰিছ অলিম্পিক ২০২৪ ত ৰয়িংত ইতিহাস সৃষ্টি কৰিছে । তেওঁ পুৰুষৰ একক স্কলছৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয়ত পৰিগণিত হৈছে । সম্পূৰ্ণ বাতৰি পঢ়ক...

Paris Olympics 2024 Rowing
বলৰাজ পানৱাৰৰ ইতিহাস সৃষ্টি (AP Photo)

স্পৰ্টছ ডেস্ক, 28 জুলাই : পেৰিছ অলিম্পিক 2024ত ইতিহাসৰ সৃষ্টি ভাৰতৰ বলৰাজ পানৱাৰৰ ৷ দেওবাৰে পেৰিছ অলিম্পিক 2024ত ৰয়িংত ইতিহাস সৃষ্টি কৰে খেলুৱৈজনে ৷ পুৰুষৰ একক স্কলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈ ইতিহাস ৰছে তেওঁ ৷ পেৰিছ 2024ত ভাৰতৰ একমাত্ৰ ৰোয়াৰ বলৰাজ পানৱাৰে দেওবাৰে পুৰুষৰ একক স্কলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷

সেনাবাহিনীৰ 25 বছৰীয়া খেলুৱৈগৰাকীয়ে মনাকোৰ কুৱেণ্টিন এণ্টোগানেলিৰ পিচতে 7:12.41 ছেকেণ্ডেৰে দ্বিতীয় স্থান দখল কৰে ৷ তেওঁলোকৰ ৰিপেচেজ গ্ৰুপৰ পৰা আন 3 জন অংশগ্ৰহণকাৰীয়ে ছেমি ফাইনেল ই/এফলৈ আগবাঢ়ি যায় ৷

প্ৰথম অলিম্পিক অভিষেক খেলি থকা বলৰাজ পানৱাৰে এতিয়া মঙলবাৰে পুৰুষৰ একক স্কলছ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ৷ এই খেলখন 30 জুলাইত ভাৰতীয় সময় মতে দুপৰীয়া 1.40 বজাৰ পৰা অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : সাফল্য : প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰ - Paris Olympics 2024

ইতিহাস ৰচনা কৰাৰ সুযোগ বলৰাজৰ :

উল্লেখ্য যে, মঙলবাৰে অলিম্পিক ইতিহাসৰ যিকোনো অলিম্পিক ৰয়িং ইভেণ্টত ভাৰতৰ হৈ সৰ্বোত্তম প্ৰদৰ্শনৰ অভিলেখ স্থাপন কৰাৰ সুযোগ পাব বলৰাজে ৷ এই অভিলেখ বৰ্তমান পুৰুষৰ লাইটৱেট ডাবল স্কলছ যুটি অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙৰ হাতত আছে, যিয়ে টকিঅ’ অলিম্পিক 2020 ত তেওঁলোকৰ ইভেণ্টত 11 নম্বৰ স্থান দখল কৰিছিল ৷

যোৱা বছৰ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ফাইনেল এ-ত (A) চতুৰ্থ স্থান দখল কৰিছিল বলৰাজ পানৱাৰে ৷ এতিয়া পেৰিছত বলৰাজৰ পৰা অলিম্পিক পদক লাভৰ আশাত আছে ভাৰতবাসী ৷ এই পৰ্যন্ত পানৱাৰৰ প্ৰদৰ্শনলৈ চালে দেখা যায় যে তেওঁ ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিব পাৰে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ দ্বিতীয় দিন : পদকৰ যুঁজত অৱতীৰ্ণ হ'ব এইসকল ভাৰতীয়... - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.