ETV Bharat / sports

২০২৮ৰ অলিম্পিকত দেশৰ হৈ স্বৰ্ণ জয় কৰিম : প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি দিলে অমন ছেহৰাৱাটে - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 10:05 PM IST

Paris Olympics 2024 Wrestling : ভাৰতীয় মল্লযুঁজাৰু অমন ছেহৰাৱাটে শুকুৰবাৰে দেশক ষষ্ঠটো পদক প্ৰদান কৰে ৷ তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট দি অভিনন্দন জনায় আৰু ইয়াৰ পিচত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে ফোনত বাৰ্তালাপ কৰে। পঢ়ক সম্পূৰ্ণ খবৰ..

Paris Olympics 2024 Wrestling
অমন ছেহৰাৱাটৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত পুৰুষৰ ফ্ৰীষ্টাইল 57 কেঃজি মল্লযুঁজৰ ব্ৰঞ্জৰ পদক মেচত জয়ী হৈ ভাৰতীয় মল্লযুঁজাৰু অমনে ভাৰতক ষষ্ঠটো পদক প্ৰদান কৰে ৷ এই পদক যুঁজত তেওঁ প’ৰ্ট’ ৰিকোৰ ডাৰিয়ান ক্ৰুজক 13-5 ব্যৱধানত পৰাস্ত কৰে ৷ ইয়াৰ লগতে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতক পঞ্চমটো ব্ৰঞ্জৰ পদক প্ৰদান কৰে অমনে ৷ ইয়াৰ পিচতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমনৰ সৈতে ফোনত বাৰ্তালাপত মিলিত হয় আৰু অভিনন্দন জনায় ৷

অমনৰ সংগ্ৰামক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ :

অমনৰ সৈতে ফোনত বাৰ্তালাপ কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উৎকৃষ্ট প্ৰচেষ্টা আৰু দেশৰ বাবে পদক লাভ কৰাৰ বাবে অভিনন্দন জনায় ৷ এই সময়ত প্ৰধানমন্ত্ৰীয়ে অমনৰ সংগ্ৰামৰ শলাগ লৈ কয় যে আপুনি ষ্টেডিয়ামখনক আপোনাৰ ঘৰ কৰি লৈছে, সকলোৱে এই কাম কৰিব নোৱাৰে ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অমনক কয় যে আপুনি কম বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল আৰু তাৰ পিচত ইমান কষ্ট কৰি দেশৰ হৈ অলিম্পিক পদক লাভ কৰিছে, এয়া সমগ্ৰ দেশবাসীৰ বাবে প্ৰেৰণাদায়ক ৷

অমনে প্ৰধানমন্ত্ৰী মোদীক স্বৰ্ণ জয় কৰাৰ প্ৰতিশ্ৰুতি দিছিল :

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীক ডাঙৰ প্ৰতিশ্ৰুতি দিলে অমনে ৷ তেওঁ কয়, 'মই সোণৰ পদক লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ কিন্তু সেয়া নহ’ল ৷ কিন্তু 2028 চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত দেশৰ বাবে স্বৰ্ণ পদক লৈ আহিম ৷' এই কথা-বতৰাত অমনে নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে ৷

লগতে পঢ়ক : কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত মল্লযুঁজাৰু ঋতিকা হুদা, পেৰিছ অলিম্পিকত ভাৰতৰ অভিযান সমাপ্ত - Paris Olympics 2024

অলিম্পিকত অমনৰ যাত্ৰা কেনেকুৱা আছিল ?

21 বছৰীয়া ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে পেৰিছ গেমছত পুৰুষৰ 57 কেঃজি মল্লযুঁজত টকিঅ’ 2020ৰ ৰূপৰ পদক বিজয়ী আৰু তেওঁৰ গুৰু ৰবি দহিয়াক পৰাস্ত কৰি অলিম্পিকত নিজৰ স্থান অৰ্জন কৰিছিল ৷ ইয়াৰ পিচত প্ৰি কোৱাৰ্টাৰ ফাইনেল মেচত তেওঁ মেচিডোনিয়াৰ প্ৰাক্তন চেম্পিয়ন ভ্লাদিমিৰ ইগ’ৰভক 10-0 ব্যৱধানত কাৰিকৰী শ্ৰেষ্ঠত্বৰে পৰাস্ত কৰে ৷ ইয়াৰ পিচত আলবেনিয়াৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা চতুৰ্থ ছিড জেলিমখান আবাকাৰোভক কোৱাৰ্টাৰ ফাইনেলত 12-0 ব্যৱধানত পৰাস্ত কৰি অমনে জয়লাভ কৰে ৷ শেষত ছেমি ফাইনেল মেচত কাৰিকৰী শ্ৰেষ্ঠত্বৰ ভিত্তিত জাপানৰ ৰেই হিগুচিৰ হাতত 10-0 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৷

লগতে পঢ়ক : কুস্তিত ব্ৰঞ্জ অৰ্জনেৰে অলিম্পিক পদক বিজয়ী সৰ্বকনিষ্ঠ ভাৰতীয়ত পৰিণত অমন চেহৰাৱত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.