ETV Bharat / sports

পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নীৰজ চোপ্ৰাৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 6, 2024, 6:49 PM IST

Paris Olympics 2024 Javelin throw: পেৰিছ অলিম্পিকৰ ফাইনেলত ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা ৷ ভাৰতৰ ‘গল্ডেন বয়’ নীৰজ চোপ্ৰাই প্ৰথম থ্ৰ’ত অৰ্হতাৰ সীমা অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰে । পেৰিছত নীৰজে নিজৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ’ ৮৯.৩৪ মিটাৰ অতিক্ৰম কৰে ।

Paris Olympics 2024 Javelin throw
পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নীৰজ চোপ্ৰাৰ (AP Photo)

স্প’ৰ্টছ ডেস্ক, ৬ আগষ্ট: ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পেৰিছত নিজৰ যাদু অব্যাহত ৰাখিছে ৷ পেৰিছ অলিম্পিকত আজি তেওঁ আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে । ভাৰতৰ ‘গল্ডেন বয়’ নীৰজ চোপ্ৰাই প্ৰথম থ্ৰ’ত অৰ্হতাৰ সীমা অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰিছে । নীৰজে নিজৰ ছিজনৰ শ্ৰেষ্ঠ ৮৯.৩৪ মিটাৰ থ্ৰ’ কৰে । টকিঅ’ ২০২০ চেম্পিয়ন নীৰজ চোপ্ৰা পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰা পঞ্চমজন এথলীট ৷

প্ৰথম থ্ৰ’তে অৰ্হতা চিহ্ন অতিক্ৰম কৰিলে নীৰজে :

মঙলবাৰে পেৰিছ অলিম্পিক ২০২৪ত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ অৰ্হতা ৰাউণ্ডৰ প্ৰথমটো প্ৰচেষ্টাত ভাৰতৰ ‘গল্ডেন বয়’ নীৰজ চোপ্ৰাই ৮৯.৩৪ মিটাৰত থ্ৰ’ কৰে । ফলত তেওঁ সহজেই অৰ্হতাৰ সীমা অতিক্ৰম কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰে ।

লগতে পঢ়ক: আজি জাৰ্মানীৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ বহু প্ৰত্যাশিত ছেমি ফাইনেল : দুয়ো দেশৰ ৰেকৰ্ডে কি কয় ? - Paris Olympics 2024

ছিজনৰ শ্ৰেষ্ঠ থ্ৰ’ৰ লগতে ব্যক্তিগত দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ’ নিক্ষেপ নীৰজ চোপ্ৰাৰ :

পুৰুষৰ জেভেলিন থ্ৰ’ৰ গ্ৰুপ-বিৰ অৰ্হতা ৰাউণ্ডৰ প্ৰথমটো প্ৰচেষ্টাত নীৰজে ৮৯.৩৪ মিটাৰ থ্ৰ’ কৰে ৷ এই দূৰত্ব তেওঁৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ’ৰ লগতে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰৰ দ্বিতীয়টো শ্ৰেষ্ঠ থ্ৰ’ । তদুপৰি এই থ্ৰ’টোও আছিল ২৬ বছৰীয়া খেলুৱৈগৰাকীৰ যিকোনো অৰ্হতা ৰাউণ্ডৰ শ্ৰেষ্ঠ থ্ৰ’ ।

৮ আগষ্টত অনুষ্ঠিত হ’ব ফাইনেল:

পেৰিছ অলিম্পিক ২০২৪ৰ পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ ফাইনেল ৮ আগষ্ট বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১১:৫৫ বজাত অনুষ্ঠিত হ’ব । ভাৰতে আশা কৰিছে ‘গল্ডেন বয়’ নীৰজ চোপ্ৰাই অলিম্পিকত পুনৰবাৰ স্বৰ্ণ পদক দখল কৰিব ।

লগতে পঢ়ক: কেতিয়া আৰু কোন দিনা অলিম্পিকত জেভলিন থ্ৰ’ কৰিব নীৰজ চোপ্ৰাই ? - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.