ETV Bharat / sports

ভাৰতীয় হকী দলৰ প্ৰথম পৰাজয় : বেলজিয়ামৰ বিৰুদ্ধে ২-১ গ'লত পৰাস্ত - PARIS OLYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 1, 2024, 5:51 PM IST

Paris Olympics 2024 Hockey : পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষ হকী দল। বৃহস্পতিবাৰে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলখনত ভাৰতে বেলজিয়ামৰ হাতত ২-১ ব্যৱধানত পৰাস্ত হয়। পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Hockey
বেলজিয়ামৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ প্ৰথম পৰাজয় (AP Photos)

স্পৰ্টছ ডেস্ক, 1 আগষ্ট : পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষৰ হকী দল ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পুল-বি-ৰ (B) গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে বৰ্তমানৰ অলিম্পিক চেম্পিয়ন বেলজিয়ামৰ হাতত 2-1 গলত পৰাস্ত হয় ৷ বেলজিয়ামৰ হৈ থিব’ ষ্টকব্ৰুকছ (33 মিনিট) আৰু জন-জন ড’মেনে (44 মিনিট) গল দিয়ে ৷ 18 মিনিটত ভাৰতৰ হৈ একমাত্ৰ গলটো দিয়ে অভিষেকে ৷

ভাৰতীয় হকী দলৰ প্ৰথম পৰাজয় :

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষৰ হকী দলৰ এয়া প্ৰথম পৰাজয় ৷ টকিঅ’ 2020 ৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় দলটোৱে পেৰিছত অনুষ্ঠিত হোৱা যোৱা 3 খন খেলৰ ভিতৰত 2 খন খেলত জয়লাভ কৰিছে ৷ তাৰকা ড্ৰেগ-ফ্লিকাৰ হৰমনপ্ৰীত সিঙৰ নেতৃত্বত থকা দলটোৱে নিউজীলেণ্ডক 3-2 গ’লত পৰাস্ত কৰি আয়াৰলেণ্ডৰ বিৰুদ্ধে 2-0 গ’লত জয়লাভ কৰিছিল ৷ একে সময়তে আৰ্জেণ্টিনাৰ বিৰুদ্ধে 1-1 গ’লত ড্ৰ’ খেলিছিল দলটোৱে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকত স্বপ্নিলে দিলে ভাৰতক তৃতীয়টো পদক - Paris Olympics 2024

তৃতীয়াৰ্ধত খেলখন হাতৰ পৰা আঁতৰি যায় :

বেলজিয়ামৰ বিৰুদ্ধে খেলখনত ভাৰতে হাফটাইমলৈকে 1-0 ৰ অগ্ৰগতি লাভ কৰিছিল ৷ ভাৰতৰ তাৰকা ফৰৱাৰ্ড অভিষেকে 18 মিনিটত গল কৰি প্ৰথমাৰ্ধত ভাৰতক আগুৱাই নিছিল ৷ অৱশ্যে, ভাৰতে ইয়াৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ ব্যৰ্থ হয় ৷ তৃতীয় কোৱাৰ্টাৰত বেলজিয়ামৰ থিবিউ ষ্টকব্ৰোকছ (33') আৰু জন-জন ড’মেনে (44') গ'ল কৰি বেলজিয়ামক ভাৰতৰ পৰা 2-1 ৰ অগ্ৰগতি প্ৰদান কৰাৰ ফলত খেলখন ভাৰতৰ হাতৰ পৰা পিছলি যায় ৷

এই জয়েৰে বৰ্তমানৰ অলিম্পিক চেম্পিয়ন বেলজিয়ামে পেৰিছত জয়ৰ ধাৰা অব্যাহত ৰাখিছে ৷ ভাৰতক পৰাস্ত কৰাৰ পূৰ্বে আয়াৰলেণ্ডক 2-0 গ’লত পৰাস্ত কৰি নিউজীলেণ্ডৰ বিৰুদ্ধে 2-1 গ’লত জয়লাভ কৰাৰ লগতে টকিঅ’ 2020 ৰ ৰূপৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6-2 গ’লত জয়লাভ কৰে দলটোৱে ৷

বেলজিয়ামৰ বিৰুদ্ধে খেলখনত পৰাজয় স্বত্বেও, ভাৰত গ্ৰুপ-বিৰ শীৰ্ষ-4 ত থাকিবলৈ সাজু হৈছে ৷ ভাৰতৰ উপৰিও বেলজিয়ামে পুৰুষৰ হকী কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে ৷

লগতে পঢ়ক : বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নিশান্ত দেৱৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.