ETV Bharat / sports

পেৰিছ অলিম্পিক 2024 : এথলেটিকছৰ ইতিহাস, ক্ৰীড়া, ভাৰতীয় দলৰ নামজ্বলা খেলুৱৈ আৰু ইভেণ্টসমূহ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 7:38 PM IST

Paris Olympics 2024 : ভাৰতৰ 29 গৰাকী খেলুৱৈয়ে চলিত বৰ্ষৰ পেৰিছ অলিম্পিকৰ এথলেটিকছৰ বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই প্ৰতিবেদনত খেলবিধৰ ইতিহাস, খেলৰ মুখ্য খেলুৱৈ, পেৰিছ গেমছৰ বাবে ভাৰতীয় দল আৰু এই খেলত ভাৰতৰ ট্ৰেক ৰেকৰ্ডৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে ৷

Paris Olympics 2024
পেৰিছ অলিম্পিক 2024 (ANI)

স্প’ৰ্টছ ডেস্ক, 21 জুলাই: পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ বাকী আছে 5 দিন ৷ প্ৰতিবাৰৰ দৰে এইবাৰো সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব এথলেটিকছসকলৰ ওপৰত, যি হৈছে অলিম্পিকৰ সৰ্বাধিক উপভোগযোগ্য ক্ৰীড়া । এই খেলৰ ইতিহাস বহুত পুৰণি ।

পেৰিছ অলিম্পিকৰ পূৰ্বে এই খেলৰ যাত্ৰা আৰু একাংশ নামজ্বলা খেলুৱৈৰ লগতে এথলেটিকছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ লগতে ভাৰতৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত এক দৃষ্টি নিক্ষেপ কৰি এই প্ৰতিবেদন যুগুত কৰা হৈছে ৷

অলিম্পিকত এথলেটিকছৰ ইতিহাস

1896 চনত আধুনিক অলিম্পিক আৰম্ভ হোৱাৰ পৰা প্ৰতিটো সংস্কৰণতে এথলেটিকছ খেলা হৈছে । আধুনিক অলিম্পিক কাৰ্যসূচীত অন্তৰ্ভুক্ত থাকে স্প্ৰিণ্ট, হৰ্ডলছ, ৰিলে, মধ্য আৰু দীঘলীয়া দূৰত্বৰ দৌৰ, ৰেচ ৱাক, মাৰাথন, জাম্প, থ্ৰ’ আৰু সংযুক্ত ইভেণ্ট ।

1900 চনৰ পৰা 1920 চনলৈ এথলেটিকছত অংশগ্ৰহণ কৰা ইভেণ্টবোৰৰ যথেষ্ট পৰিৱৰ্তন হৈছিল ৷ কিন্তু হ্ৰস্ব ৰেচৱাক অন্তৰ্ভুক্ত কৰাৰ পিছত 1952 সংস্কৰণৰ পৰা এক স্থিৰ সূচী নিৰ্ধাৰণ কৰা হৈছে । 1976 চনৰ সংস্কৰণৰ পিছত লং ৰেচৱাক আঁতৰোৱাৰ বাহিৰে সূচীত কোনো পৰিৱৰ্তন কৰা হোৱা নাই । 1928 চনৰ সংস্কৰণত মহিলা খেলুৱৈসকলৰ অনুষ্ঠানবোৰ অন্তৰ্ভুক্ত কৰা হৈছিল ৷ আনহাতে, 2020 চনৰ অলিম্পিকত যোগ দিয়া হৈছিল মিক্সড ইভেণ্ট ৷

এই খেলৰ কেইগৰাকীমান নামজ্বলা খেলুৱৈ

  1. পাভো নুৰ্মী : অলিম্পিকত ট্ৰেক এণ্ড ফিল্ডত অংশগ্ৰহণ কৰি পাভো নুৰ্মীয়ে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল । মধ্য দূৰত্বৰ দৌৰবিদগৰাকীয়ে অলিম্পিকৰ ইতিহাসত 12 টাকৈ পদক জিকিছিল, যাৰ ভিতৰত আছিল 9 টা সোণৰ পদক । 'ফ্লাইং ফিন' হিচাপে জনাজাত নুৰ্মীয়ে এণ্টৱাৰ্প 1920 ত তিনিটা সোণ আৰু এটা ৰূপৰ পদক আৰু চাৰি বছৰ পিছত পাঁচটা সোণৰ পদক জিকিছিল । নুৰ্মীয়ে আমষ্টাৰডামত এটা সোণ আৰু দুটা ৰূপৰ পদক জিকিছিল আৰু এথলেটিকছত এক সুকীয়া আসন দখল কৰিছিল ৷
  2. কাৰ্ল লুইছ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্ল লুইছ অলিম্পিকৰ ইতিহাসত আন এজন নামজ্বলা খেলুৱৈ আছিল । আগশাৰীৰ স্প্ৰিণ্টাৰ আৰু লং জাম্পাৰগৰাকীয়ে গেমছৰ কাৰ্নিভেলত মুঠ 10 টা পদক জিকিছে । লুইছে 1984 চনত লছ এঞ্জেলছত 4 টা সোণৰ পদক জিকাৰ চাৰি বছৰ পিছত ছিউলত 2 টা সোণ আৰু এটা ৰূপৰ পদক জিকিছিল । লুইছে পৰৱৰ্তী কেইটামান সংস্কৰণত আৰু 3 টা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আমেৰিকাৰ খেলুৱৈগৰাকীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেওঁৰ অলিম্পিক কেৰিয়াৰ সমাপ্ত কৰিছিল ।
  3. এলিচন ফেলিক্স: আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলিচন ফেলিক্স হৈছে এথলেটিকছত দুটা অংকত পদক জয় কৰা একমাত্ৰ মহিলা খেলুৱৈ । অলিম্পিকত তেওঁৰ আধিপত্য 2004 চনৰ পৰা 2020 চনলৈ চলিছিল ৷ খেলুৱৈগৰাকীয়ে মুঠ 11 টা পদক জিকিছিল, যাৰ ভিতৰত আছিল 7 টা সোণ ৷ ফেলিক্সে 2004 চনত এথেন্সত ৰূপৰ পদক জিকিছিল আৰু তাৰপিছত পৰৱৰ্তী সংস্কৰণত ৰূপ আৰু এটা স্বৰ্ণ জয় কৰিছিল । 2012 চনৰ অলিম্পিকত তেওঁ সৰ্বাধিক তিনিটাকৈ সোণৰ পদক জিকিছিল । পৰৱৰ্তী দুটা সংস্কৰণত আৰু পাঁচটা প’ডিয়ামৰ পিছত অলিম্পিকৰ ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে লিখা যায় ৷
  4. উছেইন বোল্ট: উছেইন বোল্টৰ নাম অলিম্পিকৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিয়নো জামাইকান এই খেলুৱৈগৰাকীয়ে আনৰ দৰে স্প্ৰিণ্টত আধিপত্য বিস্তাৰ কৰিছিল । তেওঁ অলিম্পিকৰ ইতিহাসত 8 টা পদক জিকিছিল আৰু সেই সকলোবোৰত প্ৰথম স্থান লাভ কৰিছিল ।

এথলেটিকছত ভাৰতৰ ইতিহাস কেনেকুৱা?

ভাৰতে 1900 চনৰ অলিম্পিকৰ বাবে নৰমান প্ৰিচাৰ্ডৰ ৰূপত মাত্ৰ এজন সদস্যক পঠিয়াইছিল । খেলুৱৈগৰাকীয়ে পুৰুষৰ 200 মিটাৰ হৰ্ডলছত দুটা ৰূপৰ পদক জিকিছিল । অৱশ্যে 2005 চনত বিশ্ব এথলেটিকছে(ডব্লিউএ) ঐতিহাসিক তথ্য প্ৰকাশ কৰে, যিয়ে দেখুৱায় যে প্ৰিচাৰ্ডে গ্ৰেট ব্ৰিটেইনক প্ৰতিনিধিত্ব কৰিছিল । অৱশ্যে আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে স্বীকাৰ কৰিছিল যে, তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । এনেদৰে প্ৰিচাৰ্ডৰ ৰাষ্ট্ৰীয়তা সম্পৰ্কে এতিয়াও বিতৰ্ক বাকী আছে ।

ভাৰতে ভাৰতীয় অলিম্পিক সংস্থাৰ(আইঅএ) অধীনত ইয়াৰ প্ৰথম অলিম্পিক দলটো 1920 চনৰ এণ্টৱাৰ্প গেমছলৈ প্ৰেৰণ কৰিছিল । এথলেটিকছত চাৰিজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল কিন্তু কোনেও তেওঁলোকৰ প্ৰদৰ্শনত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে । 1924 চনত দিলীপ সিঙে 6.635 জাম্পেৰে লং জাম্পৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে যদিও ফাইনেলত প্ৰৱেশৰ যুঁজত খেলুৱৈগৰাকী ব্যৰ্থ হয় ৷ ইয়াৰে প্ৰায় 24 বছৰৰ পিছত গুৰনাম সিঙে পুৰুষৰ হাই জাম্পৰ ফাইনেলত প্ৰৱেশ কৰি আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰে ।

ইয়াৰ পিছত 1960 বৰ্ষত ভাৰতীয় অনুৰাগীসকলৰ সকলো আশা মিলখা সিঙৰ ওপৰতে আছিল ৷ কিন্তু ভাৰতীয় খেলুৱৈগৰাকীয়ে অলপৰ বাবেহে ব্ৰঞ্জৰ পদকটো অৰ্জনৰ পৰা বঞ্চিত হৈছিল ৷ খেলুৱৈগৰাকীক প্ৰয়োজন হৈছিল 45.600 সময়ৰ, আনহাতে, ব্ৰঞ্জ পদক বিজয়ী খেলুৱৈগৰাকীয়ে 45.500 সময়তে নিজ লক্ষ্যত উপনীত হৈছিল ৷

গুৰবচন সিং ৰান্ধৱাই পৰৱৰ্তী সংস্কৰণত পুৰুষৰ 110 মিটাৰ হৰ্ডলছত এক আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়, যিহেতু তেওঁ 10 জন খেলুৱৈৰ ভিতৰত পঞ্চম স্থান লাভ কৰে । অলিম্পিকত পৰৱৰ্তী দৰ্শনীয় প্ৰদৰ্শন আছিল অঞ্জু ববী জৰ্জৰ, যিয়ে 2004 চনত এথেন্সত মহিলাৰ লং জাম্পৰ ফাইনেলত 6.83 জাপেৰে পঞ্চম স্থান লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল ।

এথলেটিকছত নীৰজ চোপ্ৰাৰ সোণৰ পদক জয়

নীৰজ চোপ্ৰাই এথলেটিকছত ভাৰতৰ হৈ সোণৰ পদক জিকিছিল । নীৰজে 2020 চনত টকিঅ' অলিম্পিকত জেভলিন শাখাত 87.58 মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই সোণৰ পদক অৰ্জন কৰাৰ লগতে ইতিহাস সৃষ্টি কৰিছিল । নীৰজৰ কৃতিত্বই বহুতকে জেভলিন থ্ৰ’ক পেছা হিচাপে ল'বলৈ অনুপ্ৰাণিত কৰে আৰু তৃণমূল পৰ্যায়ৰ পৰা এই খেলত দেশক প্ৰতিনিধিত্ব কৰিবলৈ অধিকসংখ্যক খেলুৱৈ আগবাঢ়ি আহে ।

পেৰিছ অলিম্পিকত ভাৰতৰ এথলেটিকছ দল

2024 চনৰ পেৰিছ অলিম্পিকত 29 জনীয়া দলটোৱে এথলেটিকছত দেশক প্ৰতিনিধিত্ব কৰিব ৷ এই শাখাত নীৰজ চোপ্ৰাৰ পদক জয়ৰ সম্ভাৱনা সৰ্বাধিক ৷ এই বছৰ নীৰজে ফেডাৰেচন কাপত সোণৰ পদক জিকি পাভো নুৰ্মীক অতিক্ৰম কৰি এই শাখাত শীৰ্ষস্থান দখল কৰে । খেলুৱৈগৰাকীয়ে ডোহা ডায়মণ্ড লীগত দ্বিতীয় স্থান লাভ কৰিছিল আৰু ভাৰতে অলিম্পিকত নিজৰ প্ৰদৰ্শন অব্যাহত ৰাখি পদক জিকিব বুলি আশা কৰিছে । নীৰজৰ বাহিৰে দলৰ আন কোনো সদস্যই পদকৰ দাবীদাৰ হোৱা দেখা নাযায় ৷ কিন্তু বিশ্বৰ সৰ্ববৃহৎ মঞ্চখনত ব্যতিক্ৰমী প্ৰদৰ্শনে খেলুৱৈসকলৰ বাবে প’ডিয়াম ফিনিছ নিশ্চিত কৰিব পাৰে ।

ভাৰতৰ 29 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিব

  1. সৰ্বেশ কুশৰে: পুৰুষৰ হাই জাম্প
  2. নীৰজ চোপ্ৰা: পুৰুষৰ জেভলিন থ্ৰ’
  3. কিশোৰ কুমাৰ জেনা: পুৰুষৰ জেভলিন থ্ৰ’
  4. অবিনাশ চেবল: পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজ
  5. পাৰুল চৌধুৰী: মহিলাৰ 3000 মিটাৰ ষ্টিপলচেজ
  6. অক্ষদীপ সিং: পুৰুষৰ 20 কিল’মিটাৰ ৰেচৱাক
  7. বিকাশ সিং: পুৰুষৰ 20 কিল’মিটাৰ ৰেচৱাক
  8. তাজিন্দৰপাল সিং টুৰ: পুৰুষৰ শ্বটপুট
  9. পৰমজিৎ বিষ্ট: পুৰুষৰ 20 কিল’মিটাৰ ৰেচৱাক
  10. সূৰজ পানৱাৰ: পুৰুষৰ 20 কিল’মিটাৰ ৰেচৱাক মিশ্ৰিত ৰিলে
  11. প্ৰিয়ংকা গোস্বামী: মিক্সড মাৰাথন ৰেচৱাক
  12. মহম্মদ আজমল ভাৰিয়াথোডি : পুৰুষৰ 4X400 মিটাৰ ৰিলে
  13. সন্তোষ কুমাৰ তামিলাৰাচন: পুৰুষৰ 4X400 মিটাৰ ৰিলে
  14. ৰাজেশ ৰমেশ: পুৰুষৰ 4X400 মিটাৰ ৰিলে
  15. আমোজ জেকব: পুৰুষৰ 4X400 মিটাৰ ৰিলে
  16. মহম্মদ আনাছ য়াহিয়া: পুৰুষৰ 4X400 মিটাৰ ৰিলে
  17. আব্দুল্লাহ আবুবেকাৰ: পুৰুষৰ ট্ৰিপল জাম্প
  18. প্ৰবীণ চিত্ৰভেল: পুৰুষৰ ট্ৰিপল জাম্প
  19. জেচউইন এল্ড্ৰিন: পুৰুষৰ লং জাম্প
  20. অন্নু ৰাণী: মহিলাৰ জেভলিন থ্ৰ’
  21. পহল কিৰণ: মহিলাৰ 400 মিটাৰ, মহিলাৰ 4X400 মিটাৰ ৰিলে
  22. জ্যোতি য়াৰাজী: মহিলাৰ 100 মিটাৰ বাধা
  23. অংকিতা: মহিলাৰ 5000 মিটাৰ
  24. জ্যোতিকা শ্ৰী দাণ্ডি: মহিলাৰ 4X400 মিটাৰ ৰিলে
  25. পুভাম্মা ৰাজু মাচেটিৰা: মহিলাৰ 4X400 মিটাৰ ৰিলে
  26. শোভা ভেংকটেশন: মহিলাৰ 4X400 মিটাৰ ৰিলে
  27. বিত্য ৰামৰাজ: মহিলাৰ 4X400 মিটাৰ ৰিলে
  28. প্ৰাচী: ৰিজাৰ্ভ এথলীট
  29. মিজো চাকো: ৰিজাৰ্ভ এথলীট

লগতে পঢ়ক: পেৰিছ অলিম্পিকত ভাৰতৰ কোন ৰাজ্যৰ কোনে কোনে অংশ ল’ব ? - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.