ETV Bharat / sports

অলিম্পিক অভিযানৰ অন্ত পৰিল দীপিকা কুমাৰীৰ : কোৱাৰ্টাৰ ফাইনেলত কোৰিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 7:32 PM IST

Paris Olympics Archery : মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ নাম ছুহিয়নৰ হাতত ৪-৬ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰী। ইয়াৰ লগে লগে দীপিকাৰ অলিম্পিক অভিযানৰ অন্ত পৰিল। সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics Archery
কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত দীপিকা কুমাৰী (AP Photo)

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : পেৰিছ অলিম্পিক 2024ত অভিযানত অন্ত পৰিল ভাৰতীয় অভিজ্ঞ আৰ্চাৰ দীপিকা কুমাৰীৰ ৷ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় ধনুৰ্বিদগৰাকী কোৰিয়ান প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয় আৰু ইয়াৰ লগে লগে তেওঁ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰি বাহিৰ হয় ৷ কোৱাৰ্টাৰ ফাইনেল খেলখনত দীপিকা কুমাৰীক কোৰিয়াৰ নাম ছুহিয়নে 4-6 ব্যৱধানত পৰাস্ত কৰে ৷ ইয়াৰ লগে লগে দীপিকাৰ পেৰিছ অলিম্পিক অভিযানৰো অন্ত পৰিল ৷

ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ল দীপিকা কুমাৰী :

ছেমি ফাইনেলত প্ৰৱেশৰ পৰা আঁতৰি আছে দীপিকা কুমাৰী ৷ প্ৰথমখন খেলত দীপিকাই প্ৰথমটো শ্বট 9, দ্বিতীয়টো 10 আৰু তৃতীয়টো 9 ত আঘাত কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বীয়ে প্ৰথমটো ছেট 10, দ্বিতীয়টো 8 আৰু তৃতীয়টো 8 ত আঘাত কৰে ৷ এই ছেটত দীপিকাই 28-26 ব্যৱধানত জয়লাভ কৰে ৷ দ্বিতীয়খন খেলত কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথমটো শ্বট 9, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয়টো শ্বট 8 ত আঘাত কৰে ৷ দীপিকাই প্ৰথম শ্বট 10, দ্বিতীয় শ্বট 6 আৰু তৃতীয় শ্বট 8 মাৰি 28-25 ব্যৱধানত পৰাস্ত হয় ৷

তৃতীয়খন খেলত দীপিকাই প্ৰথমটো শ্বট 10, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয়টো শ্বট 10তচ আঘাত কৰে ৷ আনহাতে কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথম শ্বটত 10, দ্বিতীয় শ্বটত 10 আৰু তৃতীয় শ্বটত 9 ত আঘাত কৰে ৷ ইয়াৰ লগে লগে দীপিকাই মেচখন 29-28 ব্যৱধানত জয়লাভ কৰে ৷ চতুৰ্থখন খেলত কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথমটো শ্বট 10, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয়টো শ্বট 10 ত আঘাত কৰে ৷দীপিকা কুমাৰীয়ে প্ৰথম শ্বট 10, দ্বিতীয় শ্বট 7 আৰু তৃতীয় শ্বট 10 ত আঘাত কৰে ৷ ইয়াৰ লগে লগে দীপিকাই এই ছেটত 27-29 ব্যৱধানত পৰাস্ত হয় ৷

লগতে পঢ়ক : কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন দীপিকা কুমাৰীৰ, বাহিৰ হ’ল ভজন কৌৰ - Paris Olympics 2024

নিৰ্ণায়ক খেলত পৰাস্ত হয় দীপিকা :

পঞ্চমখন খেলত দীপিকা কুমাৰীয়ে প্ৰথম শ্বট 9, দ্বিতীয় শ্বট 9 আৰু তৃতীয় শ্বট 9 ত আঘাত কৰে ৷ কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথমটো শ্বট 10, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয় শ্বটটো 10 ত আঘাত কৰে ৷ এই ছেটত 28-29 ব্যৱধানত পৰাস্ত হয় দীপিকা কুমাৰী ৷ ইয়াৰ পূৰ্বে 1/8 এলিমিনেচন ৰাউণ্ডৰ খেলখনত দীপিকা কুমাৰীয়ে জাৰ্মানীৰ মিচেল ক্ৰপেনৰ বিৰুদ্ধে খেলিছিল, য’ত দীপিকাই 6-4 ব্যৱধানত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ কিন্তু কোৱাৰ্টাৰ ফাইনেলত কোৰিয়ান খেলুৱৈগৰাকীক পৰাস্ত কৰিব নোৱাৰি বাহিৰ হয় তেওঁ ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ হকী কোৱাৰ্টাৰ ফাইনেল : কেতিয়া আৰু কাৰ মুখামুখি হ’ব ভাৰত ? - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.