ETV Bharat / sports

ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ অলিম্পিক অভিযান সমাপ্ত - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 1, 2024, 5:21 PM IST

Paris Olympics 2024: ২০২৪ চনৰ পেৰিছ অলিম্পিকত বৃহস্পতিবাৰে ভাৰতে এক বৃহৎ বিফলতাৰ সন্মুখীন হয় । তাৰকা বক্সাৰ নিখাত জাৰিনে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয় ।

Paris Olympics 2024
ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ অলিম্পিক অভিযান সমাপ্ত (AP Photo)

স্পৰ্টছ ডেস্ক,১ আগষ্ট : পেৰিছ অলিম্পিকত ভাৰতৰ সন্মুখত আন এক হতাশা । বৃহস্পতিবাৰে ভাৰতৰ তাৰকা বক্সাৰ নিখাত জাৰিনে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হয় । পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কিলোগ্ৰামৰ ৰাউণ্ড অফ ১৬ৰ বাউটত ভাৰতীয় বক্সাৰ নিখাত জাৰিন চীনৰ উ য়ুৰ হাতত ৫-০ পইণ্টত পৰাস্ত হয় । এই পৰাজয়ৰ লগে লগে জাৰিনৰ প্ৰথম অলিম্পিক অভিযানৰ সমাপ্তি ঘটে ।

জাৰিনৰ অলিম্পিক অভিযান সমাপ্ত

ভাৰতৰ ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছিল যে নিখাত জাৰিনে পেৰিছত পদক লাভ কৰিবলৈ সক্ষম হ'ব । কিন্তু সেই আশাত চেঁচাপানী পৰিল । জাৰিনে চীনা বক্সাৰৰ হাতত পৰাজিত হয় আৰু পেৰিছ অলিম্পিকৰ যাত্ৰা সমাপ্ত কৰে । চীনৰ প্ৰথম শ্ৰেণীৰ উ য়ুৱে আক্ৰমণাত্মক শৈলীৰে খেল আৰম্ভ কৰে । প্ৰথম ৰাউণ্ডৰ পৰাই চীনা বক্সাৰে জাৰিনৰ ওপৰত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে । অৱশ্যে, দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতৰ নিখাত জাৰিনে দ্বিতীয় ৰাউণ্ডত এক চমৎকাৰী প্ৰত্যাৱৰ্তন কৰে কিন্তু অৱশেষত চীনা বক্সাৰে ৰাউণ্ডটোত জয়ী হয় ।

বিশ্ব চেম্পিয়ন চীনা বক্সাৰৰ হাতত নিখাত পৰাস্ত

জাৰিনক তৃতীয় ৰাউণ্ডত ভাগৰুৱা যেন দেখা গৈছিল আৰু তৃতীয় ৰাউণ্ডটোও চীনা বক্সাৰে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় । বৰ্তমানৰ ৫২ কিলোগ্ৰাম বিশ্ব চেম্পিয়ন তথা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী চীনৰ উ য়ু এই বিজয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । তেওঁ প্ৰথম অলিম্পিক পদক নিশ্চিত কৰাৰ পৰা মাত্ৰ এক জয় দূৰত আছে ।

পৰাজয়ৰ পূৰ্বে ভাৰতৰ ২৮ বছৰীয়া জাৰিনে এৰিনা পেৰিছ নৰ্ডত অনুষ্ঠিত ৰাউণ্ড অফ ৩২ খেলত সৰ্বসন্মত সিদ্ধান্তৰ দ্বাৰা জাৰ্মানীৰ মেক্সি কেৰিনা ক্লয়েৎজাৰক পৰাস্ত কৰি ৰাউণ্ড অফ ১৬ বাউটত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকত স্বপ্নিলে দিলে ভাৰতক তৃতীয়টো পদক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.