ETV Bharat / sports

পাকিস্তানৰ লজ্জাজনক কাহিনী: ক্ৰিকেট খেল বন্ধ কৰি খেলপথাৰৰ মাজতে চাবুকেৰে কোবোৱা হৈছিল এজন ব্যক্তিক - Pakistan cricket

author img

By ETV Bharat Sports Team

Published : Sep 10, 2024, 3:40 PM IST

Pakistan cricketer Ramiz Raja: পাকিস্তানত প্ৰায়ে সংঘটিত হয় অদ্ভুত ঘটনা । আজি আমি আপোনালোকক ক'ম এনে এটা ঘটনাৰ বিষয়ে য'ত ক্ৰিকেট খেলপথাৰত নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰা হৈছিল । সম্পূৰ্ণ খবৰ পঢ়ক...

Pakistan cricketer Ramiz Raja
PAKISTAN CRICKET (IANS)

স্প’ৰ্টছ ডেস্ক, ১০ ছেপ্টেম্বৰ: পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ ৰমীজ ৰাজা প্ৰায়ে নিজৰ বক্তব্যৰ বাবে বাতৰিৰ শিৰোনামত থাকে । বহু সময়ত তেওঁ বহু খেলুৱৈক লৈ ডাঙৰ ডাঙৰ বক্তব্য দিছে, যাৰ বাবেই তেওঁ চৰ্চালৈ আহে ৷ কিন্তু আজি আমি আপোনালোকক তেওঁৰ এনে এক বক্তব্যৰ বিষয়ে ক’বলৈ ওলাইছো, যিটো মন্তব্য তেওঁ কোনো ক্ৰিকেটাৰৰ বিষয়ে নহয়, পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান প্ৰয়াত মহম্মদ জিয়া উল হকৰ বিষয়ে কৰিছে ।

Pakistan cricketer Ramiz Raja
ৰমীজ ৰাজা (IANS)

ক্ৰিকেট খেল বন্ধ কৰি খেলপথাৰৰ মাজতে চাবুকেৰে কোবাইছিল মানুহক

মহম্মদ জিয়া উল হকে পাকিস্তানত জাৰি কৰা সামৰিক আইন সম্পৰ্কীয় ঐতিহাসিক আৰু পুৰণিকাণ্ডৰ বিষয়ে ব্যক্তিগত ইউটিউব চেনেলত প’ডকাষ্টত ৰমীজ ৰাজাই উল্লেখ কৰে । ৰাজাই কয়, ‘‘জিয়া উল হকে সামৰিক আইন জাপি দিছিল । আমি গুজৰাণৱালাত চাৰিদিনীয়া প্ৰথম শ্ৰেণীৰ মেচ খেলি আছিলো । ষ্টেডিয়ামখন খালী হৈ আছিল, হঠাতে মানুহ আহিবলৈ ধৰিলে । ৫০০ জনীয়া গ্ৰুপ, ১০০০ জনীয়া গ্ৰুপ, ১০ জনীয়া গ্ৰুপ, এনেকৈয়ে মানুহ আহিবলৈ ধৰিলে । ষ্টেডিয়ামখন আঠ-দহ হাজাৰ লোকেৰে ভৰি পৰিছিল । আমি ক’লোঁ, নাজানো কিয় এনেকুৱা হ’ব লগা আছিল । ইয়াৰ পিছত কিছু পুলিচ তালৈ আহিল । তেওঁ সুধিলে কেপ্তেইন কোন ? মই অধিনায়ক আছিলো আৰু খেলপথাৰতে আছিলো । আৰক্ষীয়ে ক’লে, উইকেট আঁতৰাই দিয়ক, ইয়াত চাবুকেৰে কোবোৱা হ’ব । আমি এই বন্দীজনক শাস্তি স্বৰূপে কোবাবলৈ ওলাইছো ।’’

ৰমীজে আৰু কয়, ‘‘আমি আচৰিত হৈছিলো । সেই সময়ত বন্দীজন আৰক্ষীৰ লগত আছিল, তেওঁলোকৰ লগত চাবুকো আছিল । ইয়াৰ পিছত আমি সকলো খেলুৱৈয়েই খেলপথাৰখনত এটা শাৰীত থিয় হ’লোঁ ৷ চাবুক মাৰি থকা মানুহজনে বন্দীজনক থিয় কৰি হাৰিছ ৰৌফৰ দৰে দীঘলীয়া ৰানআপ লৈ চাবুক মাৰিবলৈ ধৰিলে । সি আঃ চিঞৰিবলৈ ধৰিলে... কিন্তু সি সেই ভিৰৰ নায়ক হৈ পৰিল । এই সময়ত আমাৰ অৱস্থা বেয়া হৈ পৰিল । ইয়াৰ পিছত আমি পুনৰ তাত উইকেট স্থাপন কৰিলোঁ আৰু ১০ হাজাৰৰ দৰ্শকৰ সমগ্ৰ ভিৰ নোহোৱা হৈ গ’ল । আমি আকৌ মেচখন খেলিবলৈ আৰম্ভ কৰিলোঁ । মোৰ বাবে এইটো আছিল এক ঐতিহাসিক মুহূৰ্ত ।’’

মহম্মদ জিয়া উল হক কোন আছিল ?

মহম্মদ জিয়া উল হক আছিল পাকিস্তান সেনাৰ এজন বিষয়া । তেওঁ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিও আছিল । তেওঁ একনায়কত্ববাদী হিচাপেও পৰিচিত আছিল । খঙাল মনোভাৱ আৰু কঠোৰ সিদ্ধান্তৰ বাবে তেওঁ সদায় পৰিচিত আছিল । তেওঁ পাকিস্তানৰ দ্বিতীয় সেনা প্ৰধান আৰু দেশৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

জিয়া উল হকে ১৯৭৬ চনৰ ১ মাৰ্চৰ পৰা মৃত্যুৰ আগলৈকে পাকিস্তানী সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৮৮ চনৰ ১৭ আগষ্টত সুটলেজ নদীৰ সমীপৰ বাহাৱালপুৰত বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়, য’ত তেওঁৰ ঘনিষ্ঠ সহযোগী আখতাৰ আব্দুৰ ৰেহমান, আমেৰিকাৰ কূটনীতিবিদ আৰ্নল্ড লুইছ ৰাফেল আৰু আন ২৭ জন লোকৰো মৃত্যু হয় ।

কেনে আছিল ৰমীজ ৰাজাৰ যাত্ৰা ?

উল্লেখ্য যে ৰমীজ ৰাজা আশী আৰু নব্বৈৰ দশকত পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক আছিল । পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ অধিনায়কত্বত ১৯৯২ চনৰ ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা দলটোৰ অংশ আছিল ৰমীজ । ইয়াৰ সমান্তৰালকৈ তেওঁ ২০২১ চনৰ পৰা ২০২২ চনলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।

আজিকালি তেওঁক খেলপথাৰত ধাৰাভাষ্যকাৰ হিচাপে দেখা যায়, ইয়াৰ লগতে তেওঁ নিজৰ ইউটিউব চেনেল ‘ৰমীজ স্পীকছ’ খুলিছে, য’ত তেওঁ প্ৰায়ে নিজৰ মতামত শ্বেয়াৰ কৰে । পাকিস্তানৰ হৈ ৫৭খন টেষ্ট মেচৰ ৯৪ ইনিংছত ২ শতক আৰু ২২টা অৰ্ধশতকৰে ২৮৩৩ ৰান সংগ্ৰহ কৰিছিল ৰমীজ ৰাজাই । ১৯৮ খন এদিনীয়া মেচত ৯ শতক আৰু ৩১ টা অৰ্ধশতকৰে তেওঁৰ নামত ৫৮১৪ ৰান আছে ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট চেম্পিয়নশ্বিপৰ নাম কেনেকৈ হ’ল ৰঞ্জী ট্ৰফী : জানো আহক ইতিহাস - History of Ranji Trophy

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত ভাৰত : পাকিস্তানৰ অৱস্থা শোচনীয় - Sri Lanka defeated England

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.