ETV Bharat / sports

প্ৰথমে বিবাহ বিচ্ছেদ, এতিয়া মেচ ফিক্সিং: পাকিস্তানী অধিনায়কৰ বিৰুদ্ধে প্ৰমাণৰ সৈতে অভিযোগ - PAKISTAN CRICKETER MATCH FIXING

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 5:48 PM IST

Pakistani Cricketer involved in match fixing: পাকিস্তানৰ এগৰাকী প্ৰাক্তন অধিনায়কৰ বিৰুদ্ধে উত্থাপিত হৈছে মেচ ফিক্সিঙৰ অভিযোগ ৷ এই ক্ৰিকেটাৰগৰাকীৰ আছিল ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক ৷ ক্ৰিকেটাৰগৰাকীৰ মেচ ফিক্সিঙৰ খবৰে জোকাৰিছে পাকিস্তানৰ ক্ৰিকেট জগত ৷ পঢ়ক বিতং খবৰ...

PAKISTAN CRICKETER MATCH FIXING
ছোৱাইব মালিক (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: পাকিস্তানী ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে প্ৰায়ে উত্থাপিত হয় মেচ ফিক্সিঙৰ অভিযোগ ৷ পুনৰ এবাৰ পাকিস্তানৰ এজন অভিজ্ঞ ব্যক্তিয়ে এগৰাকী নামজ্বলা ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে মেচ ফিক্সিং কৰাৰ অভিযোগ ৷

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ বাসিত আলীয়েও ফিক্সিঙৰ অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰমাণ দাখিলৰ প্ৰসংগ উত্থাপন কৰিছে । কিংবদন্তী ক্ৰিকেটাৰজনৰ এই মন্তব্যই পুনৰ এবাৰ ক্ৰিকেট জগতত জোকাৰণিৰ সৃষ্টি কৰিছে ৷

বাসিত আলীয়ে উত্থাপন কৰিছে ফিক্সিঙৰ অভিযোগ

পাকিস্তানৰ বাসিন্দা বাসিত আলীয়ে দেশখনৰ ক্ৰিকেট দলটোৰ অলৰাউণ্ডাৰ তথা ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ প্ৰাক্তন স্বামী ছোৱাইব মালিকৰ বিৰুদ্ধে উত্থাপন কৰিছে মেচ ফিক্সিঙৰ অভিযোগ ৷

PAKISTAN CRICKETER MATCH FIXING
ছোৱাইব মালিক (IANS PHOTOS)

বাসিতে অভিযোগ অনুসৰি কৈছিল যে, "যিজনে নিজৰ দেশৰ কথা নাভাবে, তেওঁক দলত স্থান দিয়া উচিত নাছিল । যিজনে বিশ্বাস কৰে যে, মই ইচ্ছাকৃতভাৱে এই মেচখন হেৰুৱাইছিলো, তেওঁক এগৰাকী পৰামৰ্শদাতা হিচাপে নিযুক্তি দিব নালাগিছিল । যদি মোৰ কথাৰ প্ৰমাণৰ প্ৰয়োজন হয়, মই দিম । ৰমিজ ৰাজা সাবাহে ছোৱাইব মালিকৰ সাক্ষাৎকাৰ লৈছিল আৰু মন কৰিব তেওঁ ইয়াত কি কৈছিল"।

এইসকল পাকিস্তানী ক্ৰিকেটাৰসকলৰ ওপৰত আছে ফিক্সিঙৰ অভিযোগ

পাকিস্তানী ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হোৱাতো কোনো নতুন ঘটনা নহয় ৷ ইতিমধ্যে বহুকেইগৰাকী পাকিস্তানী ক্ৰিকেটাৰ মেচ ফিক্সিঙৰ গোচৰত ধৰা পৰিছে । পাকিস্তানী ক্ৰিকেটাৰ ছেলিম মালিককো মেচ ফিক্সিঙৰ বাবে ক্ৰিকেটৰ পৰা আজীৱন নিষিদ্ধ কৰা হৈছিল ৷ লগতে মহম্মদ আমিৰকো মেচ ফিক্সিঙৰ বাবে নিষিদ্ধ কৰা হৈছিল ।

PAKISTAN CRICKETER MATCH FIXING
ছোৱাইব মালিক (IANS PHOTOS)

এই তালিকাত থকা অন্যান্য পাকিস্তানী ক্ৰিকেটাৰসকল হৈছে ক্ৰমে- প্ৰাক্তন অধিনায়ক ছলমান বাট, পাকিস্তানৰ দ্ৰুত বলাৰ মহম্মদ আছিফ, দানিশ কানেৰিয়া আৰু মহম্মদ ইৰফান আদি ৷

প্ৰকৃততে পাকিস্তানত চলি আছে চেম্পিয়নছ এদিনীয়া কাপৰ খেল ৷ এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছোৱাইব মালিকক ষ্টেলিয়নছ দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছে । 12 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন 29 ছেপ্টেম্বৰত সমাপ্ত হ'ব ।

এই সময়তে বাসিত আলীয়ে ছোৱাইবৰ বিৰুদ্ধে ফিক্সিঙৰ অভিযোগ উত্থাপন কৰিছে, যিটো এক লজ্জাজনক কথা ।

লগতে পঢ়ক: জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছতে এইখন দেশত নিষিদ্ধ ক্ৰিকেট - BAN ON CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.