ETV Bharat / sports

ইংলেণ্ড-পাকিস্তানৰ টেষ্ট শৃংখলালৈ অধিনায়ক বেন ষ্ট’কছৰ প্ৰত্যাৱৰ্তন - ENG VS PAK 2ND TEST

ইংলেণ্ড-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় টেষ্টৰ বাবে ঘোষণা কৰা হৈছে দল ৷ প্ৰত্যাৱৰ্তন ঘটাইছে ইংলেণ্ডৰ ক্ৰিকেটাৰ বেন ষ্ট’কছে ৷

ENG VS PAK 2ND TEST
বেন ষ্ট’কছৰ ফাইল ফটো (AP Photos)
author img

By ETV Bharat Sports Team

Published : Oct 14, 2024, 5:07 PM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: মুলতানত ইংলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে অধিনায়ক বেন ষ্ট’কছে । তিনিখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ বাবে ইংলেণ্ডে ঘোষণা কৰিছে মূল একাদশ ।

ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্ট’কছে দলটোৰ হৈ বিগত চাৰিখন টেষ্টত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল ৷ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাতো দেখা পোৱা হোৱা নাছিল খেলুৱৈগৰাকীক ৷

শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাবে ষ্ট’কছক জিৰণি দিয়া হৈছিল ৷ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে সোমবাৰে দ্বিতীয় টেষ্টৰ বাবে ঘোষণা কৰা দলটোত খেলুৱৈগৰাকীক অন্তৰ্ভুক্তিৰ কথা উল্লেখ কৰি কয় যে, অধিনায়কগৰাকী সম্প্ৰতি হেমষ্ট্ৰিঙৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ৷ যি আঘাতৰ বাবে দীৰ্ঘদিনে ষ্ট’কছে খেলপথাৰৰ পৰা বাহিৰত আছিল ৷

আনহাতে, মেথিউ পটছেও দলত স্থান লাভ কৰাৰ বিপৰীতে গাছ এটকিনছন আৰু ক্ৰীছ ৱ’কেছক দিয়া হৈছে জিৰণি । আগষ্টৰ শেষৰফালে শ্ৰীলংকাৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত এখন টেষ্টত অংশগ্ৰহণৰ পিছত টেষ্ট মেচলৈ প্ৰথমবাৰৰ বাবে পটছ উভতি অহাৰ কথা সদৰী কৰে দলটোৱে ৷

আনুষ্ঠানিক বিবৃতিটোত প্ৰকাশ কৰা হৈছে যে, ইংলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ বাবে মূল একাদশৰ নাম ঘোষণা কৰিছে ৷ দল দুটাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ মঙলবাৰৰ পৰা মুলতানত আৰম্ভ হ’ব । দ্বিতীয় টেষ্টৰ পূৰ্বে পাকিস্তানে দলত কৰিছে কিছু সালসলনি ৷

ইংলেণ্ডৰ মূল একাদশ

জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জ’ ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ(অধিনায়ক), জেমি স্মিথ, ব্ৰাইডন কাৰ্ছ, মেট পটছ, জেক লিচ আৰু ছোৱাইব বছিৰ ।

লগতে পঢ়ক: পাকিস্তান ক্ৰিকেট দলত চলিল জেচিবি; বাবৰ-শ্বাহিনকে ধৰি চাৰি ক্ৰিকেটাৰক দেখুৱালে ঘৰৰ ৰাস্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.